--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত তৈয়াৰ কৰা হৈছে এক বিশেষ চকলেট। সেই চকলেট তৈয়াৰ কৰিছে বিজেপিয়ে। কিয় বিশেষ এই চকলেট। এই চকলেট বিশেষ হোৱাৰ কাৰণ হ'ল চকলেটৰ পেকেটত বিজেপিৰ প্ৰতীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি আছে। 

গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে মঙলবাৰে কৈছিল যে ''বিজেপিয়ে দৰিদ্ৰ আৰু পুষ্টিহীন শিশুৰ বাবে পুষ্টিৰে সমৃদ্ধ এক বিশেষ প্ৰকাৰৰ চকলেট তৈয়াৰ কৰিছে। আমাৰ নিৰঞ্জন ভাইয়ে পুষ্টিহীন শিশুসকলৰ বাবে প্ৰস্তুত কৰা চকলেটৰ নমুনা মঙলবাৰে সংসদীয় দলৰ বৈঠকৰ পূৰ্বে সাংসদসকলক দিয়া হৈছিল। চকলেটৰ ৰেপাৰত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক পদুম ফুল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ছবি ৰাখিছো।'' 


উল্লেখ্য যে চকলেট মুকলিৰ কাৰ্যসূচীত মন্ত্ৰী আৰু সাংসদসকলক দিয়া হৈছিল এক বিশেষ টুপী। বিজেপিৰ সংসদীয় দলৰ বৈঠক আৰম্ভ হোৱাৰ আগতে বিজেপিৰ সকলো মন্ত্ৰী আৰু সাংসদক বিশেষ টুপী দিয়া হৈছিল। চাৰিখন ৰাজ্যত বিজয়ৰ পাছত আহমেদাবাদত এটা ৰোড শ্ব'ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পিন্ধা এই একেই টুপী পিন্ধিছিল। ইয়াৰ লগতে সাংসদসকলক এনাৰ্জী বুষ্টাৰ চকলেটো দিয়া হৈছিল। 

এই টুপী আৰু চকলেট গুজৰাট বিজেপিয়ে বিশেষভাৱে প্ৰস্তুত কৰিছে। টুপীটো দলৰ নেতাসকলে বহুত ভাল পাইছে। দিল্লীত বিজেপি সংসদীয় দলে এই টুপী আৰু এনাৰ্জী বুষ্টাৰ চকলেটৰ অৰ্ডাৰ কৰিছে। প্ৰায় ৪০০ জন নেতাক বিজেপিৰ বিশেষ টুপী দিয়া হৈছিল। টুপীত অঁকা হৈছে বিজেপিৰ প্ৰতীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন