--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত তৈয়াৰ কৰা হৈছে এক বিশেষ চকলেট। সেই চকলেট তৈয়াৰ কৰিছে বিজেপিয়ে। কিয় বিশেষ এই চকলেট। এই চকলেট বিশেষ হোৱাৰ কাৰণ হ'ল চকলেটৰ পেকেটত বিজেপিৰ প্ৰতীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি আছে। 

গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে মঙলবাৰে কৈছিল যে ''বিজেপিয়ে দৰিদ্ৰ আৰু পুষ্টিহীন শিশুৰ বাবে পুষ্টিৰে সমৃদ্ধ এক বিশেষ প্ৰকাৰৰ চকলেট তৈয়াৰ কৰিছে। আমাৰ নিৰঞ্জন ভাইয়ে পুষ্টিহীন শিশুসকলৰ বাবে প্ৰস্তুত কৰা চকলেটৰ নমুনা মঙলবাৰে সংসদীয় দলৰ বৈঠকৰ পূৰ্বে সাংসদসকলক দিয়া হৈছিল। চকলেটৰ ৰেপাৰত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক পদুম ফুল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ছবি ৰাখিছো।'' 


উল্লেখ্য যে চকলেট মুকলিৰ কাৰ্যসূচীত মন্ত্ৰী আৰু সাংসদসকলক দিয়া হৈছিল এক বিশেষ টুপী। বিজেপিৰ সংসদীয় দলৰ বৈঠক আৰম্ভ হোৱাৰ আগতে বিজেপিৰ সকলো মন্ত্ৰী আৰু সাংসদক বিশেষ টুপী দিয়া হৈছিল। চাৰিখন ৰাজ্যত বিজয়ৰ পাছত আহমেদাবাদত এটা ৰোড শ্ব'ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পিন্ধা এই একেই টুপী পিন্ধিছিল। ইয়াৰ লগতে সাংসদসকলক এনাৰ্জী বুষ্টাৰ চকলেটো দিয়া হৈছিল। 

এই টুপী আৰু চকলেট গুজৰাট বিজেপিয়ে বিশেষভাৱে প্ৰস্তুত কৰিছে। টুপীটো দলৰ নেতাসকলে বহুত ভাল পাইছে। দিল্লীত বিজেপি সংসদীয় দলে এই টুপী আৰু এনাৰ্জী বুষ্টাৰ চকলেটৰ অৰ্ডাৰ কৰিছে। প্ৰায় ৪০০ জন নেতাক বিজেপিৰ বিশেষ টুপী দিয়া হৈছিল। টুপীত অঁকা হৈছে বিজেপিৰ প্ৰতীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান