--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ন্যায় ব্যৱস্থা বাহাল থকাৰ পাছতো ন্যায় ব্যৱস্থালৈ অপেক্ষা নকৰি আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বাঢ়ি আহিছে৷ সম্প্ৰতি বুলডজাৰ ন্যায়ক লৈ সৰ্বত্ৰ চৰ্চা চলি আছে৷ এই সন্দৰ্ভত কঠোৰ হৈ পৰিছে উচ্চতম ন্যয়ালয়৷
 
এটা পৰিয়ালৰ সদস্য এজনৰ ওপৰত অপৰাধৰ অভিযোগ উত্থাপন হোৱাৰ পাছত শাস্তি স্বৰূপে পৌৰসভাৰ কৰ্তৃপক্ষই ব্যক্তিজনৰ ঘৰ বুলডজাৰ লৈ ভাঙি পেলোৱাৰ ভাবুকি দিছিল। এই ঘটনা সন্দৰ্ভত হস্তক্ষেপ কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ে কয় যে অনাধিকাৰ বুলডজাৰ চলোৱা কাৰ্য্য দেশৰ আইনৰ ওপৰত বুলডজাৰ চলোৱাৰ দৰে বুলি মন্তব্য কৰে৷

প্ৰাপ্ত তথ্য অনুসৰি গুজৰাটৰ খেদা জিলাৰ কথলালত থকা এটুকুৰা ভূমিৰ আন এজন লোকে নিজৰ বুলি দাবী কৰাক লৈ তেওঁৰ বিৰুদ্ধে ২০২৪ চনৰ ১ ছেপ্টেম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল। আবেদনকাৰীয়ে জানিবলৈ দিয়া মতে এফআইআৰ ৰুজু হোৱাৰ পাছত পৌৰনিগমৰ বিষয়াসকলে তেওঁৰ ঘৰত বুলডজাৰ জৰিয়তে ভাঙি পেলোৱাৰ ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পাছতে ব্যক্তিজনে ন্যায় বিছাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। আবেদনকাৰীৰ অধিবক্তাই অভিযুক্ত পৰিয়ালটোৰ তিনিটা প্ৰজন্মই প্ৰায় দুটা দশক ধৰি সেই ভূখণ্ডত বাস কৰি আহিছে বুলি সদৰি কৰিছে।

উল্লেখযোগ্য যে ন্যায়াধীশ হিৰ্ষিকেশ ৰায়ৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে কয় যে ‘ৰাজ্যৰ কাৰ্যকলাপ সংবিধানিক আইনৰ দ্বাৰা পৰিচালিত হয় তেনে স্থলত পৰিয়ালৰ এজন সদস্যৰ অপৰাধৰ বাবে আন সদস্যসকলক বা তেওঁলোকৰ বাসগৃহ ধ্বংশ কৰাটো ন্যায় সংগত নহয়৷ যিখন দেশত আইনে সৰ্বোচ্চ, কোনো আইনৰ উৰ্ধত নহয় তেনে স্থলত আদালত নিৰ্লিপ্ত হৈ থাকিব নোৱাৰে৷’ এই দৰে আইন হাতত তুলি লোৱাৰ বৰ্ধিত ঘটনাই দেশৰ আইনী ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক