--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ন্যায় ব্যৱস্থা বাহাল থকাৰ পাছতো ন্যায় ব্যৱস্থালৈ অপেক্ষা নকৰি আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বাঢ়ি আহিছে৷ সম্প্ৰতি বুলডজাৰ ন্যায়ক লৈ সৰ্বত্ৰ চৰ্চা চলি আছে৷ এই সন্দৰ্ভত কঠোৰ হৈ পৰিছে উচ্চতম ন্যয়ালয়৷
 
এটা পৰিয়ালৰ সদস্য এজনৰ ওপৰত অপৰাধৰ অভিযোগ উত্থাপন হোৱাৰ পাছত শাস্তি স্বৰূপে পৌৰসভাৰ কৰ্তৃপক্ষই ব্যক্তিজনৰ ঘৰ বুলডজাৰ লৈ ভাঙি পেলোৱাৰ ভাবুকি দিছিল। এই ঘটনা সন্দৰ্ভত হস্তক্ষেপ কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ে কয় যে অনাধিকাৰ বুলডজাৰ চলোৱা কাৰ্য্য দেশৰ আইনৰ ওপৰত বুলডজাৰ চলোৱাৰ দৰে বুলি মন্তব্য কৰে৷

প্ৰাপ্ত তথ্য অনুসৰি গুজৰাটৰ খেদা জিলাৰ কথলালত থকা এটুকুৰা ভূমিৰ আন এজন লোকে নিজৰ বুলি দাবী কৰাক লৈ তেওঁৰ বিৰুদ্ধে ২০২৪ চনৰ ১ ছেপ্টেম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল। আবেদনকাৰীয়ে জানিবলৈ দিয়া মতে এফআইআৰ ৰুজু হোৱাৰ পাছত পৌৰনিগমৰ বিষয়াসকলে তেওঁৰ ঘৰত বুলডজাৰ জৰিয়তে ভাঙি পেলোৱাৰ ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পাছতে ব্যক্তিজনে ন্যায় বিছাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। আবেদনকাৰীৰ অধিবক্তাই অভিযুক্ত পৰিয়ালটোৰ তিনিটা প্ৰজন্মই প্ৰায় দুটা দশক ধৰি সেই ভূখণ্ডত বাস কৰি আহিছে বুলি সদৰি কৰিছে।

উল্লেখযোগ্য যে ন্যায়াধীশ হিৰ্ষিকেশ ৰায়ৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে কয় যে ‘ৰাজ্যৰ কাৰ্যকলাপ সংবিধানিক আইনৰ দ্বাৰা পৰিচালিত হয় তেনে স্থলত পৰিয়ালৰ এজন সদস্যৰ অপৰাধৰ বাবে আন সদস্যসকলক বা তেওঁলোকৰ বাসগৃহ ধ্বংশ কৰাটো ন্যায় সংগত নহয়৷ যিখন দেশত আইনে সৰ্বোচ্চ, কোনো আইনৰ উৰ্ধত নহয় তেনে স্থলত আদালত নিৰ্লিপ্ত হৈ থাকিব নোৱাৰে৷’ এই দৰে আইন হাতত তুলি লোৱাৰ বৰ্ধিত ঘটনাই দেশৰ আইনী ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু