--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ২০২০ চনৰ ২৭ মাৰ্চত কোভিডৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত দেখা দিয়া জৰুৰী অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নাগৰিকসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে  প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ড গঠন কৰিছিল। কিন্তু উক্ত পুঁজিত কোনে কি পৰিমাণৰ ধন দান দিলে বা দান দিয়া ধন ক'ত, কিদৰে খৰচ কৰা হ'ল ইত্যাদি কথাবোৰ সন্দৰ্ভত ৰাইজ আজিও অন্ধকাৰতে আছে। 

এনে পৰিস্থিতিত পিএম কেয়াৰ্ছ ফাণ্ড সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল হৈছিল ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন। উক্ত আবেদনৰ উত্তৰ মাত্ৰ এক পৃষ্ঠাতে দি কেন্দ্ৰই দায়িত্ব সামৰা কথাত অসন্তুষ্টি ব্যক্ত কৰিছে  দিল্লী উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডৰ দৰে  " এক গুৰুত্বপূৰ্ণ বিষয়"ত মাত্ৰ এক পৃষ্ঠাৰ উত্তৰ দাখিল কৰাত অসন্তুষ্টি ব্যক্ত কৰে। আবেদন খনৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে জৰুৰীকালীন পৰিস্থিতিৰ বাবে গঠন কৰা  পুঁজিত প্ৰধানমন্ত্ৰীয়ে নাগৰিকক সহায় আৰু সাহায্য আগবঢ়াব বিচৰা বিষয়টো  "ইমান সৰল নহয়" ।

উচ্চ ন্যায়ালয়ে কেন্দ্ৰক বিষয়টো সন্দৰ্ভত   "বিতং তথ্য আৰু সম্পূৰ্ণ সঁহাৰি" জনোৱাৰ কথা  দাখিল কৰিবলৈ কয়। মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদৰ বিচাৰপীঠে কয় —"এনে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ এটা পৃষ্ঠাৰ উত্তৰ? ইয়াৰ বাহিৰে আৰু  একো নাছিল?  বিষয়টো ইমান সৰল নহয়। আমি এক বিস্তৃত উত্তৰ বিচাৰো," ।
উচ্চ ন্যায়ালয়ক কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল (এছজি) তুষাৰ মেহতাই জনায়  যে একেজন আবেদনকাৰীৰ দ্বাৰা একেধৰণৰ আবেদনত ইতিমধ্যে এক বিতং উত্তৰ দাখিল কৰা হৈছে৷ কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল  মেহতাই ।বিচাৰপীঠে চাৰি সপ্তাহৰ ভিতৰত এক বিতং আৰু সম্পূৰ্ণ উত্তৰ দাখিল কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে। 

 আবেদনকাৰী সমক গাংৱালে ২০২১ চনত দাখিল কৰা আৱেদনত পিএম কেয়াৰ্ছ ফাণ্ডক সংবিধানৰ ১২ নং অনুচ্ছেদৰ অধীনলৈ আনিবলৈ আৰু পুঁজিটোৰ বিষয়ে  সময়ে সময়ে পিএম কেয়াৰ্ছ ৱেবছাইটত  অডিট প্ৰতিবেদন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে আদালতত আবেদন জনাইছিল। উচ্চ ন্যায়ালয়ে আগতেও আবেদনখন  সন্দৰ্ভত  কেন্দ্ৰক জাননী জাৰি কৰিছিল। ২০২০ চনত একেজন আবেদনকাৰীয়ে তথ্য জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত পিএম কেয়াৰ্ছক 'ৰাজহুৱা বিষয় ' হিচাবে ঘোষণা কৰিবলৈ দাখিল কৰা আন এখন আবেদনো আদালতত বিচাৰাধীন হৈ আছে ।

২০২১ চনৰ আবেদনত আবেদনকাৰীয়ে  প্ৰধানমন্ত্ৰীৰ পুঁজিৰ  প্ৰতি তিনিমাহত জমা হোৱা ধনৰ তথ্য  প্ৰকাশ কৰিবলৈ নিৰ্দেশনা বিচাৰিছিল। প্ৰতিজন দাতাৰ নাম অন্তৰ্ভুক্ত থাকিব লাগে বুলিও আবেদনকাৰীয়ে কৈছিল। পিএম কেয়াৰ্ছ ফাণ্ডে বৃহৎ অনুদান লাভ  কৰিছিল ।  ২০১৯-২০ বিত্তীয় বৰ্ষত ইয়াৰ ৱেবছাইটত প্ৰদান কৰা তথ্য অনুসৰি মাত্ৰ চাৰি দিনৰ ভিতৰত ৩০৭৬.৬২ কোটি টকা সংগ্ৰহ  হৈছিল।  

কিন্তু সেই ধন ক'ত , কেনেকৈ খৰচ কৰা হৈছে বা সেই ধনৰাশি কোনে কোনে দিছে তাৰ তথ্য চৰকাৰে সম্পূৰ্ণ ভাবে ৰাজহুৱা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে