--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে বিপৰ্যস্ত কৰিছে ৰাইজক৷ অসমত পেট্ৰ’লৰ দামে চুইছে শতকৰ ঘৰ৷ পাঁচদিনত চাৰিবাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ দাম৷ আজি পুনৰ প্ৰতি লিটাৰত ৮০ পইচাকৈ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম৷ চাৰিটা বৃদ্ধিত পেট্ৰ’ল আৰু ডিজেলৰ দামবৃদ্ধি পালে ৩.২০ টকাকৈ৷ অকল পেট্ৰ’ল, ডিজেলৰ দামবৃদ্ধিয়েই নহয়, এইবাৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি জনতাক মাধমাৰ সোধাবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ৷ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দাম বৃদ্ধি স্থগিত ৰাখিছিল চৰকাৰে৷ আৰু নিৰ্বাচন সমাপ্ত হৈ ৰাজ্যসমূহত চৰকাৰ গঠনৰ পাছতেই দামবৃদ্ধিৰে যেন চমক সৃষ্টিৰ চেষ্টাহে চলাইছে বিজেপি চৰকাৰে৷ ইতিমধ্যে, দাম বৃদ্ধিৰ ফলত জনসাধাৰণে এতিয়া তেওঁলোকৰ ঘৰুৱা বাজেটত ঔষধৰ বাবে ৰাখিব লাগিব সাঁচতীয়া ধন৷ অত্যাৱশ্যকীয় ঔষধ, যাৰ ভিতৰত আছে পেইনকিলাৰ, সংক্ৰমণ-প্ৰতিৰোধী দৰব, হৃদৰোগ আৰু এণ্টিবায়’টিকৰ এপ্ৰিলৰ পৰা বাঢ়িব দাম৷ চৰকাৰে ঔষধ কোম্পানীবোৰক বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ (ডব্লিউপিআই) পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি বৃদ্ধি ৰখাৰ অনুমতি দিব। ডব্লিউপিআইৰ বাৰ্ষিক পৰিৱৰ্তন ২০২১ বৰ্ষত ১০.৮% হয় বুলি ঔষধৰ মূল্য নিয়ন্ত্ৰক নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে (এনপিপিএ) শুকুৰবাৰে সদৰী কৰে৷ শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি, মুখ্য চিকিৎসাবোৰত ৮৫০ৰো অধিক ফৰ্মুলেচনৰ দাম কমেও ১০% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ঐতিহাসিকভাৱে, ডব্লিউপিআইৰ বাৰ্ষিক পৰিৱৰ্তনৰ ফলত দামবৃদ্ধি যোৱা কেইবছৰমানত ১-২% পৰিসৰত সামান্য হৈছে। ২০১৯ চনৰ বাবে, এন.পি.পি.এ.-এ ঔষধ কোম্পানীবোৰক প্ৰায় ২% দামবৃদ্ধিৰ অনুমতি দিছিল৷ আনহাতে ২০২০ চনত বাৰ্ষিক ডব্লিউ.পি.আই.ৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি দাম ০.৫% বৃদ্ধি কৰা হৈছিল। এনপিপিএয়ে অহা কেইদিনমানৰ ভিতৰত অনুসূচীত ফৰ্মুলেচনৰ সৰ্বোচ্চ দামৰ বিষয়ে অৱগত কৰিব। ঔষধৰ দামবৃদ্ধিৰ লগে লগেই জনজীৱনত প্ৰভাৱ পৰাটো নিশ্চিত৷ ইতিমধ্যে, আৰ্থিক দুৰৱস্থা আৰু ক’ভিডে বিপৰ্যস্ত কৰাৰ পাছত দেশৰ নাগৰিকৰ চান কাঢ়ি ৰাজভঁৰাল টনকিয়াল কৰাৰ পৰিকল্পনা কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান