--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে বিপৰ্যস্ত কৰিছে ৰাইজক৷ অসমত পেট্ৰ’লৰ দামে চুইছে শতকৰ ঘৰ৷ পাঁচদিনত চাৰিবাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ দাম৷ আজি পুনৰ প্ৰতি লিটাৰত ৮০ পইচাকৈ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম৷ চাৰিটা বৃদ্ধিত পেট্ৰ’ল আৰু ডিজেলৰ দামবৃদ্ধি পালে ৩.২০ টকাকৈ৷ অকল পেট্ৰ’ল, ডিজেলৰ দামবৃদ্ধিয়েই নহয়, এইবাৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি জনতাক মাধমাৰ সোধাবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ৷ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দাম বৃদ্ধি স্থগিত ৰাখিছিল চৰকাৰে৷ আৰু নিৰ্বাচন সমাপ্ত হৈ ৰাজ্যসমূহত চৰকাৰ গঠনৰ পাছতেই দামবৃদ্ধিৰে যেন চমক সৃষ্টিৰ চেষ্টাহে চলাইছে বিজেপি চৰকাৰে৷ ইতিমধ্যে, দাম বৃদ্ধিৰ ফলত জনসাধাৰণে এতিয়া তেওঁলোকৰ ঘৰুৱা বাজেটত ঔষধৰ বাবে ৰাখিব লাগিব সাঁচতীয়া ধন৷ অত্যাৱশ্যকীয় ঔষধ, যাৰ ভিতৰত আছে পেইনকিলাৰ, সংক্ৰমণ-প্ৰতিৰোধী দৰব, হৃদৰোগ আৰু এণ্টিবায়’টিকৰ এপ্ৰিলৰ পৰা বাঢ়িব দাম৷ চৰকাৰে ঔষধ কোম্পানীবোৰক বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ (ডব্লিউপিআই) পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি বৃদ্ধি ৰখাৰ অনুমতি দিব। ডব্লিউপিআইৰ বাৰ্ষিক পৰিৱৰ্তন ২০২১ বৰ্ষত ১০.৮% হয় বুলি ঔষধৰ মূল্য নিয়ন্ত্ৰক নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে (এনপিপিএ) শুকুৰবাৰে সদৰী কৰে৷ শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি, মুখ্য চিকিৎসাবোৰত ৮৫০ৰো অধিক ফৰ্মুলেচনৰ দাম কমেও ১০% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ঐতিহাসিকভাৱে, ডব্লিউপিআইৰ বাৰ্ষিক পৰিৱৰ্তনৰ ফলত দামবৃদ্ধি যোৱা কেইবছৰমানত ১-২% পৰিসৰত সামান্য হৈছে। ২০১৯ চনৰ বাবে, এন.পি.পি.এ.-এ ঔষধ কোম্পানীবোৰক প্ৰায় ২% দামবৃদ্ধিৰ অনুমতি দিছিল৷ আনহাতে ২০২০ চনত বাৰ্ষিক ডব্লিউ.পি.আই.ৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি দাম ০.৫% বৃদ্ধি কৰা হৈছিল। এনপিপিএয়ে অহা কেইদিনমানৰ ভিতৰত অনুসূচীত ফৰ্মুলেচনৰ সৰ্বোচ্চ দামৰ বিষয়ে অৱগত কৰিব। ঔষধৰ দামবৃদ্ধিৰ লগে লগেই জনজীৱনত প্ৰভাৱ পৰাটো নিশ্চিত৷ ইতিমধ্যে, আৰ্থিক দুৰৱস্থা আৰু ক’ভিডে বিপৰ্যস্ত কৰাৰ পাছত দেশৰ নাগৰিকৰ চান কাঢ়ি ৰাজভঁৰাল টনকিয়াল কৰাৰ পৰিকল্পনা কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন