--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বন্ধু দেশ ইজৰাইল এতিয়া উত্তপ্ত। দেশখনৰ ইতিহাসৰ অন্যতম গুৰুতৰ ঘৰুৱা সংকটৰ সৃষ্টি হৈছে। দেশখনৰ চৰকাৰে ন্যায়িক ব্যৱস্থাৰ কাম-কাজৰ ধৰণ সলনি কৰাৰ পৰিকল্পনা কৰিছে। তাক লৈয়েই হুলস্থুলৰ সৃষ্টি হৈছে। চাওঁ আহক সবিশেষ।

নতুন বছৰটো আৰম্ভ হোৱাৰ পৰাই চৰকাৰৰ ন্যায়িক প্ৰক্ৰিয়াৰ সংস্কাৰ পৰিকল্পনাৰ বিৰোধিতা চলি আহিছে। বিশাল প্ৰতিবাদ সাব্যস্ত হৈ আহিছে। ইজৰাইলৰ বাণিজ্যিক ৰাজধানী টেল আভিভ আৰু দেশৰ অন্যান্য চহৰ-নগৰত লাখ লাখ লোকে ৰাজপথত ভৰি পৰিছে।

প্ৰতিবাদকাৰীসকলে সংস্কাৰ বাতিল কৰাৰ লগতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক পদত্যাগ কৰিবলৈ আহ্বান জনাইছে। সংস্কাৰৰ তীব্ৰ বিৰোধিতা কৰি তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলে প্ৰতিবাদৰ নেতৃত্ব দিছে।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, ক্ৰমাৎ বৃদ্ধি পোৱা সংখ্যক সংৰক্ষিত সামৰিক বাহিনীয়েও প্ৰতিবাদ সাব্যষ্ট কৰিছে। ইজৰাইলৰ সশস্ত্ৰ বাহিনীৰ মেৰুদণ্ড এই সংৰক্ষিত সামৰিক বাহিনীসমূহ।

নিজৰ পৰিকল্পনাৰ বিষয়ে চৰকাৰে যুক্তি আগবঢ়াইছে যে ভোটাৰক ন্যায়পালিকাৰ সংস্কাৰৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু নিৰ্বাচিতো হৈছিল। চৰকাৰে দেশখনৰ ন্যায়ব্যৱস্থাটোক অনিৰ্বাচিত অভিজাত শ্ৰেণীৰ হাতত থকা বাওঁপন্থী প্ৰতিষ্ঠান বুলি গণ্য কৰে।

নেতানিয়াহু চৰকাৰৰ পৰিকল্পনাসমূহ এনেধৰণৰ:

- উচ্চতম ন্যায়ালয়ৰ আইন পুনৰীক্ষণ বা পেলাই দিয়াৰ ক্ষমতা দুৰ্বল কৰা। নেচেট (সংসদ)ৰ এজনৰ সৰল সংখ্যাগৰিষ্ঠতাই আদালতৰ সিদ্ধান্ত বাতিল কৰিবলৈ সক্ষম হ’ব।
- উচ্চতম ন্যায়ালয়কে ধৰি সকলো আদালতত কোন ন্যায়াধীশ হ’ব সেই সন্দৰ্ভত চৰকাৰে তেওঁলোকক নিযুক্তি দিয়া কমিটীত প্ৰতিনিধিত্ব বৃদ্ধি কৰি নিৰ্ণায়ক মতামত দিব।
- মন্ত্ৰীসকলে তেওঁলোকৰ আইনী উপদেষ্টাৰ পৰামৰ্শ মানি চলিব নালাগিব। যিটো তেওঁলোকে বৰ্তমান চলি আহিছে।

নেতানিয়াহুৰ বিৰোধীসকলে কয় যে এই সংস্কাৰে দেশৰ গণতন্ত্ৰক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব আৰু ঐতিহাসিকভাৱে চৰকাৰে নিয়ন্ত্ৰণ ৰাখি ন্যায় ব্যৱস্থাক দুৰ্বল কৰি তুলিব।

উল্লেখ্য যে ইজৰাইলৰ ইতিহাসৰ আটাইতকৈ সোঁপন্থীশাসকজনেই হৈছে বৰ্তমানৰ প্ৰদানমন্ত্ৰী নেতানিয়াহু। সমালোচকসকলে কয় যে এই সংস্কাৰে বৰ্তমান দুৰ্নীতিৰ অভিযোগত বিচাৰ চলি থকা নেতানিয়াহুক ৰক্ষা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা