--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ আধুনিক পৃথিৱীত য’ত মোবাইল ফোনে জীৱনটো সহজ কৰি তুলিছে, সেই সময়তে ফোনে সকলোৰে ব্যক্তিগত জীৱন প্ৰায় ধ্বংস কৰি পেলাইছে। যুৱক-যুৱতীসকলৰ মাজত ফোনৰ আসক্তি বৃদ্ধি পাইছে। য'তেই চাওঁক সকলোৱে নিজৰ নিজৰ ফোনত নিমগ্ন হৈ থাকে। ঘৰতেই হওক বা বাহিৰত হওক, য'তেই চাওঁক, সকলোৱে যেন নিজৰ নিজৰ ফোনতে ব্যস্ত হৈ থাকে। 

কিছুমানে খোৱা-শোৱাও পাহৰি যায়। ফোনৰ লগত জড়িত এটা বেদনাদায়ক আৰু অসাৱধান গোচৰ পোহৰলৈ আহিছে য’ত এগৰাকী মাতৃয়ে নিজৰ ফোনটোৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছিল যে তেওঁৰ তিনি বছৰীয়া সন্তানটো পানীত ডুব গৈ মৃত্যুমুখত পৰিছিল।

ঘটনাটো আমেৰিকাৰ টেক্সাছৰ এখন ৱাটাৰ পাৰ্কত সংঘটিত হৈছিল, য’ত এগৰাকী মাতৃৰ গাফিলতিৰ বাবে তিনি বছৰীয়া সন্তানৰ পানীত ডুব গৈ মৃত্যু হয়। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি মহিলাগৰাকীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিজৰ ফোনটো লৈ ইমানেই ব্যস্ত আছিল যে তেওঁৰ তিনি বছৰীয়া সন্তানটো জলপাৰ্কত উটি যোৱাৰ কথাও গম পোৱা নাছিল। শিশুটিয়ে পানীত ককবকাই থকাৰ সময়তে মাতৃগৰাকীয়ে মোবাইলত গান শুনি আছিল।

অৱশ্যে মহিলাগৰাকীৰ অধিবক্তাই শিশুটিৰ পানীত ডুব যোৱাৰ কাৰণ লাইফগাৰ্ডৰ সতৰ্কতাৰ অভাৱ বুলি কয়। এল পাছ’ৰ কেম্প কোহেন ৱাটাৰ পাৰ্কত মৃত্যু হয় শিশুটিৰ। শিশুটিৰ মাতৃ জেচিকা ৱেভাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁৰ অৱহেলাৰ বাবেই তেওঁৰ ডাঙৰ পুত্ৰ এণ্টনি লিঅ’ মালাভেৰ মৃত্যু হয়। শিশুটিৰ মাতৃক ঘৰৰ পৰা ৩০ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল। সংবাদ প্ৰতিষ্ঠানটোৱে জনোৱা মতে, অভিযুক্ত মাতৃগৰাকীক এল পাছ’ কাউন্টি জেলত ৰখা হৈছিল আৰু ২২ ছেপ্টেম্বৰত এক লাখ ডলাৰৰ জামিনত মুকলি কৰি দিয়া হৈছিল।

খবৰ অনুসৰি শিশুটিয়ে লাইফ জেকেট পিন্ধা নাছিল। এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে জেচিকা পুলৰ কাষত এঘণ্টাৰো অধিক সময় নিজৰ ফোনত সম্পূৰ্ণৰূপে ডুব গৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি