--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি আমেৰিকাত গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ বাতিল কৰা হৈছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই ৰায়ক লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে হলীউডৰ কেইবাগৰাকীও তাৰকা চেলিব্ৰিটীয়ে। পিছ পৰি ৰোৱা নাই বলীউড তাৰকা অভিনেতা-অভিনেত্ৰীও। এইবাৰ এই প্ৰসংগত মুখ খুলিছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। আমেৰিকাৰ আদালতৰ এই ৰায় হৃদয় ভাঙি পেলোৱাৰ সমাৰ্থক বুলি মন্তব্য কৰিছে প্ৰিয়ংকা চোপ্ৰাই।

অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল অ’বামাৰ এটা পোষ্ট শ্বেয়াৰ কৰে। মিচেল অ’বামাই লিখিছে, ‘মোৰ মন ভাঙি গৈছে- উৎসাহ আৰু প্ৰতিশ্ৰুতিৰে ভৰা সেই কিশোৰীগৰাকীৰ বাবে যিয়ে আৰু মনে বিচৰা ধৰণে জীৱনটো কটাব নোৱাৰিব, কাৰণ ৰাষ্ট্ৰই তেওঁৰ প্ৰজনন জনিত সিদ্ধান্তবোৰ নিয়ন্ত্ৰণ কৰিব। চকুৰ সন্মুখত নিজৰ সন্তানৰ ভৱিষ্যত শেষ হ’বলৈ লোৱা কথাটো বৰ হৃদয়বিদাৰক। আমি আমাৰ মা, ককা-আইতা, ককা-আইতাসকল য’ত আছিল আমি আকৌ সেই দিনবোৰলৈ উভতি আহিলোঁ।’

মিচেলৰ পোষ্টটো শ্বেয়াৰ কৰি প্ৰিয়ংকাই একমত প্ৰকাশ কৰিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আগন্তুক ৱেব ছিৰিজ ‘চিটাডেল’ৰ শ্বুটিং সমাপ্ত কৰিছে। আগন্তুক বিজ্ঞান-কল্পকাহিনী নাটক ধাৰাবাহিকখনৰ পৰিচালক পেট্ৰিক মৰ্গান আৰু অভিনয় কৰিছে প্ৰিয়ংকাৰ লগতে ৰিচাৰ্ড মেডেনে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান