--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংৰ্ঘষত পাঁচজন উগ্ৰপন্থী নিহত হয়। খবৰ অনুসৰি, এই সংঘৰ্ষত জৈশ-ই-মহম্মদৰ কমাণ্ডাৰো নিহত হয়। জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ সুৰক্ষা বাহিনীয়ে পুলৱামা আৰু বুদগামত কেইবাটাও স্পৰ্শকাতৰ অঞ্চলত অভিযান চলাইছিল। এক টুইটযোগে আৰক্ষীয়ে কয়, বিগত ১২ঘণ্টাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা দুটা পৃথক অভিযানত লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৈতে সম্পৰ্ক থকা পাঁচজন উগ্ৰপন্থী এই অভিযানত নিহত হৈছে। এই অভিযানত জৈশ-ই-মহম্মদৰ কমাণ্ডাৰ জাহিদ ৱানী আৰু এজন পাক উগ্ৰপন্থীও নিহত হোৱাৰ খবৰ আহি পৰিছে। উল্লেখ্য যে জম্মু-কাশ্মীৰত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযান সাম্প্ৰতিক সময়ত নিৰাপত্তা বাহিনীৰ আটাইতকৈ ডাঙৰ সাফল্য বুলি ক’ব পাৰি। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, এক গোপন সূত্ৰ অনুসৰি সুৰক্ষা বাহিনীয়ে শনিবাৰে পুলৱামাৰ কেইবাটাও স্থানত অভিযান চলাইছিল, আৰু তেতিয়াই উগ্ৰপন্থীসকলে হঠাতে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ লয়। নিৰাপত্তা বাহিনীৰ সদস্যসকলেও তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ গুলীচালনা কৰিছিল। দক্ষিণ কাশ্মীৰত চলোৱা এই অভিযানত এতিয়ালৈ পাঁচজন উগ্ৰপন্থী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আৰক্ষীয়ে উগ্ৰপন্থীসকলৰ পৰা এক বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিছে। এই অভিযানত কুখ্যাত সন্ত্ৰাসবাদী ডেৰাৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু সংশ্লিষ্ট উগ্ৰপন্থীটোৰ পৰা এ কে ৫৬ ৰাইফল উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে, শনিবাৰে দক্ষিণ কাশ্মীৰত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত এজন ৫৩ বছৰীয়া আৰক্ষীক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। উগ্ৰপন্থীসকলে হেড কনিষ্টবল আলী মহম্মদ ঘানিক ঘৰৰ সন্মুখত তেওঁৰ ওপৰত গুলীচালনা কৰিছিল আৰু গুলীবৰ্ষণৰ শব্দ শুনি পৰিয়ালৰ সদস্যসকল ততাতৈয়াকৈ ওলাই আহিছিল যদিও চিকিৎসালয়লৈ লৈ যোৱা বাটতে বিষয়াজনৰ মৃত্যু ঘটে। ইয়াৰ বিৰুদ্ধে জম্মু আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে আৰু আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে সন্ধান চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র