--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংৰ্ঘষত পাঁচজন উগ্ৰপন্থী নিহত হয়। খবৰ অনুসৰি, এই সংঘৰ্ষত জৈশ-ই-মহম্মদৰ কমাণ্ডাৰো নিহত হয়। জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ সুৰক্ষা বাহিনীয়ে পুলৱামা আৰু বুদগামত কেইবাটাও স্পৰ্শকাতৰ অঞ্চলত অভিযান চলাইছিল। এক টুইটযোগে আৰক্ষীয়ে কয়, বিগত ১২ঘণ্টাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা দুটা পৃথক অভিযানত লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৈতে সম্পৰ্ক থকা পাঁচজন উগ্ৰপন্থী এই অভিযানত নিহত হৈছে। এই অভিযানত জৈশ-ই-মহম্মদৰ কমাণ্ডাৰ জাহিদ ৱানী আৰু এজন পাক উগ্ৰপন্থীও নিহত হোৱাৰ খবৰ আহি পৰিছে। উল্লেখ্য যে জম্মু-কাশ্মীৰত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযান সাম্প্ৰতিক সময়ত নিৰাপত্তা বাহিনীৰ আটাইতকৈ ডাঙৰ সাফল্য বুলি ক’ব পাৰি। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, এক গোপন সূত্ৰ অনুসৰি সুৰক্ষা বাহিনীয়ে শনিবাৰে পুলৱামাৰ কেইবাটাও স্থানত অভিযান চলাইছিল, আৰু তেতিয়াই উগ্ৰপন্থীসকলে হঠাতে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ লয়। নিৰাপত্তা বাহিনীৰ সদস্যসকলেও তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ গুলীচালনা কৰিছিল। দক্ষিণ কাশ্মীৰত চলোৱা এই অভিযানত এতিয়ালৈ পাঁচজন উগ্ৰপন্থী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আৰক্ষীয়ে উগ্ৰপন্থীসকলৰ পৰা এক বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিছে। এই অভিযানত কুখ্যাত সন্ত্ৰাসবাদী ডেৰাৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু সংশ্লিষ্ট উগ্ৰপন্থীটোৰ পৰা এ কে ৫৬ ৰাইফল উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে, শনিবাৰে দক্ষিণ কাশ্মীৰত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত এজন ৫৩ বছৰীয়া আৰক্ষীক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। উগ্ৰপন্থীসকলে হেড কনিষ্টবল আলী মহম্মদ ঘানিক ঘৰৰ সন্মুখত তেওঁৰ ওপৰত গুলীচালনা কৰিছিল আৰু গুলীবৰ্ষণৰ শব্দ শুনি পৰিয়ালৰ সদস্যসকল ততাতৈয়াকৈ ওলাই আহিছিল যদিও চিকিৎসালয়লৈ লৈ যোৱা বাটতে বিষয়াজনৰ মৃত্যু ঘটে। ইয়াৰ বিৰুদ্ধে জম্মু আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে আৰু আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে সন্ধান চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক