--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা চনু সুদ কিমান মহান হৃদয়ৰ মানুহ সেই কথা নজনা মানুহ কোনো নাই। ৰাইজৰ দুখ সহিব নোৱাৰা কোমল হৃদয়ৰ চনুৱে কিমান মানুহক যে বিপদৰ পৰা উদ্ধাৰ কৰিছে তাৰ লেখ-জোখ নাই। যেতিয়াই কোনো বিপদত পৰাৰ কথা শুনিছে তাতেই গৈ তেওঁ উপস্থিত হৈছে আৰু বিপদগ্ৰস্ত জনলৈ আগুৱাই দিয়ে সাহস আৰু সহায়ৰ দুহাত। লকডাউনৰ সময়ছোৱাত তেওঁ সাধাৰণ জনতাৰ বাবে হৈ পৰিছিল ত্ৰাণকৰ্তা। মানুহৰ মুখে মুখে বাগৰিল ''ভগৱানৰ দূত চনু সুদ''। শেহতীয়াকৈ পুনৰ প্ৰমাণ পোৱা গ'ল চনু সুদৰ মহানুভৱতাৰ কথা। কাৰোবাৰ জীৱন ৰক্ষা কৰাটো মানৱতাৰ আটাইতকৈ ডাঙৰ উদাহৰণ। জীৱন ৰক্ষাকৰ্তা এজন 'ঈশ্বৰ'তকৈ কম নহয়। চনু সুদ সঁচাকৈয়ে মানুহৰ বাবে এক 'দেৱতা' স্বৰূপ। অভিনেতাজনে কেৱল বহুতো মানুহৰ জীৱন ৰক্ষা কৰাই নহয়, তেওঁ লগতে বহুতক এক নতুন জীৱন দিয়াত সহায় কৰিছে। অজ্ঞাত লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা বলীউড তাৰকা চনু সুদে এইবাৰ পুনৰ মানুহৰ জীৱন ৰক্ষা কৰি মানৱতীয়াৰ এক উদাহৰণ স্থাপন কৰিছে। ঘটনাটো পঞ্জাৱৰ মোগা জিলাৰ কোটকাপুৰা চহৰৰ বাইপাছত সংঘটিত হৈছিল। ইয়াত এজন মানুহৰ গাড়ীৰ দুৰ্ঘটনা হৈছিল। একে সময়তে কাষেৰে পাৰ হৈ যোৱা চনু সুদে দুৰ্ঘটনাটো দেখি সহায়ৰ বাবে তাত ৰৈ গৈছিল। চনুৱে নিজে দুখন বাহনৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিজনক উলিয়াই আনি চিকিৎসালয়লৈ লৈ গৈছিল আৰু চিকিৎসা কৰোৱাইছিল। ঘটনাটো মঙলবাৰে নিশা সংঘটিত হৈছিল। তথ্য অনুসৰি মোগাৰ কোটকাপুৰা বাইপাছত দুখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। চনু সুদ পাৰ হৈ যোৱাৰ লগে লগে এই দৃশ্য দেখি তেওঁ নিজকে ৰখাব নোৱাৰিলে। তেওঁ নিজৰ গাড়ীখন ৰখাইছিল আৰু তেওঁৰ লগত থকা মানুহৰ সহায়ত গাড়ীত পৰি থকা আঘাতপ্ৰাপ্ত ব্যক্তিজনক উলিয়াই আনিছিল। আহত লোকজনক কোলাত লৈ চনু সুদে তেওঁৰ গাড়ীত উঠাইছিল আৰু চিকিৎসালয়লৈ লৈ গৈছিল। আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ অৱস্থা এতিয়া বিপদমুক্ত বুলি জানিব পৰা গৈছে। চিকিৎসকে জনোৱা অনুসৰি আহত লোকজনক সময়মতে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে তেওঁৰ প্ৰাণৰক্ষা কৰিব পৰা যায়। অলপ দেৰি হোৱা হ'লে হয়তো মানুহ জনৰ জীৱন ৰক্ষা নপৰিলেহেঁতেন। এই কথাৰ বাবে চিকিৎসকসকলে চনু সুদক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। চনুৱে তেওঁৰ জীৱনত ইমান সুন্দৰ কাম কৰি আছে যে যেতিয়াই মানৱতাৰ কথা আহে, চনু সুদৰ নাম প্ৰথমে লোৱা হ'ব আৰু তেওঁৰ ভাল কামবোৰৰ উদাহৰণ প্ৰজন্মই প্ৰজন্মই দি যাব। সকলোৱে আজি এটা কথা একমুখে স্বীকাৰ কৰে যে...''চনু সুদ আপুনি সঁচাকৈয়ে এজন বাস্তৱ জীৱনৰ নায়ক।'' আৰু পঢ়কঃ ‘লাজ আছেনে’? লতাজীৰ মৃত্যুৰ পাছত অংকিতা লোখণ্ডেই কৰা কাৰ্যক লৈ ট্ৰ’ল

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক