--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা চনু সুদ কিমান মহান হৃদয়ৰ মানুহ সেই কথা নজনা মানুহ কোনো নাই। ৰাইজৰ দুখ সহিব নোৱাৰা কোমল হৃদয়ৰ চনুৱে কিমান মানুহক যে বিপদৰ পৰা উদ্ধাৰ কৰিছে তাৰ লেখ-জোখ নাই। যেতিয়াই কোনো বিপদত পৰাৰ কথা শুনিছে তাতেই গৈ তেওঁ উপস্থিত হৈছে আৰু বিপদগ্ৰস্ত জনলৈ আগুৱাই দিয়ে সাহস আৰু সহায়ৰ দুহাত। লকডাউনৰ সময়ছোৱাত তেওঁ সাধাৰণ জনতাৰ বাবে হৈ পৰিছিল ত্ৰাণকৰ্তা। মানুহৰ মুখে মুখে বাগৰিল ''ভগৱানৰ দূত চনু সুদ''। শেহতীয়াকৈ পুনৰ প্ৰমাণ পোৱা গ'ল চনু সুদৰ মহানুভৱতাৰ কথা। কাৰোবাৰ জীৱন ৰক্ষা কৰাটো মানৱতাৰ আটাইতকৈ ডাঙৰ উদাহৰণ। জীৱন ৰক্ষাকৰ্তা এজন 'ঈশ্বৰ'তকৈ কম নহয়। চনু সুদ সঁচাকৈয়ে মানুহৰ বাবে এক 'দেৱতা' স্বৰূপ। অভিনেতাজনে কেৱল বহুতো মানুহৰ জীৱন ৰক্ষা কৰাই নহয়, তেওঁ লগতে বহুতক এক নতুন জীৱন দিয়াত সহায় কৰিছে। অজ্ঞাত লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা বলীউড তাৰকা চনু সুদে এইবাৰ পুনৰ মানুহৰ জীৱন ৰক্ষা কৰি মানৱতীয়াৰ এক উদাহৰণ স্থাপন কৰিছে। ঘটনাটো পঞ্জাৱৰ মোগা জিলাৰ কোটকাপুৰা চহৰৰ বাইপাছত সংঘটিত হৈছিল। ইয়াত এজন মানুহৰ গাড়ীৰ দুৰ্ঘটনা হৈছিল। একে সময়তে কাষেৰে পাৰ হৈ যোৱা চনু সুদে দুৰ্ঘটনাটো দেখি সহায়ৰ বাবে তাত ৰৈ গৈছিল। চনুৱে নিজে দুখন বাহনৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিজনক উলিয়াই আনি চিকিৎসালয়লৈ লৈ গৈছিল আৰু চিকিৎসা কৰোৱাইছিল। ঘটনাটো মঙলবাৰে নিশা সংঘটিত হৈছিল। তথ্য অনুসৰি মোগাৰ কোটকাপুৰা বাইপাছত দুখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। চনু সুদ পাৰ হৈ যোৱাৰ লগে লগে এই দৃশ্য দেখি তেওঁ নিজকে ৰখাব নোৱাৰিলে। তেওঁ নিজৰ গাড়ীখন ৰখাইছিল আৰু তেওঁৰ লগত থকা মানুহৰ সহায়ত গাড়ীত পৰি থকা আঘাতপ্ৰাপ্ত ব্যক্তিজনক উলিয়াই আনিছিল। আহত লোকজনক কোলাত লৈ চনু সুদে তেওঁৰ গাড়ীত উঠাইছিল আৰু চিকিৎসালয়লৈ লৈ গৈছিল। আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ অৱস্থা এতিয়া বিপদমুক্ত বুলি জানিব পৰা গৈছে। চিকিৎসকে জনোৱা অনুসৰি আহত লোকজনক সময়মতে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে তেওঁৰ প্ৰাণৰক্ষা কৰিব পৰা যায়। অলপ দেৰি হোৱা হ'লে হয়তো মানুহ জনৰ জীৱন ৰক্ষা নপৰিলেহেঁতেন। এই কথাৰ বাবে চিকিৎসকসকলে চনু সুদক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। চনুৱে তেওঁৰ জীৱনত ইমান সুন্দৰ কাম কৰি আছে যে যেতিয়াই মানৱতাৰ কথা আহে, চনু সুদৰ নাম প্ৰথমে লোৱা হ'ব আৰু তেওঁৰ ভাল কামবোৰৰ উদাহৰণ প্ৰজন্মই প্ৰজন্মই দি যাব। সকলোৱে আজি এটা কথা একমুখে স্বীকাৰ কৰে যে...''চনু সুদ আপুনি সঁচাকৈয়ে এজন বাস্তৱ জীৱনৰ নায়ক।'' আৰু পঢ়কঃ ‘লাজ আছেনে’? লতাজীৰ মৃত্যুৰ পাছত অংকিতা লোখণ্ডেই কৰা কাৰ্যক লৈ ট্ৰ’ল

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি