--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেগু দেশম পাৰ্টিৰ প্ৰতিষ্ঠাপক নন্দমুৰি তাৰকা ৰামা ৰাও (এনটিআৰ)ৰ কনিষ্ঠ কন্যা কণ্ঠামনেনি উমা মহেশ্বৰীয়ে হায়দৰাবাদৰ জুবিলী হিলছত থকা নিজ গৃহত আত্মহত্যা কৰে। এই ঘটনাই অন্ধ্ৰ প্ৰদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এনটিআৰৰ কনিষ্ঠ কন্যা হোৱাৰ উপৰিও অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ নবৌয়েক আছিল তেওঁ।

আৰক্ষীৰ মতে, দেওবাৰে নিশা প্ৰায় ১২ বজাত পৰিয়ালৰ লোকে কোঠাটোৰ চিলিং ফেনত ওলমি থকা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ভিতৰৰ পৰা দুৱাৰত তলা লগাই থোৱা আছিল। প্ৰাথমিক তদন্ত অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰু অসুস্থতাৰ বাবে তেওঁ ডিপ্ৰেছনত আছিল। 

এই ডিপ্ৰেছনৰ চিকাৰ হৈয়ে কণ্ঠামনেনি উমা মহেশ্বৰীয়ে আত্মহননৰ পথ বাচি লোৱা বুলি সন্দেহ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ মৃতদেহ ওছমানিয়া হাস্পতাললৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে CrPC (আত্মহত্যাৰ সন্দৰ্ভত তদন্ত আৰু প্ৰতিবেদন) ১৭৪ ধাৰাত গোচৰ ৰুজু কৰিছে। উমা মহেশ্বৰী আছিল এন টি ৰামা ৰাওৰ চতুৰ্থ কন্যা।

উল্লেখ্য যে কণ্ঠামনেনিৰ পিতৃ এন টি ৰামা ৰাওৱে নিজৰ কেৰিয়াৰত শিল্পী, পৰিচালক আৰু প্ৰযোজক হিচাপে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ ৰাজনীতিৰ পথাৰত ভৰি দিয়ে। তেওঁ টিডিপি (তেলেগু দেশম পাৰ্টি) প্ৰতিষ্ঠা কৰে। তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ