--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেগু দেশম পাৰ্টিৰ প্ৰতিষ্ঠাপক নন্দমুৰি তাৰকা ৰামা ৰাও (এনটিআৰ)ৰ কনিষ্ঠ কন্যা কণ্ঠামনেনি উমা মহেশ্বৰীয়ে হায়দৰাবাদৰ জুবিলী হিলছত থকা নিজ গৃহত আত্মহত্যা কৰে। এই ঘটনাই অন্ধ্ৰ প্ৰদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এনটিআৰৰ কনিষ্ঠ কন্যা হোৱাৰ উপৰিও অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ নবৌয়েক আছিল তেওঁ।

আৰক্ষীৰ মতে, দেওবাৰে নিশা প্ৰায় ১২ বজাত পৰিয়ালৰ লোকে কোঠাটোৰ চিলিং ফেনত ওলমি থকা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ভিতৰৰ পৰা দুৱাৰত তলা লগাই থোৱা আছিল। প্ৰাথমিক তদন্ত অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰু অসুস্থতাৰ বাবে তেওঁ ডিপ্ৰেছনত আছিল। 

এই ডিপ্ৰেছনৰ চিকাৰ হৈয়ে কণ্ঠামনেনি উমা মহেশ্বৰীয়ে আত্মহননৰ পথ বাচি লোৱা বুলি সন্দেহ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ মৃতদেহ ওছমানিয়া হাস্পতাললৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে CrPC (আত্মহত্যাৰ সন্দৰ্ভত তদন্ত আৰু প্ৰতিবেদন) ১৭৪ ধাৰাত গোচৰ ৰুজু কৰিছে। উমা মহেশ্বৰী আছিল এন টি ৰামা ৰাওৰ চতুৰ্থ কন্যা।

উল্লেখ্য যে কণ্ঠামনেনিৰ পিতৃ এন টি ৰামা ৰাওৱে নিজৰ কেৰিয়াৰত শিল্পী, পৰিচালক আৰু প্ৰযোজক হিচাপে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ ৰাজনীতিৰ পথাৰত ভৰি দিয়ে। তেওঁ টিডিপি (তেলেগু দেশম পাৰ্টি) প্ৰতিষ্ঠা কৰে। তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
ভাৰতত স্থাপন হ'ব ৫খন শীর্ষ ব্রিটিছ বিশ্ববিদ্যালয়ৰ চৌহদ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি