--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰথমে ধৰ্ষণ কৰিছিল প্ৰেমিকে। সেই দুষ্কাৰ্যৰ ভিডিঅ’ও প্ৰস্তুত কৰিছিল আৰু তাৰ পাছত সেই ভিডিঅ’ দেখুৱাই বাৰে বাৰে প্ৰেমিকৰূপী পাষণ্ডৰ ২৯জনকৈ বন্ধুৱে বলাৎকাৰ কৰি গৈছিল এগৰাকী ১৫বছৰীয়া কিশোৰীক। এই ২৯জনৰ ভিতৰত দুজন নাবালকো আছিল। এই চাঞ্চল্যকৰ ঘটনাৰ কথা বৰ্ণনা কৰিছে মুম্বাই আৰক্ষীয়ে। কিশোৰীগৰাকীৰ প্ৰতি অমানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰি এই ভয়ংকৰ অপৰাধ সংঘটিত কৰিছিল এইসকল দুষ্কৃতিকাৰীয়ে।

বিগত ৯টা মাহে কিশোৰীগৰাকীৰ ওপৰত চলিছিল এই অমানৱীয় অত্যাচাৰ তথা যৌন শোষণ। প্ৰথমে বিগত জানুৱাৰী মাহত প্ৰেমিকৰূপী পাষণ্ড যুৱকজনে তেওঁক বলাৎকাৰ কৰে আৰু তাৰ পাছত সেই দুষ্কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰি বিলাই দিছিল বন্ধুবৰ্গৰ মাজত। যুৱকজনৰ বন্ধুবৰ্গই পাছত সেই ভিডিঅ’ দেখুৱাই কিশোৰীগৰাকীৰ ব্লেকমেইল কৰিছিল আৰু বাৰে বাৰে বলাৎকাৰ কৰি গৈছিল। মুম্বাইৰ আশ-পাশৰ কেইবাটাও স্থানত বহুবাৰ তেওঁ এনে অৱৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথা এতিয়া পোহৰলৈ আহিছে।

সকলো নিৰ্যাতনৰ সীমা অতিক্ৰম কৰাৰ পাছত কিশোৰীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে আৰু তেওঁৰ গোচৰৰ ভিত্তিত ২৪জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দুজনক আটকো কৰিছে। আৰক্ষীৰ সহকাৰী আয়ুক্ত দত্তাত্ৰেয় কাৰ্লেই প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজনে এটা ৰাজনৈতিক দলৰে জড়িত বুলি দাবী কৰিছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত প’কছ’ আইনৰ অধীনতো গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু