--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰথমে ধৰ্ষণ কৰিছিল প্ৰেমিকে। সেই দুষ্কাৰ্যৰ ভিডিঅ’ও প্ৰস্তুত কৰিছিল আৰু তাৰ পাছত সেই ভিডিঅ’ দেখুৱাই বাৰে বাৰে প্ৰেমিকৰূপী পাষণ্ডৰ ২৯জনকৈ বন্ধুৱে বলাৎকাৰ কৰি গৈছিল এগৰাকী ১৫বছৰীয়া কিশোৰীক। এই ২৯জনৰ ভিতৰত দুজন নাবালকো আছিল। এই চাঞ্চল্যকৰ ঘটনাৰ কথা বৰ্ণনা কৰিছে মুম্বাই আৰক্ষীয়ে। কিশোৰীগৰাকীৰ প্ৰতি অমানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰি এই ভয়ংকৰ অপৰাধ সংঘটিত কৰিছিল এইসকল দুষ্কৃতিকাৰীয়ে।

বিগত ৯টা মাহে কিশোৰীগৰাকীৰ ওপৰত চলিছিল এই অমানৱীয় অত্যাচাৰ তথা যৌন শোষণ। প্ৰথমে বিগত জানুৱাৰী মাহত প্ৰেমিকৰূপী পাষণ্ড যুৱকজনে তেওঁক বলাৎকাৰ কৰে আৰু তাৰ পাছত সেই দুষ্কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰি বিলাই দিছিল বন্ধুবৰ্গৰ মাজত। যুৱকজনৰ বন্ধুবৰ্গই পাছত সেই ভিডিঅ’ দেখুৱাই কিশোৰীগৰাকীৰ ব্লেকমেইল কৰিছিল আৰু বাৰে বাৰে বলাৎকাৰ কৰি গৈছিল। মুম্বাইৰ আশ-পাশৰ কেইবাটাও স্থানত বহুবাৰ তেওঁ এনে অৱৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথা এতিয়া পোহৰলৈ আহিছে।

সকলো নিৰ্যাতনৰ সীমা অতিক্ৰম কৰাৰ পাছত কিশোৰীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে আৰু তেওঁৰ গোচৰৰ ভিত্তিত ২৪জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দুজনক আটকো কৰিছে। আৰক্ষীৰ সহকাৰী আয়ুক্ত দত্তাত্ৰেয় কাৰ্লেই প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজনে এটা ৰাজনৈতিক দলৰে জড়িত বুলি দাবী কৰিছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত প’কছ’ আইনৰ অধীনতো গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ