--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমৰ যে কিমান শক্তি! প্ৰেমৰ বাবেই কিছুমান সাধুকথা লগা যেন কথা বাস্তৱতো সংঘটিত হয়। জাপানৰ এগৰাকী দীপলীপ ৰাজকুমাৰীয়ে প্ৰেমৰ বাবেই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই সুন্দৰী ৰাজকুমাৰীগৰাকীৰ নাম মেকো। ৰাজকুমাৰী মেকোৱে সাধাৰণ কেৰাণীৰ চাকৰি কৰা এজন যুৱকৰ সৈতে বিয়াত বহিবলৈ ওলোৱাৰ কথাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

জাপানৰ এটা কোম্পানীত সাধাৰণ কেৰাণীৰ চাকৰি কৰা যুৱক কেই কমোৰোৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল মেকোৰ। স্বাভাৱিকতে এই প্ৰেমত ৰাজ পৰিয়ালৰ পৰা আহিছিল বাধা। ৰাজ বৈভৱৰ মাজত ডাঙৰ-দীঘল হোৱা ৰাজকন্যাক এজন সাধাৰণ কেৰাণীক কেনেকৈ গটাই দিয়ে! ২০১২ চনত ইণ্টাৰনেছনেল ক্ৰিশ্চিয়ান বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ৰে পৰা এটা সাধাৰণ পৰিয়ালৰ যুৱক কেই কমোৰোৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈছিল ৰাজকুমাৰী মেকোৰ। বৰ্তমান জাপানৰ এটা কোম্পানীত সাধাৰণ কেৰাণীৰ চাকৰি কৰি আছে কেই কমোৰোয়ে৷

এই দীৰ্ঘদিনীয়া প্ৰেমত বাধা হিচাবে থিয় দি আহিছে ৰাজকুমাৰী মেকোৰ পৰিয়াল। পৰিয়ালৰ তীব্ৰ বিৰোধিতাৰ পিছতো নিজৰ প্ৰেমক সফল ৰূপ দিবলৈ ৰাজকুমাৰী মেকোৱে ২৬ অক্টোবৰত কেই কমোৰোৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। ২০১৮ চনতে ৰাজকুমাৰী মেকোৱে প্ৰেমিকৰ সৈতে বিয়াত বহাৰ পৰিকল্পনা কৰিছিল কিন্তু ৰাজ পৰিয়াল কোনোপধ্য মান্তি হোৱা নাছিল৷ ফলত ৰৈ গৈছিল দুই প্ৰেমিক-প্ৰেমিকা৷ দুয়ো আশাৰে বাট চাইছিল হয়তো এদিন তেওঁলোকৰ প্ৰেমক স্বীকৃতি দিব ৰাজকুমাৰী মেকোৰ পৰিয়ালে৷ কিন্তু ভবা মতে নহ’ল৷

এইবাৰ সকলো বাধা ওফৰাই দুয়ো চিৰজীৱনৰ বাবে এক হ’বলৈ আগবাঢ়িছে৷ বিয়াৰ পিছতে মেকো আৰু কেই কমোৰো গুচি যাব আমেৰিকালৈ। দুয়ো আমেৰিকাতে চাকৰি বিচাৰি জীৱন কটোৱাৰ পৰিকল্পনা কৰিছে৷ পৰিয়ালৰ অসন্মতিত বিয়াত বহিবলৈ ওলোৱাৰ বাবে মেকোৱে ৰাজ পৰিয়ালৰ সকলো সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব। মেকোৰ নাই কোনো আপত্তি কাৰণ তেওঁৰ বাবে প্ৰকৃত প্ৰেমৰ ওচৰত এই সকলোবোৰ অতি তুচ্ছ৷ মেকোৱে হাঁহি হাঁহি ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে ৰাজ পৰিয়ালৰ সকলো সুখ-বৈভৱ৷ নিজৰ প্ৰিয়জনক জীৱনসংগী কৰিবলৈ আগবঢ়া মেকোৰ ওঁঠত এতিয়া অনবৰতে জিলিকি থাকে প্ৰেমৰ তেজাল হাঁহি৷ সুখী হওক মেকো-কেই কমোৰো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ