--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমৰ যে কিমান শক্তি! প্ৰেমৰ বাবেই কিছুমান সাধুকথা লগা যেন কথা বাস্তৱতো সংঘটিত হয়। জাপানৰ এগৰাকী দীপলীপ ৰাজকুমাৰীয়ে প্ৰেমৰ বাবেই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই সুন্দৰী ৰাজকুমাৰীগৰাকীৰ নাম মেকো। ৰাজকুমাৰী মেকোৱে সাধাৰণ কেৰাণীৰ চাকৰি কৰা এজন যুৱকৰ সৈতে বিয়াত বহিবলৈ ওলোৱাৰ কথাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

জাপানৰ এটা কোম্পানীত সাধাৰণ কেৰাণীৰ চাকৰি কৰা যুৱক কেই কমোৰোৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল মেকোৰ। স্বাভাৱিকতে এই প্ৰেমত ৰাজ পৰিয়ালৰ পৰা আহিছিল বাধা। ৰাজ বৈভৱৰ মাজত ডাঙৰ-দীঘল হোৱা ৰাজকন্যাক এজন সাধাৰণ কেৰাণীক কেনেকৈ গটাই দিয়ে! ২০১২ চনত ইণ্টাৰনেছনেল ক্ৰিশ্চিয়ান বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ৰে পৰা এটা সাধাৰণ পৰিয়ালৰ যুৱক কেই কমোৰোৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈছিল ৰাজকুমাৰী মেকোৰ। বৰ্তমান জাপানৰ এটা কোম্পানীত সাধাৰণ কেৰাণীৰ চাকৰি কৰি আছে কেই কমোৰোয়ে৷

এই দীৰ্ঘদিনীয়া প্ৰেমত বাধা হিচাবে থিয় দি আহিছে ৰাজকুমাৰী মেকোৰ পৰিয়াল। পৰিয়ালৰ তীব্ৰ বিৰোধিতাৰ পিছতো নিজৰ প্ৰেমক সফল ৰূপ দিবলৈ ৰাজকুমাৰী মেকোৱে ২৬ অক্টোবৰত কেই কমোৰোৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। ২০১৮ চনতে ৰাজকুমাৰী মেকোৱে প্ৰেমিকৰ সৈতে বিয়াত বহাৰ পৰিকল্পনা কৰিছিল কিন্তু ৰাজ পৰিয়াল কোনোপধ্য মান্তি হোৱা নাছিল৷ ফলত ৰৈ গৈছিল দুই প্ৰেমিক-প্ৰেমিকা৷ দুয়ো আশাৰে বাট চাইছিল হয়তো এদিন তেওঁলোকৰ প্ৰেমক স্বীকৃতি দিব ৰাজকুমাৰী মেকোৰ পৰিয়ালে৷ কিন্তু ভবা মতে নহ’ল৷

এইবাৰ সকলো বাধা ওফৰাই দুয়ো চিৰজীৱনৰ বাবে এক হ’বলৈ আগবাঢ়িছে৷ বিয়াৰ পিছতে মেকো আৰু কেই কমোৰো গুচি যাব আমেৰিকালৈ। দুয়ো আমেৰিকাতে চাকৰি বিচাৰি জীৱন কটোৱাৰ পৰিকল্পনা কৰিছে৷ পৰিয়ালৰ অসন্মতিত বিয়াত বহিবলৈ ওলোৱাৰ বাবে মেকোৱে ৰাজ পৰিয়ালৰ সকলো সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব। মেকোৰ নাই কোনো আপত্তি কাৰণ তেওঁৰ বাবে প্ৰকৃত প্ৰেমৰ ওচৰত এই সকলোবোৰ অতি তুচ্ছ৷ মেকোৱে হাঁহি হাঁহি ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে ৰাজ পৰিয়ালৰ সকলো সুখ-বৈভৱ৷ নিজৰ প্ৰিয়জনক জীৱনসংগী কৰিবলৈ আগবঢ়া মেকোৰ ওঁঠত এতিয়া অনবৰতে জিলিকি থাকে প্ৰেমৰ তেজাল হাঁহি৷ সুখী হওক মেকো-কেই কমোৰো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু