--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ৰামপুৰত ৰে’ল বগৰোৱাৰ কৰাৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। ৰামপুৰৰ উত্তৰাখণ্ড সীমান্তৰ গাতে লাগি থকা কলনীৰ পিছফালে পাৰ হৈ যোৱা ৰেলপথত এটা পুৰণি টেলিকম খুঁটা ৰখা হয়। এই সময়ছোৱাত ডেৰাডুনৰ পৰা কাঠগোদামলৈ যোৱা নাইনী জন শতাব্দী এক্সপ্ৰেছ চলে। বুদ্ধিমান লোকো পাইলটে জৰুৰীকালীন ব্ৰেক লগাই ৰেলখন কোনোমতে ৰখায় । বিষয়টো ষ্টেচন অধীক্ষকক অৱগত কৰা হয়।


ৰে’লআলিত স্থাপন কৰা এটা খুঁটাৰ তথ্য লাভ কৰাৰ লগে লগে নিশাই সেই স্থানত উপস্থিত হয় এছপি বিদ্যাসাগৰ, এএছপি অতুল শ্ৰীবাস্তৱ, এছপিজি আৰপি। ট্ৰেকৰ পৰা খুঁটাটো আঁতৰাই দিয়া হ’ল। বুধবাৰে নিশা বলৱন্ত এনক্লেভ কলনীৰ পিছফালৰ পৰা বিলাসপুৰ পথৰ ৰুদ্ৰপুৰ চিটি ষ্টেচনৰ ৪৩/১০-১১ কিলোমিটাৰ ৰেলপথত সংঘটিত হয় এই ঘটনা। টেলিকমৰ পুৰণি লোহাৰ খুঁটাটো ৰেলপথত ৰখা হয়। বুধবাৰে নিশা প্ৰায় ১১ বজাত কাষেৰে পাৰ হৈ যোৱা ডেৰাডুন এক্সপ্ৰেছ (নং ১২০৯১)ৰ লোকো পাইলটে খুঁটাটো লক্ষ্য কৰে। পৰিদৰ্শনৰ তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় জি আৰ পি, আৰ পি এফ আৰু আউটপোষ্ট আৰক্ষী। দলটোৱে খুঁটাটো উদ্ধাৰ কৰি নিশাৰ ভিতৰতে তদন্ত আৰম্ভ কৰে।


ৰে’লৱেৰ এক বিবৃতিত কোৱা হৈছে যে, ‘বুধবাৰে নিশা কাঠগোডাম আৰু ডেৰাডুনৰ মাজত চলি থকা নাইনি-ডুন এক্সপ্ৰেছ (১২০৯১) ৰে’লখন কাঠগোডাম অভিমুখে গৈ থকা অৱস্থাত ৰে’লপথত লাইনত পৰি থকা এটা লোহাৰ খুঁটা উদ্ধাৰ হয়। জৰুৰীকালীন ব্ৰেক লগাই দুৰ্ঘটনা ৰোধ কৰে লোকো পাইলটে। জি আৰ পি আৰু আৰ পি এফে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু