--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ৰামপুৰত ৰে’ল বগৰোৱাৰ কৰাৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। ৰামপুৰৰ উত্তৰাখণ্ড সীমান্তৰ গাতে লাগি থকা কলনীৰ পিছফালে পাৰ হৈ যোৱা ৰেলপথত এটা পুৰণি টেলিকম খুঁটা ৰখা হয়। এই সময়ছোৱাত ডেৰাডুনৰ পৰা কাঠগোদামলৈ যোৱা নাইনী জন শতাব্দী এক্সপ্ৰেছ চলে। বুদ্ধিমান লোকো পাইলটে জৰুৰীকালীন ব্ৰেক লগাই ৰেলখন কোনোমতে ৰখায় । বিষয়টো ষ্টেচন অধীক্ষকক অৱগত কৰা হয়।


ৰে’লআলিত স্থাপন কৰা এটা খুঁটাৰ তথ্য লাভ কৰাৰ লগে লগে নিশাই সেই স্থানত উপস্থিত হয় এছপি বিদ্যাসাগৰ, এএছপি অতুল শ্ৰীবাস্তৱ, এছপিজি আৰপি। ট্ৰেকৰ পৰা খুঁটাটো আঁতৰাই দিয়া হ’ল। বুধবাৰে নিশা বলৱন্ত এনক্লেভ কলনীৰ পিছফালৰ পৰা বিলাসপুৰ পথৰ ৰুদ্ৰপুৰ চিটি ষ্টেচনৰ ৪৩/১০-১১ কিলোমিটাৰ ৰেলপথত সংঘটিত হয় এই ঘটনা। টেলিকমৰ পুৰণি লোহাৰ খুঁটাটো ৰেলপথত ৰখা হয়। বুধবাৰে নিশা প্ৰায় ১১ বজাত কাষেৰে পাৰ হৈ যোৱা ডেৰাডুন এক্সপ্ৰেছ (নং ১২০৯১)ৰ লোকো পাইলটে খুঁটাটো লক্ষ্য কৰে। পৰিদৰ্শনৰ তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় জি আৰ পি, আৰ পি এফ আৰু আউটপোষ্ট আৰক্ষী। দলটোৱে খুঁটাটো উদ্ধাৰ কৰি নিশাৰ ভিতৰতে তদন্ত আৰম্ভ কৰে।


ৰে’লৱেৰ এক বিবৃতিত কোৱা হৈছে যে, ‘বুধবাৰে নিশা কাঠগোডাম আৰু ডেৰাডুনৰ মাজত চলি থকা নাইনি-ডুন এক্সপ্ৰেছ (১২০৯১) ৰে’লখন কাঠগোডাম অভিমুখে গৈ থকা অৱস্থাত ৰে’লপথত লাইনত পৰি থকা এটা লোহাৰ খুঁটা উদ্ধাৰ হয়। জৰুৰীকালীন ব্ৰেক লগাই দুৰ্ঘটনা ৰোধ কৰে লোকো পাইলটে। জি আৰ পি আৰু আৰ পি এফে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু