--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাত পুনৰ সৃষ্টি হৈছে সাম্প্ৰদায়িক উত্তেজনা। ৰাজ্য খনৰ নুহত বিয়পি পৰিছে সাম্প্ৰদায়িক হিংসা । মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ যোৱা  কেইবাগৰাকীও মহিলাৰ ওপৰত শিলাবৰ্ষণ কৰাকলৈ  এই উত্তেজনাৰ সৃষ্টি হয়।  অভিযোগ অনুসৰি এটা মছজিদৰ পৰা তেওঁলোকৰ ওপৰত শিল নিক্ষেপ কৰা হৈছিল।  

এই ঘটনাত আঠগৰাকী  লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰ ঠিক পিছতে  স্থানীয় লোক একাংশই উন্মত্ত ৰূপ ধাৰণ কৰে।আৰক্ষীয়ে প্ৰকাশ কৰা মতে শিল নিক্ষেপ কৰাৰ  ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। উল্লেখ্য আগষ্ট মাহত হাৰিয়ানাৰ নুহত সংঘটিত  সাম্প্ৰদায়িক হিংসাত ছজন লোক নিহত হৈছিল। তিনি মাহৰ ভিতৰত ৰাজ্যখনত পুনৰ  হিংসাত্মক ঘটনা সংঘটিত হৈছে ।নুহৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কিছুসংখ্যক  মহিলা আৰু শিশুৱে মন্দিৰলৈ  উপাসনা কৰিবলৈ গৈ আছিল। তেতিয়াই ইটা নিক্ষেপ কৰা  আৰম্ভ হৈছিল। মছজিদ এটা পাৰ হোৱাৰ সময়তে তেওঁলোকক আক্ৰমণ কৰা হৈছিল। ঘটনাটো বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল। এই খবৰ বিয়পি পৰাৰ পিছতে  অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে।

আৰক্ষীয়ে কৈছে  যে তেওঁলোকে ঠাইখনৰ ভিডিঅ' পৰীক্ষা কৰি আছে। মছজিদৰ মেৰামতিৰ কাম চলি আছিল, তাৰ পৰাই মহিলাসকলৰ ওপৰত ইটা  নিক্ষেপ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। বৃহস্পতিবাৰে নিশাৰ পৰাই  পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। ঘটনাটো সন্দৰ্ভত  এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

শুকুৰবাৰে  পুৱা নুহত পুনৰ অস্থিৰতা আৰম্ভ হয়। স্থানীয় লোকসকলে শিল নিক্ষেপৰ ঘটনাৰ বিৰুদ্ধে  বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ডিএছপি বীৰেন্দ্ৰ সিঙে ঘটনাস্থলীত উপস্থিত হৈছে । সকলোকে তেওঁ  শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনাইছে।তেওঁ কয়  "ইতিমধ্যে  তদন্ত আৰম্ভ কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।’’  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক