--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাত পুনৰ সৃষ্টি হৈছে সাম্প্ৰদায়িক উত্তেজনা। ৰাজ্য খনৰ নুহত বিয়পি পৰিছে সাম্প্ৰদায়িক হিংসা । মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ যোৱা  কেইবাগৰাকীও মহিলাৰ ওপৰত শিলাবৰ্ষণ কৰাকলৈ  এই উত্তেজনাৰ সৃষ্টি হয়।  অভিযোগ অনুসৰি এটা মছজিদৰ পৰা তেওঁলোকৰ ওপৰত শিল নিক্ষেপ কৰা হৈছিল।  

এই ঘটনাত আঠগৰাকী  লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰ ঠিক পিছতে  স্থানীয় লোক একাংশই উন্মত্ত ৰূপ ধাৰণ কৰে।আৰক্ষীয়ে প্ৰকাশ কৰা মতে শিল নিক্ষেপ কৰাৰ  ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। উল্লেখ্য আগষ্ট মাহত হাৰিয়ানাৰ নুহত সংঘটিত  সাম্প্ৰদায়িক হিংসাত ছজন লোক নিহত হৈছিল। তিনি মাহৰ ভিতৰত ৰাজ্যখনত পুনৰ  হিংসাত্মক ঘটনা সংঘটিত হৈছে ।নুহৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কিছুসংখ্যক  মহিলা আৰু শিশুৱে মন্দিৰলৈ  উপাসনা কৰিবলৈ গৈ আছিল। তেতিয়াই ইটা নিক্ষেপ কৰা  আৰম্ভ হৈছিল। মছজিদ এটা পাৰ হোৱাৰ সময়তে তেওঁলোকক আক্ৰমণ কৰা হৈছিল। ঘটনাটো বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল। এই খবৰ বিয়পি পৰাৰ পিছতে  অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে।

আৰক্ষীয়ে কৈছে  যে তেওঁলোকে ঠাইখনৰ ভিডিঅ' পৰীক্ষা কৰি আছে। মছজিদৰ মেৰামতিৰ কাম চলি আছিল, তাৰ পৰাই মহিলাসকলৰ ওপৰত ইটা  নিক্ষেপ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। বৃহস্পতিবাৰে নিশাৰ পৰাই  পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। ঘটনাটো সন্দৰ্ভত  এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

শুকুৰবাৰে  পুৱা নুহত পুনৰ অস্থিৰতা আৰম্ভ হয়। স্থানীয় লোকসকলে শিল নিক্ষেপৰ ঘটনাৰ বিৰুদ্ধে  বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ডিএছপি বীৰেন্দ্ৰ সিঙে ঘটনাস্থলীত উপস্থিত হৈছে । সকলোকে তেওঁ  শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনাইছে।তেওঁ কয়  "ইতিমধ্যে  তদন্ত আৰম্ভ কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।’’  

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ