--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু!এক চিৰন্তন সত্য৷গ্ৰীক দাৰ্শনিক প্লেটোৱে মৃত্যুক শৰীৰৰ পৰা আত্মাক পৃথক হোৱা বুলি সংজ্ঞায়িত কৰিছিল৷ব্যক্তিৰ মৃত্যুৰ পাছত মৃতকৰ ঘনিষ্ঠ লোকসকলে শেষকৃত্যত উপস্থিত থাকি সমবেদনা জ্ঞাপন কৰাৰ প্ৰথা অতীতৰেপৰা প্ৰচলিত৷কিন্তু যদি একালৰ প্ৰবল প্ৰতাপী ধনাঢ্য ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়াত যদি নিজ পুত্ৰই অনুপস্থিত নাথাকে তেন্তে সেই ঘটনাই বিশ্বক সচকিত কৰি তোলাতো স্বাভাৱিক৷বিশ্ববিশ্ৰুত শিল্পী মাইকেল জেকছন,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত সহস্ৰাধিক গুণমুগ্ধই শেষ বিদায় প্ৰদান কৰিবলৈ হেতাওপৰা কৰিছিল৷হয়টো তেওঁলোকৰ সম্পত্তিৰ অগাধ পাহাৰ নাছিল কিন্তু শিল্পী হিচাপে যি সামাজিক অৱদান সেয়া ধন-সম্পত্তিতকৈয়ো বহু ওপৰত অৱস্থান কৰিছিল৷


দুই হাজাৰ কোটি টকাৰ এটা কোম্পানী, লাখ লাখ কৰ্মচাৰী, কোটি কোটি গ্ৰাহক, কোটি টকাৰ সম্পত্তি, কিন্তু সুব্ৰত ৰয়ৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ দুয়োজন পুত্ৰই উপস্থিত নথকা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। পিতৃৰ শৱ কান্ধত লোৱাটো তেওঁলোকৰ ভাগ্যত নাছিল নে সুব্ৰত ৰয়ৰ ভাগ্যত নাছিল কোনেও নাজানে, কিন্তু সুশান্ত আৰু সীমান্ত ৰয়ে শেষকৃতত অংশগ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ পোহৰলৈ আহিছে। যেতিয়া সুব্ৰত ৰয়ৰ পত্নী স্বপ্না ৰয়ক তেওঁলোকৰ পুত্ৰ নহাৰ কাৰণ সোধাত তেওঁ কয় যে তেওঁলোক বিদেশত আছে আৰু বিশেষ কাৰণত যাত্ৰা কৰিব নোৱাৰিলে। সেয়ে লণ্ডনৰ পৰা অহা নাতি হিমাংকৰ দ্বাৰা সুব্ৰত ৰয়ৰ অন্তিম কাৰ্য সমাপন কৰা হয়৷


উল্লেখ্য যে ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ ২০২৩ চনৰ ১৪ নৱেম্বৰৰ নিশা মৃত্যু হয়। বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত চাৰ্টাৰ্ড বিমানেৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ চহৰলৈ ৰয়ৰ মৃতদেহ অনা হয়।লক্ষ্ণৌত সুব্ৰত ৰয়ক বিদায় দিয়ে তেওঁৰ নাতি হিমংক ৰয়ে, যি সুব্ৰতৰ কনিষ্ঠ পুত্ৰ সীমান্তৰ ডাঙৰ পুত্ৰ আৰু লণ্ডনত অধ্যয়ন কৰি আছে। মঙলবাৰে হিমাংক মুম্বাইত উপস্থিত হয়। তদুপৰি উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱো ছাহাৰাশ্ৰীক শ্ৰদ্ধাঞ্জলি দিবলৈ উপস্থিত হয়৷


স্মৰ্তব্য যে বিগত কিছুদিন ধৰি সুব্ৰত ৰয় অসুস্থ হৈ আছিল। কোকিলাবেন হাস্পতালত ৰয়ৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল। ছাহাৰা ইণ্ডিয়াই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে সুব্ৰত ৰয় মেটাষ্টেটিক ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগত আক্ৰান্ত হৈ আছিল। ইয়াৰ পাছত ১৪ নৱেম্বৰত শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ৰয়ৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।

সুব্ৰত ৰয়ে ইহ সংসাৰত তেওঁৰ পত্নী স্বপ্না ৰায়, দুজন পুত্ৰ সুশান্ত ৰায় আৰু সীমান্ত ৰয় সহিতে বোৱাৰী আৰু নাতিক এৰি গৈছে৷ ছাহাৰাশ্ৰীৰ মৃত্যুৰ পাছত তেওঁৰ দুই পুত্ৰই ব্যৱসায়ৰ দায়িত্ব ল’ব বুলি ধাৰণা কৰা হৈছে। কিন্তু সুব্ৰত ৰয় ছাহাৰাই জীয়াই থকা অৱস্থাত উত্তৰাধিকাৰী ঘোষণা কৰা নাছিল। উত্তৰাধিকাৰী সন্দৰ্ভত এতিয়াও ছাহাৰা পৰিয়ালে কোনো বক্তব্য দিয়া নাই যদিও এতিয়ালৈকে বিশ্বাস কৰা হৈছে যে ৰয়ৰ দুয়োজন পুত্ৰক তেওঁলোকৰ উত্তৰাধিকাৰী বুলি ঘোষণা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক