--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু!এক চিৰন্তন সত্য৷গ্ৰীক দাৰ্শনিক প্লেটোৱে মৃত্যুক শৰীৰৰ পৰা আত্মাক পৃথক হোৱা বুলি সংজ্ঞায়িত কৰিছিল৷ব্যক্তিৰ মৃত্যুৰ পাছত মৃতকৰ ঘনিষ্ঠ লোকসকলে শেষকৃত্যত উপস্থিত থাকি সমবেদনা জ্ঞাপন কৰাৰ প্ৰথা অতীতৰেপৰা প্ৰচলিত৷কিন্তু যদি একালৰ প্ৰবল প্ৰতাপী ধনাঢ্য ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়াত যদি নিজ পুত্ৰই অনুপস্থিত নাথাকে তেন্তে সেই ঘটনাই বিশ্বক সচকিত কৰি তোলাতো স্বাভাৱিক৷বিশ্ববিশ্ৰুত শিল্পী মাইকেল জেকছন,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত সহস্ৰাধিক গুণমুগ্ধই শেষ বিদায় প্ৰদান কৰিবলৈ হেতাওপৰা কৰিছিল৷হয়টো তেওঁলোকৰ সম্পত্তিৰ অগাধ পাহাৰ নাছিল কিন্তু শিল্পী হিচাপে যি সামাজিক অৱদান সেয়া ধন-সম্পত্তিতকৈয়ো বহু ওপৰত অৱস্থান কৰিছিল৷


দুই হাজাৰ কোটি টকাৰ এটা কোম্পানী, লাখ লাখ কৰ্মচাৰী, কোটি কোটি গ্ৰাহক, কোটি টকাৰ সম্পত্তি, কিন্তু সুব্ৰত ৰয়ৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ দুয়োজন পুত্ৰই উপস্থিত নথকা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। পিতৃৰ শৱ কান্ধত লোৱাটো তেওঁলোকৰ ভাগ্যত নাছিল নে সুব্ৰত ৰয়ৰ ভাগ্যত নাছিল কোনেও নাজানে, কিন্তু সুশান্ত আৰু সীমান্ত ৰয়ে শেষকৃতত অংশগ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ পোহৰলৈ আহিছে। যেতিয়া সুব্ৰত ৰয়ৰ পত্নী স্বপ্না ৰয়ক তেওঁলোকৰ পুত্ৰ নহাৰ কাৰণ সোধাত তেওঁ কয় যে তেওঁলোক বিদেশত আছে আৰু বিশেষ কাৰণত যাত্ৰা কৰিব নোৱাৰিলে। সেয়ে লণ্ডনৰ পৰা অহা নাতি হিমাংকৰ দ্বাৰা সুব্ৰত ৰয়ৰ অন্তিম কাৰ্য সমাপন কৰা হয়৷


উল্লেখ্য যে ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ ২০২৩ চনৰ ১৪ নৱেম্বৰৰ নিশা মৃত্যু হয়। বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত চাৰ্টাৰ্ড বিমানেৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ চহৰলৈ ৰয়ৰ মৃতদেহ অনা হয়।লক্ষ্ণৌত সুব্ৰত ৰয়ক বিদায় দিয়ে তেওঁৰ নাতি হিমংক ৰয়ে, যি সুব্ৰতৰ কনিষ্ঠ পুত্ৰ সীমান্তৰ ডাঙৰ পুত্ৰ আৰু লণ্ডনত অধ্যয়ন কৰি আছে। মঙলবাৰে হিমাংক মুম্বাইত উপস্থিত হয়। তদুপৰি উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱো ছাহাৰাশ্ৰীক শ্ৰদ্ধাঞ্জলি দিবলৈ উপস্থিত হয়৷


স্মৰ্তব্য যে বিগত কিছুদিন ধৰি সুব্ৰত ৰয় অসুস্থ হৈ আছিল। কোকিলাবেন হাস্পতালত ৰয়ৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল। ছাহাৰা ইণ্ডিয়াই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে সুব্ৰত ৰয় মেটাষ্টেটিক ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগত আক্ৰান্ত হৈ আছিল। ইয়াৰ পাছত ১৪ নৱেম্বৰত শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ৰয়ৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।

সুব্ৰত ৰয়ে ইহ সংসাৰত তেওঁৰ পত্নী স্বপ্না ৰায়, দুজন পুত্ৰ সুশান্ত ৰায় আৰু সীমান্ত ৰয় সহিতে বোৱাৰী আৰু নাতিক এৰি গৈছে৷ ছাহাৰাশ্ৰীৰ মৃত্যুৰ পাছত তেওঁৰ দুই পুত্ৰই ব্যৱসায়ৰ দায়িত্ব ল’ব বুলি ধাৰণা কৰা হৈছে। কিন্তু সুব্ৰত ৰয় ছাহাৰাই জীয়াই থকা অৱস্থাত উত্তৰাধিকাৰী ঘোষণা কৰা নাছিল। উত্তৰাধিকাৰী সন্দৰ্ভত এতিয়াও ছাহাৰা পৰিয়ালে কোনো বক্তব্য দিয়া নাই যদিও এতিয়ালৈকে বিশ্বাস কৰা হৈছে যে ৰয়ৰ দুয়োজন পুত্ৰক তেওঁলোকৰ উত্তৰাধিকাৰী বুলি ঘোষণা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক