--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলিম মহিলাসকলে বিউটি পাৰ্লাৰলৈ যাব নালাগে। বিশেষকৈ য'ত পুৰুষ কৰ্মীয়ে  কাম কৰে। এয়া  একেবাৰে উচিৎ কথা নহয়। উত্তৰ প্ৰদেশৰ এজন ধৰ্মগুৰুয়ে পৰামৰ্শই প্ৰদান কৰিলে।  মুফতি আছাদ কাছমী নামৰ এজন ইছলামিক  ধৰ্মগুৰুয়ে কয় যে মুছলমান মহিলাসকলে  মহিলাই  কাম কৰা বিউটি পাৰ্লাৰলৈ যোৱাত কোনো  বাধা নাই। 

তেওঁ কেৱল পুৰুষ কৰ্মচাৰীসকলে কাম কৰা বিউটি পাৰ্লাৰলৈ যোৱাৰ বিষয়তহে আপত্তি  কৰে। তেওঁৰ এনে পৰামৰ্শই স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ কানপুৰত শেহতীয়াকৈ সংঘটিত এক ঘটনাৰ পিছতে মৌলৱীগৰাকীয়ে এনেদৰে মন্তব্য কৰে।

এজন লোকে বিউটি পাৰ্লাৰলৈ যোৱা  তেওঁৰ পত্নীক ভিডিঅ' কলত দেখাৰ পিছতে পত্নীক  বিবাহ বিচ্ছেদ দিছিল । লোকজনে  চৌদি আৰৱত কাম কৰি আছিল। পত্নীক দেখি চেলিম নামৰ লোকজনে কৈছিল, " মোৰ সকলো আপত্তি স্বত্বেও তুমি  বিউটি পাৰ্লাৰলৈ গ’লা?

 আজিৰে পৰা মই তোমাক  এই বিবাহৰ পৰা মুক্ত কৰিলো’’। ইয়াৰ পিছত, চেলিমে একেৰাহে তিনিবাৰ তালাক ঘোষণা কৰে আৰু ফোনটো কাটি দিয়ে। বাৰে বাৰে ফোন কৰা স্বত্বেও তেওঁ উত্তৰ দিয়া নাছিল। এনে ঘটনাৰ পিছতে  উত্তৰ প্ৰদেশৰ  ধৰ্মগুৰু জনে  বিউটি পাৰ্লাৰৰ বিষয়ে এনে ধৰণৰ পৰামৰ্শ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা