--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাঁহি আমাৰ ব্যক্তিত্বৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু হাঁহি থকাৰ সময়ত যদি আপোনাৰ হালধীয়া দাঁত দেখা পোৱা যয়, তেন্তে ই আপোনাৰ সামগ্ৰিক ব্যক্তিত্বত নেতিবাচক প্ৰভাৱ পেলায়। বহু সময়ত দৈনিক ভালদৰে দাঁত পৰিষ্কাৰ কৰাৰ পাছতো দাঁত হালধীয়া হৈ থাকে। যদি আপোনাৰ দাঁতবোৰো হালধীয়া হৈ পৰিছে, তেন্তে দন্ত চিকিৎসকৰ ওচৰলৈ গৈ ব্যয়বহুল চিকিৎসা লোৱাৰ আগতে এবাৰ এই ঘৰুৱা উপায়বোৰ গ্ৰহণ কৰাৰ চেষ্টা কৰক। এইবোৰৰ সহায়ত আপুনি ঘৰত বহি সহজতে হালধীয়া দাঁত বগা কৰিব পাৰিব। 

১) সৰিয়হ তেল আৰু নিমখঃ দাঁত হালধীয়া হোৱাৰ পৰা সৰিয়হৰ তেলে ৰক্ষা কৰিব পাৰে। আয়ুৰ্বেদৰ মতে হালধীয়া দাঁতৰ সমস্যা দূৰ কৰি বগা আৰু চিকচিকিয়া দাঁত পাবলৈ সৰিয়হ তেল ব্যৱহাৰ কৰিব লাগে। দাঁত বগা কৰাৰ লগতে সৰিয়হ তেলে মুখত থকা বেক্টেৰিয়াবোৰো আঁতৰাই পেলায়। ইয়াৰ বাবে আধা চামুচ সৰিয়হ তেলত এচিকুট নিমখ মিহলাই এই মিশ্ৰণেৰে কিছু সময় দাঁত ঘঁহিব লাগে। এনেদৰে ৩ৰ পৰা ৫ মিনিট কৰিলে সুফল পাব। 

২) সৰিয়হৰ তেল আৰু হালধিঃ ইচ্ছা কৰিলে সৰিয়হ তেলৰ লগতে নিমখৰ সলনি হালধি ব্যৱহাৰ কৰিও মুকুতাৰ দৰে বগা আৰু চিকচিকিয়া দাঁত পাব পাৰে। ইয়াৰ বাবে আধা চামুচ হালধি গুড়িত ১ চামুচ সৰিয়হ তেল মিহলাই এই পেষ্টটো আঙুলিৰ সহায়ত দাঁতত লাহে লাহে ঘঁহি দিব লাগে। এই মিশ্ৰণটো নিয়মিতভাৱে ব্যৱহাৰ কৰিলে কেইদিনমানৰ পাছত দাঁতবোৰৰ পৰা হালধীয়া ৰং সম্পূৰ্ণৰূপে আঁতৰি যাব।

৩) কলৰ বাকলিঃ দাঁত বগা কৰিবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। হয়, কল যিমানেই উপকাৰী ফল, তাৰ বাকলিও সমানেই উপকাৰী। কলৰ বাকলিৰ বগা অংশটোৰে দৈনিক ১ বা ২ মিনিটৰ বাবে দাঁত ঘঁহিব লাগে আৰু তাৰপাছত প্ৰতিদিনে ব্ৰাছ কৰিব লাগে। দাঁতে কলত থকা পটাছিয়াম, মেংগানিজ আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ শোষণ কৰে। ইয়াৰ ফলত দাঁতবোৰ বগা হোৱাই নহয়, দাঁতবোৰো মজবুত হৈ পৰে। এই কলৰ বাকলিৰ পক্ৰিয়াটো সপ্তাহত ২ৰ পৰা ৩ বাৰ চেষ্টা কৰক আৰু তাৰপাছত চাওক দাঁতৰ পৰা হালধীয়া ৰং কেনেকৈ আঁতৰি যাব।

৪) বেকিং ছ’ডা আৰু নেমুৰ ৰসঃ  ঘৰতে সহজে দাঁত বগা কৰিব পৰা আন এক পদ্ধতি হৈছে বেকিং ছ’ডা আৰু নেমুৰ ৰস। এখন প্লেটত ১ চামুচ বেকিং ছ’ডা লৈ তাত অলপ নেমুৰ ৰস দিব লাগে। পেষ্টৰ দৰে নোহোৱালৈকে ইয়াত নেমুৰ ৰস দি থাকিব। এতিয়া এই পেষ্টটো টুথব্ৰাছত লগাই দাঁতত ভালদৰে ঘঁহক। প্ৰায় ১ মিনিটমান দাঁতত থৈ তাৰ পিছত মুখখন ধুব লাগে। বেকিং ছ’ডা থকা এই পেষ্টটো ১ মিনিটতকৈ বেছি সময় দাঁতৰ ওপৰত নাৰাখিব নহ’লে ই দাঁতৰ ইনামেল নষ্ট কৰিব পাৰে।

৫) ষ্ট্ৰবেৰীঃ ১ বা ২ টা সতেজ ষ্ট্ৰবেৰী লৈ ভালদৰে পেষ্ট কৰি লওক। তাৰ পিছত ২ৰ পৰা ৩ মিনিট সময় দাঁতত ৰাখিব আৰু তাৰ পিছত মুখ ধুব লাগে। ইচ্ছা কৰিলে ষ্ট্ৰবেৰী মুখত লৈ ভালদৰে ব্ৰাছ কৰিব পাৰে। ষ্ট্ৰবেৰীত মেলিক এচিড নামৰ এবিধ প্ৰাকৃতিক এনজাইম থাকে, যিয়ে দাঁতৰ হালধীয়া ৰং আঁতৰাই প্ৰাকৃতিকভাৱে বগা হোৱাত সহায় কৰে। লগতে ষ্ট্ৰবেৰীত থকা আঁহে মুখৰ বেক্টেৰিয়া আঁতৰোৱাত সহায় কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ