--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাঁহি আমাৰ ব্যক্তিত্বৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু হাঁহি থকাৰ সময়ত যদি আপোনাৰ হালধীয়া দাঁত দেখা পোৱা যয়, তেন্তে ই আপোনাৰ সামগ্ৰিক ব্যক্তিত্বত নেতিবাচক প্ৰভাৱ পেলায়। বহু সময়ত দৈনিক ভালদৰে দাঁত পৰিষ্কাৰ কৰাৰ পাছতো দাঁত হালধীয়া হৈ থাকে। যদি আপোনাৰ দাঁতবোৰো হালধীয়া হৈ পৰিছে, তেন্তে দন্ত চিকিৎসকৰ ওচৰলৈ গৈ ব্যয়বহুল চিকিৎসা লোৱাৰ আগতে এবাৰ এই ঘৰুৱা উপায়বোৰ গ্ৰহণ কৰাৰ চেষ্টা কৰক। এইবোৰৰ সহায়ত আপুনি ঘৰত বহি সহজতে হালধীয়া দাঁত বগা কৰিব পাৰিব। 

১) সৰিয়হ তেল আৰু নিমখঃ দাঁত হালধীয়া হোৱাৰ পৰা সৰিয়হৰ তেলে ৰক্ষা কৰিব পাৰে। আয়ুৰ্বেদৰ মতে হালধীয়া দাঁতৰ সমস্যা দূৰ কৰি বগা আৰু চিকচিকিয়া দাঁত পাবলৈ সৰিয়হ তেল ব্যৱহাৰ কৰিব লাগে। দাঁত বগা কৰাৰ লগতে সৰিয়হ তেলে মুখত থকা বেক্টেৰিয়াবোৰো আঁতৰাই পেলায়। ইয়াৰ বাবে আধা চামুচ সৰিয়হ তেলত এচিকুট নিমখ মিহলাই এই মিশ্ৰণেৰে কিছু সময় দাঁত ঘঁহিব লাগে। এনেদৰে ৩ৰ পৰা ৫ মিনিট কৰিলে সুফল পাব। 

২) সৰিয়হৰ তেল আৰু হালধিঃ ইচ্ছা কৰিলে সৰিয়হ তেলৰ লগতে নিমখৰ সলনি হালধি ব্যৱহাৰ কৰিও মুকুতাৰ দৰে বগা আৰু চিকচিকিয়া দাঁত পাব পাৰে। ইয়াৰ বাবে আধা চামুচ হালধি গুড়িত ১ চামুচ সৰিয়হ তেল মিহলাই এই পেষ্টটো আঙুলিৰ সহায়ত দাঁতত লাহে লাহে ঘঁহি দিব লাগে। এই মিশ্ৰণটো নিয়মিতভাৱে ব্যৱহাৰ কৰিলে কেইদিনমানৰ পাছত দাঁতবোৰৰ পৰা হালধীয়া ৰং সম্পূৰ্ণৰূপে আঁতৰি যাব।

৩) কলৰ বাকলিঃ দাঁত বগা কৰিবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। হয়, কল যিমানেই উপকাৰী ফল, তাৰ বাকলিও সমানেই উপকাৰী। কলৰ বাকলিৰ বগা অংশটোৰে দৈনিক ১ বা ২ মিনিটৰ বাবে দাঁত ঘঁহিব লাগে আৰু তাৰপাছত প্ৰতিদিনে ব্ৰাছ কৰিব লাগে। দাঁতে কলত থকা পটাছিয়াম, মেংগানিজ আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ শোষণ কৰে। ইয়াৰ ফলত দাঁতবোৰ বগা হোৱাই নহয়, দাঁতবোৰো মজবুত হৈ পৰে। এই কলৰ বাকলিৰ পক্ৰিয়াটো সপ্তাহত ২ৰ পৰা ৩ বাৰ চেষ্টা কৰক আৰু তাৰপাছত চাওক দাঁতৰ পৰা হালধীয়া ৰং কেনেকৈ আঁতৰি যাব।

৪) বেকিং ছ’ডা আৰু নেমুৰ ৰসঃ  ঘৰতে সহজে দাঁত বগা কৰিব পৰা আন এক পদ্ধতি হৈছে বেকিং ছ’ডা আৰু নেমুৰ ৰস। এখন প্লেটত ১ চামুচ বেকিং ছ’ডা লৈ তাত অলপ নেমুৰ ৰস দিব লাগে। পেষ্টৰ দৰে নোহোৱালৈকে ইয়াত নেমুৰ ৰস দি থাকিব। এতিয়া এই পেষ্টটো টুথব্ৰাছত লগাই দাঁতত ভালদৰে ঘঁহক। প্ৰায় ১ মিনিটমান দাঁতত থৈ তাৰ পিছত মুখখন ধুব লাগে। বেকিং ছ’ডা থকা এই পেষ্টটো ১ মিনিটতকৈ বেছি সময় দাঁতৰ ওপৰত নাৰাখিব নহ’লে ই দাঁতৰ ইনামেল নষ্ট কৰিব পাৰে।

৫) ষ্ট্ৰবেৰীঃ ১ বা ২ টা সতেজ ষ্ট্ৰবেৰী লৈ ভালদৰে পেষ্ট কৰি লওক। তাৰ পিছত ২ৰ পৰা ৩ মিনিট সময় দাঁতত ৰাখিব আৰু তাৰ পিছত মুখ ধুব লাগে। ইচ্ছা কৰিলে ষ্ট্ৰবেৰী মুখত লৈ ভালদৰে ব্ৰাছ কৰিব পাৰে। ষ্ট্ৰবেৰীত মেলিক এচিড নামৰ এবিধ প্ৰাকৃতিক এনজাইম থাকে, যিয়ে দাঁতৰ হালধীয়া ৰং আঁতৰাই প্ৰাকৃতিকভাৱে বগা হোৱাত সহায় কৰে। লগতে ষ্ট্ৰবেৰীত থকা আঁহে মুখৰ বেক্টেৰিয়া আঁতৰোৱাত সহায় কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু