--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জণ্ডিচ হৈছে লিভাৰত আক্ৰান্ত এক গুৰুতৰ ৰোগ আৰু জণ্ডিচৰ ফলত শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। কিন্তু এই সমস্যাবোৰ ঘৰুৱাভাৱে সমাধান হ’ব পাৰে যদিও এই ৰোগ সাধাৰণ হ’লেও ইয়াৰ ফলত ছাল, শ্লেষ্মা আৱৰণ, চকুৰ বগা অংশত হালধীয়া ৰং হ’ব পাৰে। কেতিয়াবা শৰীৰৰ তৰল পদাৰ্থৰ ৰঙো হালধীয়া হ’ব পাৰে। যেনে-প্ৰস্ৰাৱ হালধীয়া হোৱা। জণ্ডিচ প্ৰায়ে যকৃৎ বা পিত্তনলীৰ সমস্যাৰ লগত জড়িত হৈ থাকে।

 জণ্ডিচৰ কাৰণ কি?

বিশ্বাস কৰা হয় যে যকৃতে যেতিয়া সঠিকভাৱে কাম নকৰে তেতিয়া ই তেজত বিলিৰুবিন নামৰ লেতেৰা পদাৰ্থ এটা উৎপন্ন কৰিবলৈ আৰম্ভ কৰে। তেজত এই পদাৰ্থ বৃদ্ধি হোৱাৰ বাবে চকু আৰু নখ হালধীয়া হ’বলৈ ধৰে। এই পদাৰ্থৰ পৰিমাণ বেছি হ’লে হালধীয়া ৰং সেউজীয়ালৈ সলনি হ’ব পাৰে যদিও এই ৰোগ যিকোনো ব্যক্তিক আক্ৰান্ত কৰিব পাৰে। তথাপিও শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। যদি আমি জণ্ডিচৰ লক্ষণৰ কথা কওঁ তেন্তে ইয়াৰ ভিতৰত আছে ছাল, চকু আৰু নখ হালধীয়া হোৱা, প্ৰস্ৰাৱ আৰু হালধীয়া হোৱা। এইবোৰৰ বাহিৰেও ৰোগীয়ে ক্লান্তি, পেটৰ বিষ, ওজন কমি যোৱা, বমি, জ্বৰ আদি লক্ষণে দেখা দিব পাৰে। জণ্ডিচৰ চিকিৎসাৰ বাবে বহুতো চিকিৎসা পদ্ধতি আছে যদিও জণ্ডিচৰ বাবে ঘৰুৱা উপায়ো চেষ্টা কৰি চাব পাৰে আৰু সেইবোৰো অতি ফলপ্ৰসূ। চাওকচোন সেইবোৰ কি?

 ১. ৰহৰ গছৰ পাত-

* ৰহৰ পাত পিহি দৈনিক ৬০ মিলিলিটাৰ ৰস খালে জণ্ডিচ আৰোগ্য হয়।

* ইয়াক নেমুৰ লগত মিহলাই খোৱাটোও পুষ্টিকৰ হোৱাৰ বিপৰীতে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি।

 ২. কেৰেলা গছৰ পাত-

* ৭-১০খনমান পাত লৈ একাপ পানীত উতলাই ঠাণ্ডা কৰি খাওক।

* ১০-১৫ ধনীয়া পাত আধা লিটাৰ পানীত উতলাই খাব পাৰে।

* এই ৰস প্ৰতিদিনে খাব পাৰে।

* জণ্ডিচৰ ফলপ্ৰসূ চিকিৎসাৰ বাবে দিনটোত কমেও তিনিবাৰকৈ খাব লাগে।

 ৩. মুলা গছৰ পাত-

* জণ্ডিচত মুলাপাত খাব পাৰি

* নিতৌ মূলাপাতৰ ৰস খাব লাগে।

* নিষ্কাশিত ৰস প্ৰায় আধা লিটাৰ প্ৰতিদিনে সেৱন কৰিব লাগে

* প্ৰায় দহদিনৰ পাছত ৰোগীয়ে ৰোগৰ পৰা মুক্তি পাব।

৪. অমিতা গছৰ পাত-

* নেচনেল হেল্থ পৰ্টেলৰ মতে এচামুচ মৌ, অমিতা পাতৰ লগত মিহলাই খালে উপশম পাব।

* প্ৰায় এসপ্তাহ বা দুসপ্তাহমান নিয়মিতভাৱে খাব লাগে।

* জণ্ডিচৰ বাবে এইটো এটা অতি ফলপ্ৰসূ ঘৰুৱা ঔষধ।

 ৫. তুলসী পাত-

* প্ৰায় ১০-১৫টা তুলসী পাতৰ পেষ্ট বনাই খাব পাৰে।

* তাত মুলা পাতৰ ৰসো আধা গিলাচ যোগ দিব পাৰে।

* এই প্ৰস্তুতি দৈনিক প্ৰায় দুসপ্তাহৰ পৰা তিনিসপ্তাহলৈকে খালে ভাল ফলাফল পোৱা যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ