--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰকৃতিয়ে ফলমূল, শাক-পাচলি, মছলা আৰু তৰল পদাৰ্থ ঔষধি গুণৰ যোগান ধৰে যাতে শৰীৰ আৰু মন সুস্থ হৈ থাকে। শৰীৰৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী প্ৰাকৃতিক খাদ্য পদাৰ্থবোৰ অমৃতৰ দৰে। এই খাদ্যসমূহ স্বাস্থ্যৰ বাবে উপযোগী, ইয়াৰ প্ৰমাণ কেৱল প্ৰাচীন আয়ুৰ্বেদিক আৰু ইউনানী গ্ৰন্থত পোৱা নহয়, আধুনিক চিকিৎসা বিজ্ঞানেও ইয়াৰ গুণৰ বিষয়ে বৰ্ণনা কৰিছে। বহুতো বৈজ্ঞানিক গৱেষণাত প্ৰমাণিত হৈছে যে ফলমূল, শাক-পাচলি, বাদাম, মছলা আৰু গাখীৰ-দৈ আদিত শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান যেনে-ভিটামিন, খনিজ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেটৰ ভঁৰাল আছে। প্ৰাকৃতিক খাদ্যই শৰীৰক সুস্থ কৰি তোলে। এই ঔষধি গুণ থকা ফলমূল আৰু শাক-পাচলিৰ শ্ৰেণীত বিলাহী অন্তৰ্ভুক্ত কৰা হৈছে। বিলাহী খোৱাৰ বহুতো উপকাৰিতা আছে যদিও কোনো বস্তু সঠিকভাৱে নাখালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। এনে অৱস্থাত স্বাস্থ্যৰ বাবে বিলাহী উপকাৰী হ’লেও স্বাস্থ্যৰ ওপৰত হোৱা ক্ষতিৰ বিষয়ে জানি লওক।

 ১. বিলাহীত পোৱা পুষ্টিকৰ উপাদান-

বিলাহীত ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-কে প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰি পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ, কপাৰ আৰু নিয়াচিন আদি পুষ্টিকৰ উপাদান থকাৰ বিপৰীতে বিলাহীত ছ’ডিয়াম, কলেষ্টেৰল আৰু কেলৰিৰ পৰিমাণ অতি কম।

 ২. বিলাহী সেৱনৰ উপকাৰিতা-

বিলাহী সেৱনে ওজন কমোৱাত সহায় কৰে। বিলাহীত আঁহৰসমৃদ্ধ যিয়ে অন্ত্ৰ সুস্থ কৰি ৰাখে। বিলাহী চালাডৰ উপৰি চূপ বা জুচ কৰি খালেও ওজন হ্ৰাস হয়।

 ৩. চকুৰ বাবে উপকাৰী-

বিলাহীত ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো চকুৰ বাবে উপকাৰী। ভিটামিন আৰু খনিজ পদাৰ্থৰ গুণৰ বাবে বিলাহীয়ে চকুৰ সুস্থ কৰি ৰাখে।

 ৪. ইমিউনিটী শক্তিশালী কৰে-

ক’ভিড যুগৰ পৰাই মানুহে খাদ্যত থকা পুষ্টিকৰ বস্তু সেৱন কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি আহিছে। এনে অৱস্থাত আপুনি আপোনাৰ ডায়েট প্লেনত বিলাহী অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত ভিটামিন-চি, এন্টিঅক্সিডেন্ট, লাইকোপিন আৰু বিটা-কেৰটিন আদি উপাদান থাকে, যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে উপকাৰী। চৰ্দি-কাহৰ দৰে সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কামো বিলাহীয়ে কৰে।

 ৫. বৃক্কত পাথৰ সমস্যা-

যদি আপোনাৰ কিডনীৰ ৰোগ আছে তেন্তে খাদ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। গৱেষণাৰ অনুসৰি অত্যধিক বিলাহী সেৱনে কৰিলে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বিলাহীত থকা কেলছিয়াম অক্সালেট বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। এনে অৱস্থাত যদি কিডনীত পাথৰ হোৱাৰ লক্ষণ দেখা গ’লে বিলাহী খোৱাটো অনুপযোগী।

 ৬. ডায়েৰিয়াৰ অভিযোগ-

যিসকলে ডায়েৰিয়াৰ সমস্যাত ভুগি আছে, তেওঁলোকে বিলাহী খোৱা উচিত নহয়। বিলাহীত ছালমন’লা নামৰ এবিধ বেক্টেৰিয়া থাকে, যিয়ে ডায়েৰিয়া বৃদ্ধি কৰাত কাম কৰে।

 ৭. এচিডিটি-

বিলাহীত বহুত এচিডিটি পোৱা যায়। সেয়েহে ইয়াৰ অত্যধিক সেৱনে এচিডিটি বৃদ্ধি কৰিব পাৰে। একাংশ লোকে বিলাহী খোৱাৰ ফলত গেছৰ সমস্যাত ভোগা যায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু