--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঠাণ্ডা আগমনৰ লগে লগে হাওঁফাওঁত কফ জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও হাওঁফাওঁত শ্লেষ্মা জমা হোৱাৰ আন বহুতো কাৰণ হ’ব পাৰে। যেনে-বতৰৰ পৰিৱৰ্তন, সংক্ৰমণ আদি। দীৰ্ঘদিন ধৰি হাওঁফাওঁত শ্লেষ্মা জমা হৈ থকাৰ বাবে আন বহুতো সমস্যা হ’ব পাৰে। যদি আপুনিও কফ আঁতৰাব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি কিছুমান ঘৰুৱা উপায়ৰ সহায় ল’ব পাৰে। আহকচোন হাওঁফাওঁৰ পৰা কফ আঁতৰাবলৈ ঘৰুৱা উপায় কি কি?

 ১. হাওঁফাওঁত কফ জমা হ’লে কি কৰিব লাগে?

* প্ৰতিদিনে ভাপ দিব লাগেঃ-হাওঁফাওঁৰ পৰা জমা হৈ থকা কফ আঁতৰাবলৈ ভাপত দিয়াটো এটা ভাল বিকল্প হ’ব পাৰে। ভাপৰ তাপে কফ গলিবলৈ সহায় কৰে, যিয়ে জমা হোৱা শ্লেষ্মা লাহে লাহে বাহিৰ কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

* জালুকে হাওঁফাওঁৰ পৰা শ্লেষ্মা আঁতৰায়ঃ-

হাওঁফাওঁৰ পৰা শ্লেষ্মা বাহিৰ কৰিবলৈ জালুক খালে যথেষ্ট লাভ হ’ব পাৰে। জালুকে থকা গুণে চৰ্দি আৰু ফ্লুৰ সমস্যা দূৰ কৰাৰ লগতে শ্লেষ্মা হ্ৰাস কৰিব পাৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ ১ চামুচ জালুকৰ গুড়ি খাব লাগে। তাত অলপ মৌ মিহলাই দৈনিক খাব লাগে। ইয়াৰ ফলত শ্লেষ্মা ওলাই আহে।

* গাৰ্গল কৰা-

হাওঁফাওঁৰ পৰা শ্লেষ্মা উলিয়াই আনিবলৈ গাৰ্গলিং কৰাটো উপকাৰী। গাৰ্গলিঙৰ বাবে নিতৌ এগিলাচ কুহুমীয়া পানীত কিছু নিমখ মিহলাই লওক দৈনিক এই পানীৰে গাৰ্গল কৰিব পাৰে।

* আদা উপকাৰী-

আদাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে কফ পৰিষ্কাৰ কৰাত সহায়ক কৰে। শৰীৰত উপস্থিত থকা বেক্টেৰিয়া আৰু সংক্ৰমণৰ ফলত কফ বাহিৰল কৰিব পাৰে। এটুকুৰা আদা লৈ অলপ সামান্য গৰম কৰি তাত অলপ নেমুৰ ৰস মিহলাই খাব লাগে। ইয়াৰ ফলত কফ অতি সহজে বাহিৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ