--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ অন্যতম ধুনীয়া ফুল সূৰ্য্যমুখী। কেৱল দেখাতে ধুনীয়াই নহয়, স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। এনে বহু ঔষধি গুণ সূৰ্য্যমুখী ফুলৰ গুটিত লুকাই থাকে, যাৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব। বহুতো গৱেষণাৰ দ্বাৰা এই বীজৰ ঔষধি গুণৰ বিষয়ে জানিব পৰা গৈছে, যিয়ে শৰীৰৰ বহু দিশত উপকাৰিতাৰ কাম কৰিব পাৰে। ইয়াৰ উপকাৰিতা জানো আহক।

১) হৃদযন্ত্ৰ ভালে ৰাখে- এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী গুণ সূৰ্য্যমুখীৰ গুটিত পোৱা যায়। এই বীজত ফ্লেভন’ইড, পলিচেচুৰেটেড ফেটি এচিড আৰু ভিটামিন থাকে, যিয়ে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰা ৰক্ষা কৰাৰ কাম কৰে।

২) কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ হ’ব- সূৰ্য্যমুখীৰ গুটিৰ জৰিয়তেও কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এই বীজত ওমেগা ফেটি এচিড থাকে যি ৰক্তবাহী নলীৰ বাবে উপকাৰী। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, ৰক্তশৰ্কৰা আৰু কলেষ্টেৰল বৃদ্ধিৰ আশংকা হ্ৰাস পায়।

৩) কেন্সাৰৰ পৰা ৰক্ষা কৰে- সূৰ্য্যমুখীৰ গুটি সেৱন কৰি মহিলাসকলে স্তন কেন্সাৰৰ সম্ভাৱনা কম কৰিব পাৰে। সূৰ্য্যমুখীৰ গুটিত লিগনান থাকে, যিটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয়। লিগনান হৈছে এক প্ৰকাৰৰ পলিফিনল যিয়ে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে।

৪) মানসিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য- সূৰ্যমুখী গুটি আপোনাৰ মানসিক স্বাস্থ্য ভাল কৰি ৰখাৰ বাবেও উপযোগী হ’ব পাৰে। এই বীজত কেলচিয়াম আৰু জিংকৰ দৰে পুষ্টিকৰ উপাদান থাকে, যিবোৰ মগজুৰ বিকাশত উপকাৰী।

৫) হাড়ৰ বাবে ভাল- সূৰ্যমুখী গুটিত আইৰণ, জিংক, কেলচিয়াম থাকে, যিয়ে হাড় সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। হাড় মজবুত হোৱাৰ বাবে শৰীৰেও শক্তি লাভ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ