--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ অন্যতম ধুনীয়া ফুল সূৰ্য্যমুখী। কেৱল দেখাতে ধুনীয়াই নহয়, স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। এনে বহু ঔষধি গুণ সূৰ্য্যমুখী ফুলৰ গুটিত লুকাই থাকে, যাৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব। বহুতো গৱেষণাৰ দ্বাৰা এই বীজৰ ঔষধি গুণৰ বিষয়ে জানিব পৰা গৈছে, যিয়ে শৰীৰৰ বহু দিশত উপকাৰিতাৰ কাম কৰিব পাৰে। ইয়াৰ উপকাৰিতা জানো আহক।

১) হৃদযন্ত্ৰ ভালে ৰাখে- এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী গুণ সূৰ্য্যমুখীৰ গুটিত পোৱা যায়। এই বীজত ফ্লেভন’ইড, পলিচেচুৰেটেড ফেটি এচিড আৰু ভিটামিন থাকে, যিয়ে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰা ৰক্ষা কৰাৰ কাম কৰে।

২) কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ হ’ব- সূৰ্য্যমুখীৰ গুটিৰ জৰিয়তেও কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এই বীজত ওমেগা ফেটি এচিড থাকে যি ৰক্তবাহী নলীৰ বাবে উপকাৰী। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, ৰক্তশৰ্কৰা আৰু কলেষ্টেৰল বৃদ্ধিৰ আশংকা হ্ৰাস পায়।

৩) কেন্সাৰৰ পৰা ৰক্ষা কৰে- সূৰ্য্যমুখীৰ গুটি সেৱন কৰি মহিলাসকলে স্তন কেন্সাৰৰ সম্ভাৱনা কম কৰিব পাৰে। সূৰ্য্যমুখীৰ গুটিত লিগনান থাকে, যিটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয়। লিগনান হৈছে এক প্ৰকাৰৰ পলিফিনল যিয়ে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে।

৪) মানসিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য- সূৰ্যমুখী গুটি আপোনাৰ মানসিক স্বাস্থ্য ভাল কৰি ৰখাৰ বাবেও উপযোগী হ’ব পাৰে। এই বীজত কেলচিয়াম আৰু জিংকৰ দৰে পুষ্টিকৰ উপাদান থাকে, যিবোৰ মগজুৰ বিকাশত উপকাৰী।

৫) হাড়ৰ বাবে ভাল- সূৰ্যমুখী গুটিত আইৰণ, জিংক, কেলচিয়াম থাকে, যিয়ে হাড় সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। হাড় মজবুত হোৱাৰ বাবে শৰীৰেও শক্তি লাভ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন