--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহৰহ হেডফোন ব্যৱহাৰ কৰাৰ বাবেই শ্ৰৱণ ক্ষমতা হেৰুৱালে এজন যুৱকে। উত্তৰ প্ৰদেশৰ ১৮ বছৰীয়া যুৱকজনৰ এই ঘটনাই সকলোকে শংকিত কৰি তুলিছে।

সাৱধান নহ’লে যিকোনো ব্যক্তি এই বিপদত পৰিব পাৰে বুলি বিশেষজ্ঞ চিকিৎসকে জনায়। বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকে মূল্যৱান পৰামৰ্শও দিছে।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ যুৱকজনে প্ৰায় সকলো সময়তে কাণত ইয়াৰবাড ৰাখিছিল। এই দীৰ্ঘদিনীয়া অভ্যাসটোৰ বাবে তেওঁ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলালে। চিকিৎসকৰ পৰামৰ্শ মতে শ্ৰৱণ যন্ত্ৰৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হৈছিল। যদিও অস্ত্ৰোপচাৰত বধিৰতা সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই যদিও তেওঁ আগৰ তুলনাত ভালে আছে।

এই ঘটনাটোক উদাহৰণ হিচাপে তুলি ধৰি চিকিৎসকসকলে ইয়াৰফোন তথা ইয়াৰবাডৰ সন্দৰ্ভত সতৰ্ক কৰি দিছে। উল্লেখ্য যে ভাৰতত ইয়াৰফোনৰ বজাৰ বৃদ্ধি পাইছে। যোৱা বছৰৰ তুলনাত ইয়াৰফোনৰ বিক্ৰী ৭৪.৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পৰাই বুজিব পৰা যায় দেশৰ কিমানে ইয়াৰফোন বা ইয়াৰবাড ব্যৱহাৰ কৰে।

চিকিৎসকৰ মতে এঘণ্টাৰো অধিক সময় অবিৰতভাৱে ইয়াৰফোন ব্যৱহাৰ কৰাটো বিপদজনক। কিন্তু কিয়? কাণৰ নলীত বায়ু চলাচল কৰাটো অতি প্ৰয়োজনীয়। বহু সময় বন্ধ কৰি ৰাখিলে কাণত ঘাম জমা হ’ব পাৰে। ইয়াৰ ফলত সংক্ৰমণ হব পাৰে।

চেণ্টাৰ ফৰ ডিজিজ কন্ত্ৰোলৰ পৰিসংখ্যা অনুসৰি ৬-১৯ বছৰ বয়সৰ শিশুৰ ১২.৫ শতাংশ (৫০ লাখতকৈ অধিক), ২০-৬৯ বছৰ বয়সৰ ১৭ শতাংশ প্ৰাপ্তবয়স্কৰ (২কোটি ৬ লাখতকৈ অধিক) ইয়াৰফোনৰ অত্যধিক ব্যৱহাৰৰ বাবে শ্ৰৱণ ক্ষমতা হেৰুৱাইছে।

এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ কি? ইয়াৰবাড ব্যৱহাৰ কৰাৰ সময়ত ভলিউম নিয়ন্ত্ৰণত ৰাখক। ইয়াৰ ফলত কাণৰ পৰ্দাৰ ক্ষতি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

ইয়াৰবাড আৰু ইয়াৰফোনৰ মাজত ইয়াৰফোনকে বাছি লওক। ইয়াৰবাড কাণৰ নলীৰ ভিতৰলৈ প্ৰৱেশ কৰে। শব্দই পোনে পোনে ভিতৰৰ কাণত খুন্দা মাৰে। ফলত ক্ষতিৰ সম্ভাৱনাও অধিক।

কেতিয়াও ইয়াৰফোন বা ইয়াৰবাড অবিৰতভাৱে ব্যৱহাৰ নকৰিব। কাণক জিৰণি লোৱাৰ সুযোগ দিয়ক। এই নিয়মসমূহ পালন কৰিলে শ্ৰৱণ ক্ষমতা হেৰুৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন