--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহৰহ হেডফোন ব্যৱহাৰ কৰাৰ বাবেই শ্ৰৱণ ক্ষমতা হেৰুৱালে এজন যুৱকে। উত্তৰ প্ৰদেশৰ ১৮ বছৰীয়া যুৱকজনৰ এই ঘটনাই সকলোকে শংকিত কৰি তুলিছে।

সাৱধান নহ’লে যিকোনো ব্যক্তি এই বিপদত পৰিব পাৰে বুলি বিশেষজ্ঞ চিকিৎসকে জনায়। বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকে মূল্যৱান পৰামৰ্শও দিছে।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ যুৱকজনে প্ৰায় সকলো সময়তে কাণত ইয়াৰবাড ৰাখিছিল। এই দীৰ্ঘদিনীয়া অভ্যাসটোৰ বাবে তেওঁ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলালে। চিকিৎসকৰ পৰামৰ্শ মতে শ্ৰৱণ যন্ত্ৰৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হৈছিল। যদিও অস্ত্ৰোপচাৰত বধিৰতা সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই যদিও তেওঁ আগৰ তুলনাত ভালে আছে।

এই ঘটনাটোক উদাহৰণ হিচাপে তুলি ধৰি চিকিৎসকসকলে ইয়াৰফোন তথা ইয়াৰবাডৰ সন্দৰ্ভত সতৰ্ক কৰি দিছে। উল্লেখ্য যে ভাৰতত ইয়াৰফোনৰ বজাৰ বৃদ্ধি পাইছে। যোৱা বছৰৰ তুলনাত ইয়াৰফোনৰ বিক্ৰী ৭৪.৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পৰাই বুজিব পৰা যায় দেশৰ কিমানে ইয়াৰফোন বা ইয়াৰবাড ব্যৱহাৰ কৰে।

চিকিৎসকৰ মতে এঘণ্টাৰো অধিক সময় অবিৰতভাৱে ইয়াৰফোন ব্যৱহাৰ কৰাটো বিপদজনক। কিন্তু কিয়? কাণৰ নলীত বায়ু চলাচল কৰাটো অতি প্ৰয়োজনীয়। বহু সময় বন্ধ কৰি ৰাখিলে কাণত ঘাম জমা হ’ব পাৰে। ইয়াৰ ফলত সংক্ৰমণ হব পাৰে।

চেণ্টাৰ ফৰ ডিজিজ কন্ত্ৰোলৰ পৰিসংখ্যা অনুসৰি ৬-১৯ বছৰ বয়সৰ শিশুৰ ১২.৫ শতাংশ (৫০ লাখতকৈ অধিক), ২০-৬৯ বছৰ বয়সৰ ১৭ শতাংশ প্ৰাপ্তবয়স্কৰ (২কোটি ৬ লাখতকৈ অধিক) ইয়াৰফোনৰ অত্যধিক ব্যৱহাৰৰ বাবে শ্ৰৱণ ক্ষমতা হেৰুৱাইছে।

এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ কি? ইয়াৰবাড ব্যৱহাৰ কৰাৰ সময়ত ভলিউম নিয়ন্ত্ৰণত ৰাখক। ইয়াৰ ফলত কাণৰ পৰ্দাৰ ক্ষতি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

ইয়াৰবাড আৰু ইয়াৰফোনৰ মাজত ইয়াৰফোনকে বাছি লওক। ইয়াৰবাড কাণৰ নলীৰ ভিতৰলৈ প্ৰৱেশ কৰে। শব্দই পোনে পোনে ভিতৰৰ কাণত খুন্দা মাৰে। ফলত ক্ষতিৰ সম্ভাৱনাও অধিক।

কেতিয়াও ইয়াৰফোন বা ইয়াৰবাড অবিৰতভাৱে ব্যৱহাৰ নকৰিব। কাণক জিৰণি লোৱাৰ সুযোগ দিয়ক। এই নিয়মসমূহ পালন কৰিলে শ্ৰৱণ ক্ষমতা হেৰুৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ