--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেম আৰু যুদ্ধত হেনো সকলো কথাই গ্ৰহনীয়, সকলো কথাই সম্ভৱ। সেইবাবেই প্ৰেমৰ নামত ব্যতিক্ৰমী বহু কথা-কামৰ সাক্ষী হৈছে ইতিহাস। পিছে এইবাৰ আমি ক’ব খোজা প্ৰেম কাহিনীৰ নিদৰ্শন আৰু অলপ ব্যতিক্ৰম। এটা বিশেষ সংগ্ৰহালয়। এই বিশেষ সংগ্ৰহালয়ত সংৰক্ষিত হৈছে কিছুমান চিগাৰেটৰ টুকুৰা। কাৰণ এই চিগাৰেটৰ টুকুৰাবোৰত লাগি আছে এজন লোকৰ প্ৰেয়সীৰ ওঁঠৰ পৰশ। প্ৰেয়সীয়ে হোপা চিগাৰেটৰ টুকুৰাৰ অৱশেষবোৰ সাঁচি ৰখা প্ৰেমিকজনৰ এই ব্যতিক্ৰমী প্ৰয়াসৰ চাক্ষুস সাক্ষী হোৱা অভিজ্ঞতা সম্পৰ্কত এই বিশেষ লেখা লিখিছে লেখক, ‘ৰেইনড্ৰপছ ইনিচিয়েটিভ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মূল চালিকা শক্তি আবিদ আজাদে…

ভালপোৱা কিমান গভীৰ হ'লে প্ৰেমিকাই খোৱা প্ৰতিটো চিগাৰেটৰ টুকুৰা সাঁচি থ'ব পাৰে প্ৰেমিকে? ইস্তানবুলৰ ‘মিউজিয়াম অব ইনোচেঞ্চ’ (Museum of Innocence) ৰ ভিতৰৰ এখন দেৱালৰ ছবিৰ কথা ক’ব খোজা হৈছে, য'ত প্ৰেমিক কেমালে তেওঁৰ প্ৰেয়সী ফুচুনে খোৱা চিগাৰেটৰ প্ৰতিটো 'বাট' এইদৰে সজাই থৈছে। তাত আছে আঠ বছৰীয়া প্ৰেমৰ সংগ্ৰহ, মুঠ ৪,২১৩টা চিগাৰেটৰ টুকুৰা। প্ৰতিটো চিগাৰেটৰ বাটতে লাগি আছে প্ৰেয়সীৰ ওঁঠৰ পৰশ আৰু লিপষ্টিকৰ দাগবোৰ।

প্ৰেমিক কেমালে লিখিছে ‘Each one of these had touched her rosy lips and entered her mouth, some even touching her tongue and becoming moist, as I would discover when I put my finger on the filter soon after she had stubbed the cigarette out.’ অৰ্থাত, ‘এই টুকুৰাবোৰৰ প্ৰত্যেকটোৱেই তেওঁৰ গোলাপ কোমল ওঁঠ স্পৰ্শ কৰিছিল, তেওঁৰ মুখত প্ৰৱেশ কৰিছিল। কিছুমানে আনকি স্পৰ্শ কৰিছিল তেওঁৰ জিভাও। ফলত এইবোৰ সেমেকি উঠিছিল। তেওঁৰ ওঁঠৰ পৰা আঁতৰাই পেলোৱাৰ পাছত এইবোৰ স্পৰ্শ কৰি মই এইকথা আৱিষ্কাৰ কৰিছিলোঁ…।’

তুৰস্কৰ ঔপন্যাসিক অৰ্হান পামুকৰ উপন্যাস 'মিউজিয়াম অৱ ইনোচেঞ্চ'ৰ কাহিনীৰ আধাৰত সজা এয়া এটা ব্যতিক্ৰমী সংগ্ৰহালয়। বিগত শতিকাৰ ইস্তানবুলৰ সত্তৰ-আশীৰ দশকটোক পামুকে কেমাল-ফুচুনৰ প্ৰেম কাহিনীৰ মাজেৰে জীয়াই তুলিছে মিউজিয়ামটো। ২০১৭ চনৰ ১৪ অক্টোবৰত অৰ্থাত আজিৰপৰা চাৰি বছৰ আগতে ইস্তানবুলত ভৰি দিছিলোঁ। সেইদিনা ইস্তানবুলত পদাৰ্পন কৰিয়ে প্ৰথম চাবলৈ গৈছিলোঁ অৰ্হান পামুকৰ এই মিউজিয়ামটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ