--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেম আৰু যুদ্ধত হেনো সকলো কথাই গ্ৰহনীয়, সকলো কথাই সম্ভৱ। সেইবাবেই প্ৰেমৰ নামত ব্যতিক্ৰমী বহু কথা-কামৰ সাক্ষী হৈছে ইতিহাস। পিছে এইবাৰ আমি ক’ব খোজা প্ৰেম কাহিনীৰ নিদৰ্শন আৰু অলপ ব্যতিক্ৰম। এটা বিশেষ সংগ্ৰহালয়। এই বিশেষ সংগ্ৰহালয়ত সংৰক্ষিত হৈছে কিছুমান চিগাৰেটৰ টুকুৰা। কাৰণ এই চিগাৰেটৰ টুকুৰাবোৰত লাগি আছে এজন লোকৰ প্ৰেয়সীৰ ওঁঠৰ পৰশ। প্ৰেয়সীয়ে হোপা চিগাৰেটৰ টুকুৰাৰ অৱশেষবোৰ সাঁচি ৰখা প্ৰেমিকজনৰ এই ব্যতিক্ৰমী প্ৰয়াসৰ চাক্ষুস সাক্ষী হোৱা অভিজ্ঞতা সম্পৰ্কত এই বিশেষ লেখা লিখিছে লেখক, ‘ৰেইনড্ৰপছ ইনিচিয়েটিভ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মূল চালিকা শক্তি আবিদ আজাদে…

ভালপোৱা কিমান গভীৰ হ'লে প্ৰেমিকাই খোৱা প্ৰতিটো চিগাৰেটৰ টুকুৰা সাঁচি থ'ব পাৰে প্ৰেমিকে? ইস্তানবুলৰ ‘মিউজিয়াম অব ইনোচেঞ্চ’ (Museum of Innocence) ৰ ভিতৰৰ এখন দেৱালৰ ছবিৰ কথা ক’ব খোজা হৈছে, য'ত প্ৰেমিক কেমালে তেওঁৰ প্ৰেয়সী ফুচুনে খোৱা চিগাৰেটৰ প্ৰতিটো 'বাট' এইদৰে সজাই থৈছে। তাত আছে আঠ বছৰীয়া প্ৰেমৰ সংগ্ৰহ, মুঠ ৪,২১৩টা চিগাৰেটৰ টুকুৰা। প্ৰতিটো চিগাৰেটৰ বাটতে লাগি আছে প্ৰেয়সীৰ ওঁঠৰ পৰশ আৰু লিপষ্টিকৰ দাগবোৰ।

প্ৰেমিক কেমালে লিখিছে ‘Each one of these had touched her rosy lips and entered her mouth, some even touching her tongue and becoming moist, as I would discover when I put my finger on the filter soon after she had stubbed the cigarette out.’ অৰ্থাত, ‘এই টুকুৰাবোৰৰ প্ৰত্যেকটোৱেই তেওঁৰ গোলাপ কোমল ওঁঠ স্পৰ্শ কৰিছিল, তেওঁৰ মুখত প্ৰৱেশ কৰিছিল। কিছুমানে আনকি স্পৰ্শ কৰিছিল তেওঁৰ জিভাও। ফলত এইবোৰ সেমেকি উঠিছিল। তেওঁৰ ওঁঠৰ পৰা আঁতৰাই পেলোৱাৰ পাছত এইবোৰ স্পৰ্শ কৰি মই এইকথা আৱিষ্কাৰ কৰিছিলোঁ…।’

তুৰস্কৰ ঔপন্যাসিক অৰ্হান পামুকৰ উপন্যাস 'মিউজিয়াম অৱ ইনোচেঞ্চ'ৰ কাহিনীৰ আধাৰত সজা এয়া এটা ব্যতিক্ৰমী সংগ্ৰহালয়। বিগত শতিকাৰ ইস্তানবুলৰ সত্তৰ-আশীৰ দশকটোক পামুকে কেমাল-ফুচুনৰ প্ৰেম কাহিনীৰ মাজেৰে জীয়াই তুলিছে মিউজিয়ামটো। ২০১৭ চনৰ ১৪ অক্টোবৰত অৰ্থাত আজিৰপৰা চাৰি বছৰ আগতে ইস্তানবুলত ভৰি দিছিলোঁ। সেইদিনা ইস্তানবুলত পদাৰ্পন কৰিয়ে প্ৰথম চাবলৈ গৈছিলোঁ অৰ্হান পামুকৰ এই মিউজিয়ামটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু