--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হাথৰাছত পদপিষ্ট হৈ মৃত্যুক সাৱটি লোৱা কেইবা জনো লোকৰ পৰিয়ালক আজি সাক্ষাৎ কৰে। শুকুৰবাৰে পুৱা হাথৰছলৈ গৈ মৃতকৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ আৰু কংগ্ৰেছে দলটো সকলো সময়তে সেইসকল আত্মীয়ৰ কাষত থাকিব বুলি  ৰাহুলে আশ্বাস দিয়ে।

ৰাহুল গান্ধী হাথৰছলৈ যাব বুলি এদিন পূৰ্বে ঘোষণা কৰিছিল কংগ্ৰেছে। ইয়াৰ পূৰ্বে ২০২০ চনত হাথৰাছৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ পিছতো ৰাহুল তালৈ গৈছিল। আৰক্ষীয়ে বাৰে বাৰে  ৰাহুলক  হাথৰাছলৈ যোৱা পথত বাধা দিছিল। তেওঁক বহু সময় ধৰি পথতে  অৱৰোধ কৰি ৰাখিছিল। কিন্তু আৰক্ষীৰ পৰা এইবাৰ তেনে কোনো বাধা নাপালে ৰাহুল গান্ধীয়ে। তেওঁ প্ৰথমে দিল্লীৰ পৰা আলিগড়লৈ যায়। হাথৰাছ কাণ্ডত নিহত বহুকেইজন লোক আলিগড়ৰ বাসিন্দা আছিল। তাতেই তেওঁ মৃতকৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। তেওঁ সকলো সময়তে তেওঁলোকৰ কাষত থিয় হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পিছত ৰাহুলে হাথৰাছলৈ যায়। লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে হাথৰাছত যিসকললোকে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল তেওঁলোকৰ  আত্মীয়ৰ সৈতেও বাৰ্তালাপ কৰে।

শোকসন্তপ্ত লোকসকলৰ সৈতে কথা পতাৰ পাছত ৰাহুল গান্ধীয়ে কয়, ‘এয়া এক দুৰ্ভাগ্যজনক ঘটনা। দুৰ্ঘটনাটোক লৈ ৰাজনীতি কৰা উচিৎ নহয়। কিন্তু, প্ৰশাসনিক দিশত বহু অভাৱ পৰিলক্ষিত হৈছে। বহু আত্মীয়ই মোক কৈছে  যে আৰক্ষী- প্ৰশাসনৰ ফালৰ পৰা তৎপৰতাৰ অভাৱ হৈছিল। নিহতসকলৰ অধিকাংশই দৰিদ্ৰ পৰিয়ালৰ। প্ৰশাসনে তেওঁলোকক অধিক আৰ্থিক সহায় আগবঢ়াব লাগে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অনুৰোধ কৰিছো, মুকলিকৈ সহায় কৰিবলৈ।"

ইপিনে হাথৰাছ পদপিষ্টৰ ঘচটনা ঘটা সেই ধৰ্মীয় অনুষ্ঠানটোত ইটোৰ পিছত সিটোকৈ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। যদিও স্থানীয় প্ৰশাসনে ৮০ হাজাৰ লোকৰ সমাৱেশত অনুমোদন জনাইছিল, তথাপিও জানিব পৰা মতে ২ লাখ ৫০ হাজাৰৰো অধিক লোক সেইদিনা তাত  উপস্থিত আছিল। ইয়াৰ উপৰি অভিযোগ উঠিছে যে আয়োজকসকলে যান-বাহন ব্যৱস্থাপনাত  সহযোগ কৰা নাছিল আৰু দুৰ্ঘটনাটোৰ  পিছত প্ৰমাণসমূহো ধ্বংস কৰাৰ চেষ্টা কৰিছিল। এই সকলোবোৰৰ উপৰি এজাহাৰত  বাবাৰ  নাম নাই। এই মৰ্মান্তিক ঘটনাৰ ৪৮ ঘণ্টাৰ পাছত অৱশেষত সক্ৰিয় হৈ পৰে আৰক্ষী। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ প্ৰশাসনে জনোৱা মতে, এই ঘটনাত এতিয়ালৈকে মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা ৬ জনৰ ভিতৰত ২ গৰাকী মহিলা আৰু ৪ গৰাকী পুৰুষ। সেই ৬ জন লোক আটাইকেইজনেই আছিল 'সেৱাদাৰ' অৰ্থাৎ সৎসংগৰ স্বেচ্ছাসেৱক। এই ৬ জন লোকে ঘটনাৰ পিছত পলায়ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ