--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়। কেবিনেট বৈঠকত হোৱা আলোচনা অনুসৰি বৰ্তমানলৈ ২৮খন জিলা বানৰ কবলত পৰিছে। বিধ্বংসী বানৰ ফলত  ৰাজ্যৰ ৮৪টা ৰাজহচক্ৰ ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত ১১ লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

 মুখ্যমন্ত্ৰী শৰ্মাই সকলো জিলা আয়ুক্তক বানত আক্ৰান্ত লোকৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়ে। এইবাৰৰ বানত  ৪০টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে এতিয়ালৈ ৯২২ পথ, ৫২খন দলং ভাগিছে আৰু বানৰ ফলত  ৩৮জন লোকৰ মৃত্যু হৈছে।

বান সাহায্যৰ বাবে প্ৰয়োজনীয় পুঁজি জিলা আয়ুক্তক মোকলাই দিয়া হৈছে বুলি কেবিনেট বৈঠকত উল্লেখ কৰা হয়। ১৫ আগষ্টৰ আগতে ক্ষতিগ্ৰস্তক চৰকাৰে সহায় কৰিব বুলিও সিদ্ধান্ত লোৱা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰা তিনিদিনৰ বাবে বানাক্ৰান্ত জিলাত বাহৰ পাতিব  মন্ত্ৰীয়ে। অহা সপ্তাহত মন্ত্ৰীৰ দল বৰাকলৈও যাব বুলি সিদ্ধান্ত লোৱা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰী নিজেও যাব ৰাইজৰ কাষলৈ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু