--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়। কেবিনেট বৈঠকত হোৱা আলোচনা অনুসৰি বৰ্তমানলৈ ২৮খন জিলা বানৰ কবলত পৰিছে। বিধ্বংসী বানৰ ফলত  ৰাজ্যৰ ৮৪টা ৰাজহচক্ৰ ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত ১১ লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

 মুখ্যমন্ত্ৰী শৰ্মাই সকলো জিলা আয়ুক্তক বানত আক্ৰান্ত লোকৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়ে। এইবাৰৰ বানত  ৪০টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে এতিয়ালৈ ৯২২ পথ, ৫২খন দলং ভাগিছে আৰু বানৰ ফলত  ৩৮জন লোকৰ মৃত্যু হৈছে।

বান সাহায্যৰ বাবে প্ৰয়োজনীয় পুঁজি জিলা আয়ুক্তক মোকলাই দিয়া হৈছে বুলি কেবিনেট বৈঠকত উল্লেখ কৰা হয়। ১৫ আগষ্টৰ আগতে ক্ষতিগ্ৰস্তক চৰকাৰে সহায় কৰিব বুলিও সিদ্ধান্ত লোৱা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰা তিনিদিনৰ বাবে বানাক্ৰান্ত জিলাত বাহৰ পাতিব  মন্ত্ৰীয়ে। অহা সপ্তাহত মন্ত্ৰীৰ দল বৰাকলৈও যাব বুলি সিদ্ধান্ত লোৱা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰী নিজেও যাব ৰাইজৰ কাষলৈ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ