--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া অপাৰ উৎকণ্ঠা। দুই মহাতাৰকাই ২৭ বছৰৰ পাছত একেখন ছবিত অভিনয় কৰিব। চিনেমাখনৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে দুই তাৰকাৰ অনুৰাগীসকলে। পিছে কোন এই তাৰকা দুগৰাকী? 

তেওঁলোক আন কোনো নহয়..বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু ভাইজান ছলমান খানে এইবাৰ একেলগে একেখন চিনেমাত অভিনয় কৰিবৰ বাবে সাজু হৈছে। ছুপাৰ ডুপাৰ হিট ছবি কৰণ-অৰ্জুনৰ পাছত বলীউডৰ এই দুজন ছুপাৰ ষ্টাৰে নায়ক হিচাপে একেলগে আন কোনো ছবিত বৰ্তমানলৈকে অভিনয় কৰা নাই। বলীউডত চৰ্চিত শেহতীয়া এক খবৰ অনুসৰি এইবাৰ অনুৰাগীৰ ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়িছে দুই খান। 

প্ৰকাশিত খবৰ অনুসৰি, শ্বাহৰুখ আৰু ছলমানে যশৰাজ ফিল্মছৰ বেনাৰত এখন ছবি একেলগে অভিনয় কৰাৰ সম্ভাৱনা আছে। সম্প্ৰতি এই কথা টুইটাৰত সদৰী কৰিলে চলচ্চিত্ৰ বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শই। অৱশ্যে দুই খানে বৰ্তমানলৈকে যশৰাজ ফিল্মছৰ উক্ত ছবিৰ প্ৰস্তাৱত স্বাক্ষৰ কৰা নাই। এতিয়া মাঁথো সেই ছবিখনলৈ অধীৰ অপেক্ষা সকলোৰে।

সকলোৱে জানে যে শ্বাহৰুখ খানৰ ছবি ‘পাথান’ত ছলমান খানে কেমিঅ’ কৰিছে। এই ছবিখন অহা বছৰ গণৰাজ্য দিৱস উপলক্ষে মুক্তি পাব। আনহাতে, শ্বাহৰুখে ছলমানৰ ছবি ‘টাইগাৰ ৩’ত কেমিঅ’ কৰি আছে। ‘পাথান’ আৰু ‘টাইগাৰ ৩’ৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছত দুয়োখনকে দেখা যাব যশ ৰাজ ছবিৰ এখন চোৰাংচোৱা-থ্ৰিলাৰ চিনেমাত। ছবিখনত শ্বাহৰুখ আৰু ছলমানক কোনো কেমিঅ’ ৰ’লত দেখা নাযাব বৰঞ্চ নায়ক হিচাপেহে দেখা যাব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছলমান আৰু শ্বাহৰুখ খানৰ বাবে স্বয়ং আদিত্য চোপ্ৰাই ছবিখনৰ কাহিনী লিখিছে। কোৱা হৈছে যে ২০২৪ চনৰ শেষৰ ফালে এই ছবিখন ফ্লৰলৈ আহিব। যদি এনেকুৱা হয়, তেন্তে ১৯৯৫ চনৰ কৰণ-অৰ্জুনৰ পিছত আকৌ এবাৰ মানুহে ছলমান খান আৰু শ্বাহৰুখ খানক একেলগে ৰূপালী পৰ্দাত দেখিবলৈ পাব। 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছলমান খান আৰু শ্বাহৰুখ খানেও এই ছবিখনৰ বাবে নিজৰ ডেট খালী কৰি ৰাখিছে। কেৱল এয়াই নহয়, নিৰ্মাতাসকলেও ইয়াৰ কাহিনীৰ কাম আৰম্ভ কৰিছে। এতিয়ালৈকে এই শিৰোনামহীন ছবিখনক ভাৰতীয় চিনেমাৰ আটাইতকৈ দামী ছবি আৰু আটাইতকৈ ডাঙৰ একচন ফিল্ম বুলি অভিহিত কৰা হৈছে। বাৰু, যদি আমি এই দুই তাৰকাৰ আগন্তুক ছবিৰ কথা কওঁ, তেন্তে অতি সোনকালে কিং খানক দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে ‘পাথান’ত দেখা যাব। একে সময়তে ছলমানক ‘টাইগাৰ ৩’ত কেটৰিনা কাইফ আৰু ইমৰান হাছমীৰ সৈতে দেখা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ