--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া অপাৰ উৎকণ্ঠা। দুই মহাতাৰকাই ২৭ বছৰৰ পাছত একেখন ছবিত অভিনয় কৰিব। চিনেমাখনৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে দুই তাৰকাৰ অনুৰাগীসকলে। পিছে কোন এই তাৰকা দুগৰাকী? 

তেওঁলোক আন কোনো নহয়..বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু ভাইজান ছলমান খানে এইবাৰ একেলগে একেখন চিনেমাত অভিনয় কৰিবৰ বাবে সাজু হৈছে। ছুপাৰ ডুপাৰ হিট ছবি কৰণ-অৰ্জুনৰ পাছত বলীউডৰ এই দুজন ছুপাৰ ষ্টাৰে নায়ক হিচাপে একেলগে আন কোনো ছবিত বৰ্তমানলৈকে অভিনয় কৰা নাই। বলীউডত চৰ্চিত শেহতীয়া এক খবৰ অনুসৰি এইবাৰ অনুৰাগীৰ ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়িছে দুই খান। 

প্ৰকাশিত খবৰ অনুসৰি, শ্বাহৰুখ আৰু ছলমানে যশৰাজ ফিল্মছৰ বেনাৰত এখন ছবি একেলগে অভিনয় কৰাৰ সম্ভাৱনা আছে। সম্প্ৰতি এই কথা টুইটাৰত সদৰী কৰিলে চলচ্চিত্ৰ বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শই। অৱশ্যে দুই খানে বৰ্তমানলৈকে যশৰাজ ফিল্মছৰ উক্ত ছবিৰ প্ৰস্তাৱত স্বাক্ষৰ কৰা নাই। এতিয়া মাঁথো সেই ছবিখনলৈ অধীৰ অপেক্ষা সকলোৰে।

সকলোৱে জানে যে শ্বাহৰুখ খানৰ ছবি ‘পাথান’ত ছলমান খানে কেমিঅ’ কৰিছে। এই ছবিখন অহা বছৰ গণৰাজ্য দিৱস উপলক্ষে মুক্তি পাব। আনহাতে, শ্বাহৰুখে ছলমানৰ ছবি ‘টাইগাৰ ৩’ত কেমিঅ’ কৰি আছে। ‘পাথান’ আৰু ‘টাইগাৰ ৩’ৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছত দুয়োখনকে দেখা যাব যশ ৰাজ ছবিৰ এখন চোৰাংচোৱা-থ্ৰিলাৰ চিনেমাত। ছবিখনত শ্বাহৰুখ আৰু ছলমানক কোনো কেমিঅ’ ৰ’লত দেখা নাযাব বৰঞ্চ নায়ক হিচাপেহে দেখা যাব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছলমান আৰু শ্বাহৰুখ খানৰ বাবে স্বয়ং আদিত্য চোপ্ৰাই ছবিখনৰ কাহিনী লিখিছে। কোৱা হৈছে যে ২০২৪ চনৰ শেষৰ ফালে এই ছবিখন ফ্লৰলৈ আহিব। যদি এনেকুৱা হয়, তেন্তে ১৯৯৫ চনৰ কৰণ-অৰ্জুনৰ পিছত আকৌ এবাৰ মানুহে ছলমান খান আৰু শ্বাহৰুখ খানক একেলগে ৰূপালী পৰ্দাত দেখিবলৈ পাব। 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছলমান খান আৰু শ্বাহৰুখ খানেও এই ছবিখনৰ বাবে নিজৰ ডেট খালী কৰি ৰাখিছে। কেৱল এয়াই নহয়, নিৰ্মাতাসকলেও ইয়াৰ কাহিনীৰ কাম আৰম্ভ কৰিছে। এতিয়ালৈকে এই শিৰোনামহীন ছবিখনক ভাৰতীয় চিনেমাৰ আটাইতকৈ দামী ছবি আৰু আটাইতকৈ ডাঙৰ একচন ফিল্ম বুলি অভিহিত কৰা হৈছে। বাৰু, যদি আমি এই দুই তাৰকাৰ আগন্তুক ছবিৰ কথা কওঁ, তেন্তে অতি সোনকালে কিং খানক দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে ‘পাথান’ত দেখা যাব। একে সময়তে ছলমানক ‘টাইগাৰ ৩’ত কেটৰিনা কাইফ আৰু ইমৰান হাছমীৰ সৈতে দেখা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?