--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সন্মুখত দুটা উদাহৰণ। এটা উদাহৰণ হৈছে এখন উদ্ধত চৰকাৰৰ সন্মুখত অনমনীয় দৃঢ়তাৰে ঠিয় হৈ ৰোৱা কিছুসংখ্যক সংগ্ৰামীৰ সাহস আৰু আত্মত্যাগৰ আৰু আনটো উদাহৰণ হৈছে চৰম সুবিধাবাদ আৰু আপোচকামিতাৰে এটা সমূহিক আৱেগ আৰু সৰ্বাত্মক আন্দোলনক বিপথগামী কৰি তোলাৰ। বিগত কেইটামান বছৰত দেশত কেইবাখনো কঠিন সংগ্ৰাম আৰু আন্দোলনৰ অগ্নিবৰ্ষী ৰূপ দেখিবলৈ পোৱা গ’ল। প্ৰথমে ‘কেব’ তাৰ পাছত ‘কা’বিৰোধী আন্দোলনৰ ৰুদ্ৰৰূপ দেখিবলৈ পোৱা গৈছিল সমগ্ৰ দেশতে।

এই আন্দোলন স্তিমিত হোৱাৰ পাছতে পুনৰ ঠন ধৰি উঠিল কৃষি আইনবিৰোধী কৃষক বিদ্ৰোহ। প্ৰায় ডেৰ বছৰ ধৰি নেৰানেপেৰাকৈ চলি থকা এই সংগ্ৰামৰ সফল সামৰণি ঘোষণাৰে এতিয়া দেশৰ কৃষকসকল স্বগৃহলৈ ঘূৰিবলৈ আৰম্ভ কৰিছে। এখন অনমনীয় আৰু আত্মগৰ্বী চৰকাৰক শিৰনত কৰিবলৈ বাধ্য কৰি দেশৰ অন্নদাতাই নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ সক্ষম হৈছে। চৰকাৰৰ বাধ্য কৰিছে নিজৰ দাবী মানি ল’বলৈ। এই দৃঢ়তা আৰু অনমনীয় সাহসে দেশৰ সংগ্ৰামৰ ইতিহাসত এটা নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল। যিদৰে এটা নজিৰ সৃষ্টি কৰিছিল বিলকিছ দাদীয়ে। অশীতিপৰ এইগৰাকী মহিলাই দেশৰ সংগ্ৰামৰ ইতিহাসৰ এটা নতুন নজিৰত পৰিণত হ’বলৈ সক্ষম হৈছিল অনমনীয় দৃঢ়তা আৰু মনোবলৰ জৰিয়তে। শ্বাহীনবাগত অলৰ অচৰ মনোভাবেৰে ‘কা’ৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ব দিছিল এইগৰাকী অশীতিপৰ মহিলাই। যাৰ দৃঢ় মনোবল আৰু সাহসক সমগ্ৰ বিশ্বই স্বীকৃতি দিবলৈ বাধ্য হৈ পৰিছিল আৰু বিশ্বৰ ১০০গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত তেওঁকো স্থান দিছিল বিশ্ববিখ্যাত ‘টাইম’ আলোচনীয়ে।

একেদৰে কৃষক আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিছিল ৰাকেশ টিকাইটৰ দৰে নেতাই। অবিচল দৃঢ়তা আৰু অতুলনীয় সাহস আৰু আত্মোসৰ্গৰে ৰাজেশ টিকাইটে দেশৰ কৃষকসলৰ ক্ষোভ আৰু প্ৰতিবাদৰ অগ্নিশিখাক সঠিক বাট দেখুৱাবলৈ সক্ষম হৈছিল। কাকো কক্ষচ্যুত হ’বলৈ দিয়া নাছিস। সেইবাবেই দুই এটা বিক্ষিপ্ত ঘটনাক বাদ কৃষকসকলে প্ৰায় শান্তিপূৰ্ণভাৱে এই সৰ্বাত্মক আন্দোলন পোন্ধৰ মাহে চলাই নিলে আৰু অৱশেষত সেও মানিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰৰ অহংকাৰ আৰু অনমনীয়াতাক একপ্ৰকাৰ ধূলিস্যাৎ কৰি পেলালে এইসকল কৃষকৰ অবিচল দৃঢ়তাই। ‘কা’ আন্দোলন সফল নহ’ল। কেন্দ্ৰৰ দমনীয় আচৰণ তথা বিশ্বব্যাপী মহামাৰী কৰ’নাৰ বাবে এই আন্দোলনৰ অকাল পৰিসমাপ্তি ঘটিল কিন্তু দেশৰ সংগ্ৰামৰ ইতিহাসত শ্বাহিনবাগ আৰু বিলকিছ দিদি এটা অম্লান উদাহৰণ হৈ জিলিকি ৰ’ল।


তাৰ বিপৰীতে অসমৰ ‘কা’বিৰোধী আন্দোলনৰ যি কৰুণ পৰিণতি ঘটিল সেয়াও এটা নজিৰ হৈ ৰ’ল। ব্যৰ্থতাৰ নজিৰ। এখন মহাসংগ্ৰাম কিদৰে ব্যৰ্থ কৰিব তুলিব লাগে, এটা সামূহিক আৱেগক কিদৰে বিপথে পৰিচালিত কৰিব লাগে তথা কিদৰে স্বাধিকাৰ ৰক্ষাৰ এক দাবীক ব্যৰ্থ কৰি তুলিব লাগে তাৰ এক নিকৃষ্ট উদাহৰণ হৈ ৰ’ল অসমৰ ‘কা’বিৰোধী আন্দোলন। প্ৰথম অৱস্থাত স্বতঃস্ফূৰ্তভাৱে এই আন্দোলন গা কৰি উঠিছিল অসমৰ ইমূৰৰপৰা সিমূৰলৈ। তাৰ পাছত কটন কলেজৰ সংগ্ৰামী মানসিকতাৰ শিক্ষাৰ্থীসকলে এই আন্দোললনৰ নেতৃত্ব দিছিল আৰু এক অভূতপূৰ্ব পৰিস্থিতিৰ মাজেৰে সংগ্ৰামৰ অগ্নিশিখা তুলি ধৰিছিল। শ শ সশস্ত্ৰ নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙি কটন কলেজৰ পৰা দিছপুৰলৈকে যি সাহসী সংগ্ৰামী যাত্ৰা এইসকল শিক্ষাৰ্থীয়ে কৰিছিল তাৰ নিদৰ্শন হয়তো বহু কাললৈ পোৱা সম্ভৱ নহ’ব।

আৰক্ষীৰ লাঠী, গুলী, কন্দুৱা গেছৰ আক্ৰমণ শিক্ষাৰ্থীসকলৰ নেতৃত্বত সেইদিনা হাজাৰ হাজাৰ লোক ওলাই আহিছিল ৰাজপথলৈ। একপ্ৰকাৰ ঘেৰি পেলোৱা হৈছিল জনতা ভৱন। থৰহৰি কম্পমান হৈছিল শাসকীয় পক্ষ। যেন স্তব্ধ হৈ পৰিছিল সময়। কিন্তু তাৰ পাছতে আন্দোলনে অন্য এটা গতি লাভ কৰা দেখা গ’ল। দেখা গ’ল আন্দোলনে এটা ৰীতিবদ্ধ ৰূপ লৈছে আৰু একাংশ ‘পেচাদাৰী’ আন্দোলনকাৰীয়ে জাতিটোৰ সমূহিক আৱেগ আৰু ক্ষোভৰ দাবানল স্তিমিত কৰাৰ চেষ্টা চলাইছে। ৰাজপথৰ অগ্নিবৰ্ষী আন্দোলনে সেইবাবে খুব কম দিনৰ ভিতৰতে নাচ-গান, হাঁহি-ধেমালিৰ এটা পাতলীয়া অনুষ্ঠানলৈ পৰিৱৰ্তিত হ’ল। পুৱা দহবজাৰ পৰা সন্ধিয়া ৫বজালৈ আন্দোলন কৰাৰ চৰকাৰী কাৰ্যসূচী নিৰ্ধাৰণ কৰা হ’ল আৰু আন্দোলনকাৰীসকল চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ দৰে হৈ পৰিল। দিনটো ৰাজহুৱা খেলপথাৰ একোখনত হাঁহি-ধেমালি কৰাৰ পাছত সন্ধিয়া ঘৰাঘৰি হোৱাৰ এই প্ৰক্ৰিয়াই ৰজাঘৰীয়াৰ সুখনিদ্ৰা অহাত বিশেষভাৱে সহায় কৰিলে। চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ, চৰকাৰৰ বৰমূৰীয়াসকলৰ কোনো অশান্তি নোহোৱাকৈ আন্দোলন কৰাৰ যি চমকপ্ৰদ পন্থা আন্দোলনৰ নতুন নেতাসকলে গ্ৰহণ কৰিলে সি সমগ্ৰ সংগ্ৰামখনকে বিপথে পৰিচালিত কৰি তুলিলে আৰু অতি কৰুণ পৰিণতিৰ ফালে ঠেলি দিলে।


নাগৰিকত্ব সংশোধানী আইনৰ দৰে বিতৰ্কিত আইন এখন অসমৰ দৰে ৰাজ্যৰ কাৰণে কিমান ভয়ংকৰ হ’ব পাৰে সেইকথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জাতি-মাটি-ভেটিৰ বাবে সংশয়ৰ কাৰণ হৈ উঠিব পৰা এনে এখন আইনৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে গঢ় লৈ উঠা এখন সংগ্ৰামক বিপথে পৰিচালিত কৰাত যিসকল লোকে মূল ভূমিকা গ্ৰহণ কৰিলে জাতিয়ে তেওঁলোকক ক্ষমা কৰিবনে? দিনত আন্দোলনৰ নাটক কৰি ৰাতি নেতা-মন্ত্ৰীৰ সৈতে আপোচৰ চু্ক্তি কৰা, উদাত্ত ভাষণৰ ফুলজাৰিৰ মাজত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কথা চিন্তা কৰা তথা চৰকাৰী সা-সুবিধাৰ মোহে অন্ধ কৰি ৰখা নেতাই কিদৰে প্ৰকৃত আন্দোলন বা সংগ্ৰামৰ মৰ্ম বুজি পাব? তেওঁলোকৰ চকুৰ আগত কেতিয়াবা বিলকিছ দাদী বা ৰেকেশ টিকাইটৰ দৰে নেতাৰ প্ৰতিচ্ছবি প্ৰতিফলিত যদি হয় তেন্তে তেওঁলোকে এইসকল প্ৰকৃত সংগ্ৰামীৰ চকুত চকু থ’বলৈ সাহস কৰিবনে? সংগ্ৰাম এখন বিফল কৰি তুলি চৰকাৰৰ সহায় কৰিবলৈ তৎপৰ হৈ থকা এইসকল নেতাই সংগ্ৰাম এখন সফল কৰি তুলি ৰাইজৰ স্বাৰ্থৰক্ষাৰ কথা কেতিয়াবা ভাবিবনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement