--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত অৱনমিত হৈ থকাৰ সময়তে ভাৰততকৈ পিছত স্বাধীন হোৱা বাংলাদেশে জনমূৰি উপাৰ্জনৰ ক্ষেত্ৰত ভাৰতক অতিক্ৰম কৰিলে৷ ১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হল বাংলাদেশৰ৷ দেশখনে প্ৰতিদিনে সফলতাৰ নতুন নিচান উৰুৱাই আহিছে। জনমূৰি উপাৰ্জনৰ ক্ষেত্ৰত ভাৰতক অতিক্ৰম কৰি বাংলাদেশে আন এক নজিৰ স্থাপন কৰিছে৷

তথ্য অনুসৰি, বাংলাদেশে ২০২০-২১ বিত্তীয় বৰ্ষত দেশখনৰ জনমূৰি উপাৰ্জন ২২২৭ ডলাৰ বুলি ঘোষণা কৰিছে। এই পৰিসংখ্যা ২০১৯-২০ বৰ্ষত ঘোষণা কৰা ২০৬৪ ডলাৰৰ জনমূৰি উপাৰ্জনতকৈ অধিক। বাংলাদেশৰ পৰিকল্পনা মন্ত্ৰী এম এ মান্নানে সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে এক কেবিনেট বৈঠকত কয় যে দেশখনৰ জনমূৰি উপাৰ্জন ২,০৬৪ ডলাৰৰ পৰা ২,২২৭ ডলাৰলৈ বৃদ্ধি পাইছে।

বাংলাদেশৰ জনমূৰি উপাৰ্জন এতিয়া ভাৰতৰ জনমূৰি উপাৰ্জনতকৈ ২৮০ ডলাৰ অধিক৷ ২০০৭ চনত বাংলাদেশৰ জনমূৰি উপাৰ্জন ভাৰতৰ তুলনাত আধা আছিল৷ বাংলাদেশৰ নাগৰিকসকল জৱমূৰি আয় বৃদ্ধিত সুখী হৈ পৰিছে৷ কিয়নো, তেওঁলোকে এইক্ষেত্ৰত পিছ পেলাইছে পাকিস্তানক৷

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শেহতীয়াকৈ সাংবাদিকৰ আগত কয়, মোৰ দেউতা শ্বেখ মুজিবুৰ ৰহমানে ১৯৭১ চনত পাকিস্তানৰ পৰা পৃথক হোৱাৰ সঠিক সিদ্ধান্ত লৈছিল। তেওঁলোক কত আছে আৰু আজি আমি কত আছোঁ চাওক।

বাংলাদেশৰ প্ৰাক্তন তথ্য আৰু দূৰসংযোগ মন্ত্ৰী তৰানা হালিমে কয়, পাকিস্তান এখন ডুবন্ত জাহাজ৷ ২০০৯ চনত আৱামী লীগে দায়িত্ব গ্ৰহণ কৰাৰ বাংলাদেশৰ শ্বেখ হাছিনাই শক্তিশালী ট্ৰিকল-ডাউন প্ৰভাৱৰ সৈতে মানৱ আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিছিল। হালিমে কয়, আমাৰ এখন স্থিৰ অসামৰিক চৰকাৰ আছে আৰু আমি ভাৰতৰ সৈতে সুসম্পৰ্কৰ পৰা লাভান্বিত হৈছোঁ।

হালিমে লগতে কয় যে ২০২১ চনত প্ৰায় ৩৫০০ নিযুত ডলাৰৰ প্ৰৱাহৰ সৈতে বিদেশী প্ৰেৰণ বাংলাদেশৰ এক শক্তিশালী স্তম্ভ হিচাপে বিকশিত হৈছে। হালিমে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ অভিযোগো নস্যাৎ কৰি কৈছিল যে বাংলাদেশীসকল ভাৰতলৈ আহে কাৰণ তেওঁলোকৰ ঘৰত পৰ্যাপ্ত খাদ্য নাই। আমি খাদ্য সুৰক্ষা অৰ্জন কৰিছোঁ আৰু কেইলাখমান ভাৰতীয়ই বাংলাদেশত কৰ্মৰত হৈ আছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ নগাৰ
কানাডাত ভূমিকম্পৰ আশংকা! ১২ হাজাৰ বছৰৰ পিছত জাগ্ৰত হোৱাৰ লক্ষণ ইউকন ফল্ট
বিশ্বনাথত নৱ বিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
ৰাতিপুৱা স্কুললৈ গৈছিল... কিন্তু ঘূৰি নাহিল বিট্টু ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পিতৃৰ
মাটিবাৰী সংক্ৰান্তীয় কন্দলৰ ভয়ংকৰ পৰিণতি!  এগৰাকী মহিলাক চুলিত ধৰি টানি চোঁচৰাই গুৰুলাগুৰুলকৈ প্ৰহাৰ আত্মীয়ৰ
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা