--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত অৱনমিত হৈ থকাৰ সময়তে ভাৰততকৈ পিছত স্বাধীন হোৱা বাংলাদেশে জনমূৰি উপাৰ্জনৰ ক্ষেত্ৰত ভাৰতক অতিক্ৰম কৰিলে৷ ১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হল বাংলাদেশৰ৷ দেশখনে প্ৰতিদিনে সফলতাৰ নতুন নিচান উৰুৱাই আহিছে। জনমূৰি উপাৰ্জনৰ ক্ষেত্ৰত ভাৰতক অতিক্ৰম কৰি বাংলাদেশে আন এক নজিৰ স্থাপন কৰিছে৷

তথ্য অনুসৰি, বাংলাদেশে ২০২০-২১ বিত্তীয় বৰ্ষত দেশখনৰ জনমূৰি উপাৰ্জন ২২২৭ ডলাৰ বুলি ঘোষণা কৰিছে। এই পৰিসংখ্যা ২০১৯-২০ বৰ্ষত ঘোষণা কৰা ২০৬৪ ডলাৰৰ জনমূৰি উপাৰ্জনতকৈ অধিক। বাংলাদেশৰ পৰিকল্পনা মন্ত্ৰী এম এ মান্নানে সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে এক কেবিনেট বৈঠকত কয় যে দেশখনৰ জনমূৰি উপাৰ্জন ২,০৬৪ ডলাৰৰ পৰা ২,২২৭ ডলাৰলৈ বৃদ্ধি পাইছে।

বাংলাদেশৰ জনমূৰি উপাৰ্জন এতিয়া ভাৰতৰ জনমূৰি উপাৰ্জনতকৈ ২৮০ ডলাৰ অধিক৷ ২০০৭ চনত বাংলাদেশৰ জনমূৰি উপাৰ্জন ভাৰতৰ তুলনাত আধা আছিল৷ বাংলাদেশৰ নাগৰিকসকল জৱমূৰি আয় বৃদ্ধিত সুখী হৈ পৰিছে৷ কিয়নো, তেওঁলোকে এইক্ষেত্ৰত পিছ পেলাইছে পাকিস্তানক৷

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শেহতীয়াকৈ সাংবাদিকৰ আগত কয়, মোৰ দেউতা শ্বেখ মুজিবুৰ ৰহমানে ১৯৭১ চনত পাকিস্তানৰ পৰা পৃথক হোৱাৰ সঠিক সিদ্ধান্ত লৈছিল। তেওঁলোক কত আছে আৰু আজি আমি কত আছোঁ চাওক।

বাংলাদেশৰ প্ৰাক্তন তথ্য আৰু দূৰসংযোগ মন্ত্ৰী তৰানা হালিমে কয়, পাকিস্তান এখন ডুবন্ত জাহাজ৷ ২০০৯ চনত আৱামী লীগে দায়িত্ব গ্ৰহণ কৰাৰ বাংলাদেশৰ শ্বেখ হাছিনাই শক্তিশালী ট্ৰিকল-ডাউন প্ৰভাৱৰ সৈতে মানৱ আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিছিল। হালিমে কয়, আমাৰ এখন স্থিৰ অসামৰিক চৰকাৰ আছে আৰু আমি ভাৰতৰ সৈতে সুসম্পৰ্কৰ পৰা লাভান্বিত হৈছোঁ।

হালিমে লগতে কয় যে ২০২১ চনত প্ৰায় ৩৫০০ নিযুত ডলাৰৰ প্ৰৱাহৰ সৈতে বিদেশী প্ৰেৰণ বাংলাদেশৰ এক শক্তিশালী স্তম্ভ হিচাপে বিকশিত হৈছে। হালিমে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ অভিযোগো নস্যাৎ কৰি কৈছিল যে বাংলাদেশীসকল ভাৰতলৈ আহে কাৰণ তেওঁলোকৰ ঘৰত পৰ্যাপ্ত খাদ্য নাই। আমি খাদ্য সুৰক্ষা অৰ্জন কৰিছোঁ আৰু কেইলাখমান ভাৰতীয়ই বাংলাদেশত কৰ্মৰত হৈ আছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ