--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ আজি ওপজা দিন। আজি ৮৬ বছৰ বয়সত ভৰি দিলে ধৰ্মেন্দ্ৰই। পৰিয়ালৰ সদস্যসকলৰ লগতে অনুৰাগী তথা শুভাকাংক্ষীয়ে তেওঁক শুভকামনাৰে উপচাই পেলাইছে। ধৰ্মেন্দ্ৰৰ প্ৰকৃত নাম ধৰম সিং দেউল। বলীউডত হি-মেন নামেৰে জনাজাত অভিনেতা ধৰ্মেন্দ্ৰই বহুতো ছুপাৰহিট চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁ বলীউডক এটা নতুন পৰিচয় দিছিল। ১০০খনতকৈও অধিক চিনেমাত অভিনয় কৰা ধৰ্মেন্দ্ৰৰ জন্ম হৈছিল ১৯৩৫ চনৰ ৮ ডিচেম্বৰত পঞ্জাৱৰ ফাগৱাৰাত। ধৰ্মেন্দ্ৰই কেৱল মেট্ৰিকলৈকে অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত ১৯৬০ চনত 'দিল ভি তেৰা হম ভি তেৰে' চিনেমাখনৰে বলীউডত কেৰিয়াৰ আৰম্ভণি কৰে ধৰ্মেন্দ্ৰই। বলীউডৰ এইগৰাকী বলিষ্ঠ অভিনেতাৰ জন্মদিনত তেওঁৰ কেইটামান উল্লেখযোগ্য কথা জানো আহক।

বুট খাই,বেঞ্চত শুই ৰাতিটো কটাইছিল

ধৰ্মেন্দ্ৰই কতো অভিনয় শিকা নাছিল। বলীউডত ভৰি থবৰ বাবে তেওঁ বহুতো সংগ্ৰাম-সংঘৰ্ষ কৰিবলগা হৈছিল। ধৰ্মেন্দ্ৰই অনুভৱ কৰিছিল যে তেওঁ আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে। ধৰ্মেন্দ্ৰই বহুকেইটা দিন বুট খায়েই কটাইছিল আৰু নিশা হ'লে বেঞ্চত শুই পৰিছিল। টকা ৰাহি কৰিবলৈ তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ঘৰলৈ যাবলৈ কেইবা মাইলো খোজকাঢ়ি গৈছিল। ধৰ্মেন্দ্ৰই অৰ্জুন হিঙ্গোৰানীৰ 'দিল ভি তেৰা হম ভি তেৰে' (১৯৬০)ৰ দ্বাৰা কেৰিয়াৰ আৰম্ভ কৰিছিল। ধৰ্মেন্দ্ৰৰ শাৰীৰিক গঠন মল্লযোদ্ধাৰ দৰে আছিল। বহুতো প্ৰযোজকে তেওঁক অভিনয় ত্যাগ কৰি খেলপথাৰলৈ যাবলৈ পৰামৰ্শ দিছিল। বহুতে কৈছিল- ''পেহলোৱান তুমি ঘৰৰ ল'ৰা ঘৰলৈ উভতি যোৱা।'' কিন্তু নিজৰ সপোনটো বাস্তৱ কৰিবলৈ নেৰানেপেৰাকৈ লাগি থকা কাৰণে তেওঁ কি হ'লগৈ সেয়া মাথো ইতিহাস।

ধৰ্মেন্দ্ৰ- হেমাৰ প্ৰেম কাহিনী

ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতী। ধৰ্মেন্দ্ৰ আৰু হেমাই ১৯৮০ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কোৱা হয় যে হেমাৰ বাবে ধৰ্মেন্দ্ৰক বিয়া কৰাটো সহজ নাছিল। কাৰণ ধৰ্মেন্দ্ৰ ইতিমধ্যে বিবাহিত আছিল। দৰাচলতে ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰে তেওঁক বিবাহ বিচ্ছেদ দিবলৈ অস্বীকাৰ কৰিছিল। ধৰ্মেন্দ্ৰই হেমা মালিনীক বিয়া কৰাবলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি কোৱা হয়। ধৰ্মেন্দ্ৰৰ নাম সলনি কৰি দিলাৱাৰ খান আৰু হেমাৰ নাম আয়েশা বি কৰা হৈছিল। তাৰ পিছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। অৱশ্যে ধৰ্মেন্দ্ৰ আৰু হেমাই কেতিয়াও ৰাজহুৱাভাৱে এই কথা স্বীকাৰ কৰা নাছিল। ধৰ্মেন্দ্ৰই প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ ফালৰ পৰা ছানী দেউল, ববী দেউল, বিজেতা দেউল আৰু অজেইতা দেউল নামেৰে চাৰিটি সন্তান আৰু দ্বিতীয়া পত্নী হেমাৰ ফালৰ পৰা এষা দেউল আৰু আহানা দেউল নামেৰে দুটি কন্যা সন্তান লাভ কৰে।

শোভা কাপুৰক লৈ কিয় চেন্নাইত উপস্থিত হৈছিল ধৰ্মেন্দ্ৰ?

ধৰ্মেন্দ্ৰৰ উপৰিও জিতেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰেও হেমা মালিনীক ভাল পাইছিল আৰু তেওঁক জীৱনসংগী বনাব বিচাৰিছিল বুলি কোৱা হয়। জিতেন্দ্ৰ আৰু হেমা মালিনীয়ে বিয়া কৰাৰ সিদ্ধান্ত লৈছিল। দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ উদ্দেশ্যৰে চেন্নাইত (তেতিয়াৰ মাদ্ৰাজ)উপস্থিত হৈছিল। সেই সময়তে ধৰ্মেন্দ্ৰই জীতেন্দ্ৰৰ পত্নী শোভা কাপুৰৰ সৈতে চেন্নাইত উপস্থিত হয়। শোভাই তালৈ গৈ বহু হুলস্থুল কৰে। ফলত হেমা আৰু জিতেন্দ্ৰই বিয়া পাতিব নোৱাৰিলে। ইয়াৰ পাছত হেমা আৰু ধৰ্মেন্দ্ৰ বিবাহপাশত আৱদ্ধ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ