--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ দুটা বছৰৰ পাছতে অৰ্থাৎ ২০১৬ চনত এটা অতি আকস্মিক ঘোষণা কৰা হৈছিল। বিমুদ্ৰাকৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লা ধনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দেশত প্ৰচলিত হৈ থকা ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰি দিয়াৰ আকস্মিক ঘোষণাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। সেই সময়ত বিমুদ্ৰাকৰণৰ মোদীৰ মাষ্টাৰষ্ট্ৰোক আখ্যা দিয়া হৈছিল যদিও এই আকস্মিক ঘোষণাই মানুহক যি দুৰ্দশাৰ মাজলৈ থেলি দিছিল সেই কথাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল। বহুতেই দাবী কৰিছিল যে, এই সাময়িক অস্থিৰতা পাৰ হ’লেই দেশত নতুন যুগৰ সূচনা হ’ব। ডিজিটেল যুগ।

খুচুৰা লেনদেন হ্ৰাস হ’ব আৰু দেশৰ অৰ্থনীতি ডিজিটেল অৰ্থনীতিলৈ ৰূপান্তৰিত হ’ব। ক’লা ধন নাইকিয়া হ’ব আৰু ক’লা ধনৰ অভাৱত দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰা সন্ত্ৰাসবাদী নিপাত হ’ব। কিন্তু মূৰকত তাৰ ওলোটা ছবিহে দেখা পোৱা গ’ল। দেশৰ সাধাৰণ জনতাই অবৰ্ণনীয় দুখ-কষ্টৰ মাজেৰে বিমু্দ্ৰাকৰণৰ সেই কঠিন দিনবোৰ পাৰ কৰিলে কিন্তু ক’লা ধনো নাইকিয়া নহ’ল আৰু সন্ত্ৰাসবাদৰো নিঃশেষ নহ’ল। প্ৰধানমন্ত্ৰী মোদীয়ে ৫০০, ১০০০টকীয়া নোট বন্ধ কৰি নতুন নোটৰ প্ৰচলন কৰিলে আৰু নতুনকৈ মুকলি কৰা হ’ল ২০০০টকীয়া নোট। ক’লা ধন নাইকিয়া কৰিবলৈ ১০০০টকীয়া বন্ধ কৰি ২০০০টকীয়া মুকলি কৰাৰ আঁৰত থকা যুক্তি কেৱল মোদী চৰকাৰেহে হয়তো দিব পাৰিব।

মন কৰিবলগীয়া কথাটো হ’ল মোদীৰ মাষ্টাৰষ্ট্ৰোক আখ্যা পোৱা বিমুদ্ৰাকৰণৰ ৫টা বছৰ অতিক্ৰম কৰিলে আৰু এই বিষয়ে শাসক পক্ষই এতিয়া একো নোকোৱা হ’ল। কাৰণ স্পষ্ট। ইয়াৰ লজ্জাজনক ব্যৰ্থতা। কিন্তু বিমুদ্ৰাকৰণৰ নামত দেশখৰ অৰ্থনীতিত যি বৃহৎ ক্ষতি হ’ল, সেই ক্ষতি সহজে পূৰণ কৰাটো সম্ভৱ নহ’ব বুলি বিভিন্নজন অৰ্থনীতিবিদে প্ৰকাশ কৰিছে। খুচুৰা ব্যৱসায় খণ্ডৰ একপ্ৰকাৰ টেঁটুচেপা দিছিল এই বিমুদ্ৰাকৰণে। কিন্তু তাতোকৈ ব্যাপক আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ যে ভাৰতীয় অৰ্থনীতিৰ ওপৰত পৰিছিল সেয়াও এতিয়া স্পষ্ট হৈ পৰিছে। প্ৰথমে বিমুদ্ৰাকৰণ তাৰ পাছত ভুলভাৱে প্ৰয়োগ হোৱা জিএছটি আৰু শেহতীয়া ক’ভিড প্ৰতিৰোধী কঠোৰ লকডাউনে দেশৰ অৰ্থনীতিৰ ভেটি কৰি তুলিছে থৰক-বৰক। কিন্তু ইমানতে ইয়াৰ বিৰূপ প্ৰভাৱৰ অন্ত পৰা নাই, শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক তথ্য।


শেহতীয়াকৈ দেশত ২০০০টকীয়া নোটৰ ব্যাপক হ্ৰাস পৰিলক্ষিত হৈছে। ২০১৮চনৰ মাৰ্চ মাহত দেশত ৩৩৬.৩ কোটি ২০০০টকীয়া নোট প্ৰচলিত হৈ আছিল যদিও এইবছৰৰ নৱেম্বৰ মাহলৈ এই নোটৰ সংখ্যা কমিছে ২২৩.৩ কোটিলৈ। অৰ্থাৎ দেশত প্ৰচলিত মুঠ নোটৰ ১.৭৫ শতাংশ এতিয়া হ্ৰাস হৈছে। ৰাজ্যসভা মঙলবাৰে এই বিষয়ক এটা প্ৰশ্নৰ উত্তৰ দি এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্ত বিভাগৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে। মন্ত্ৰীগৰাকীৰ এই উত্তৰে এতিয়া ভালেমান প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। কিয়নো হঠাতে বজাৰৰ পৰা এনেদৰে ২০০০টকীয়া নোট কমাই অনাৰ কাৰণ কি সেয় স্পষ্ট নহয়। বেংকলৈ যোৱা বহু ২০০০টকীয়া নোট বেংকে পুনৰ বজাৰলৈ ঘূৰাই নিদিয়া বুলি প্ৰকাশ পাইছে। বহু নোট নষ্ট হোৱাৰ পাছত নতুনকৈ ছপা কৰা হোৱা নাই। কিন্তু ২০০০ টকীয়া নোট এনেদৰে বজাৰৰ পৰা কমাই অনাটোৱে এই নোটৰ প্ৰচলনো যে চৰকাৰৰ এটা ভুল পদক্ষেপ আছিল তাকেই চিহ্নিত কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে। মন কৰিবলগীয়া যে, ক’লা ধনৰ প্ৰচলন বন্ধ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ৫০০, ১০০০টকীয়া নোট বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল।

কিন্তু তাৰ পাছত ২০০০টকীয়া নোট প্ৰচলনেৰে দুৰ্নীতিত সাৰ পানী দিয়াত সহায় কৰা বুলিহে অভিযোগ উঠিছিল। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, কেন্দ্ৰীয় চৰকাৰে অপৰিকল্পিতভাৱে বিমুদ্ৰাকৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰাৰ ফলত সৃষ্টি হৈছিল অৰাজক পৰিস্থিতিৰ। অৰ্থনীতিৰ ক্ষতি হৈছিল ব্যাপক। কেৱল এয়াই নহয়, নতুন নোট ছপা কৰাৰ নামত খৰচ হৈছিসল ৰাজকোষৰ হাজাৰ হাজাৰ কোটি টকা। একোখন ২০০০টকীয়া নোট ছপোৱাৰ খৰচ ৩.৫৪টকা। অৰ্থাৎ দেশত ছপা কৰা মুঠ ৩৬৫.৪ কোটি ২০০০টকীয়া নোটৰ বাবে চৰকাৰে প্ৰায় ১,২৯৪ কোটি টকা খৰচ কৰিবলগীয়া হৈছিল। এনে বৃহৎ ব্যয়ো বহন কৰিবলগীয়া হৈছিল দেশৰ সাধাৰণ জনতাই। এতিয়া ইয়াৰ সৈতে জড়িত আন এটা বৃহৎ প্ৰশ্ন হৈছে এইটোৱেই যে, এতিয়া বজাৰৰ পৰা উধাও হোৱা এই ২০০০টকীয়া নোটসমূহ সঁচাকৈয়ে বেংকলৈকে উভতি গৈছে নে ই কাৰোবাৰ গোপন কোঠাত সঞ্চিত হৈ ৰৈছে? ক’লা ধনৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মোদী চৰকাৰে এই বিষয়ে নিশ্চয় স্পষ্ট তথ্য প্ৰকাশ কৰা যুগুত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ