--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে চলি থকা হিজাব বিতৰ্কৰ সন্দৰ্ভত মুখ খুলিছে। বৃহস্পতিবাৰে, উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত প্ৰচাৰ কাৰ্যত ভাগ লোৱা সময়ত, তেওঁ এই বিষয়টোক লৈ বিৰোধীক কটু ভাষাত আক্ৰমণ কৰিছিল। অৱশ্যে, হিজাব শব্দটো তেওঁক এবাৰো উচ্চাৰণ কৰা শুনা হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে কয়, ‘মুছলমানসকলৰ সমৰ্থন এতিয়া বিজেপিৰ পক্ষত আছে। মুছলমান মহিলাসকলে মোদীক ধন্যবাদ জনাইছে। এইটোৱেই এতিয়া কিছুমান সংখ্যালঘু তোষণকাৰীৰ পেটৰ বিষ-মুৰৰ কামোৰণি সদৃশ হৈ পৰিছে। সেইকাৰণে মুছলমান ভগ্নীসকলক প্ৰতাৰণা কৰা হৈছে। অৱশ্যে, বিজেপি চৰকাৰে মুছলমান ছোৱালী আৰু ভগ্নীসকলৰ কাষত থিয় দিছে। একে সময়তে তেওঁ কয়, বিজেপি চৰকাৰ সদায় প্ৰতাৰিত হোৱা মুছলমান মহিলা কাষত আছে আৰু থাকিব।’ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোডীয়ে কয়, ‘বিজেপি চৰকাৰে মুছলমান মহিলাসকলক তিনি তালাকৰ দৰে শোচনীয় প্ৰথাৰ পৰা মুক্ত কৰিছে। মুছলিম মহিলাসকলৰ হিতৰ বাবে অনা এই আইনৰ বাবে বিজেপি চৰকাৰক ধন্যবাদ জনাইছে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত মুছলমান মহিলাসকলে এক ভিডিঅ’ বাৰ্তাত মোদীক ধন্যবাদো জ্ঞাপন কৰিছে। বিজেপি চৰকাৰে তেওঁলোকক সুৰক্ষা দিছে। সেইকাৰণে মুছলমানসকলৰ এই চৰকাৰৰ ওপৰত বিশ্বাস আছে আৰু তাতেই বহুতে ভয় কৰে। তেওঁ লগতে কয়, ‘মুছলমান ছোৱালীসকলক প্ৰতাৰণা কৰা উচিত নহয়। চৰকাৰ সদায় দেশৰ ছোৱালীৰ পক্ষত থাকে।’ আনহাতে, প্ৰিয়ংকা গান্ধীয়েও হিজাবৰ বিষয়টো উত্থাপন কৰিছে। কৰ্ণাটক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক হিজাব পিন্ধি শ্ৰেণীত প্ৰৱেশ কৰাৰ ওপৰত নিষেধাজ্ঞা কঢ়িয়াই অনাক লৈ সমগ্ৰ দেশতে হুলস্থূল সৃষ্টি হৈছে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বুধবাৰে এই বিতৰ্কৰ ওপৰত মুখ খুলিছিল। তেওঁ কয় ‘বিকিনি, ঘোমটা, জিন্স বা হিজাব। কি পিন্ধিব লাগে সেয়া মহিলাসকলৰ বাবে ব্যক্তিগত পছন্দ। ভাৰতৰ সংবিধানে তেওঁলোকক এই অধিকাৰ দিছে। মহিলাসকলক উৎপীড়ন কৰা বন্ধ কৰক। সামাজিক মাধ্যমত প্ৰিয়ংকাই কয় #ladkihoonladsaktihoon হেছটেগত লিখিছে। কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত মুছলমান শিক্ষাৰ্থীসকলে হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাক লৈ এতিয়া সমগ্ৰ দেশতে ধুমুহা সৃষ্টি হৈছে। কেইবাজনো ৰাজনৈতিক নেতাই শিক্ষাৰ্থীসকলৰ কাষত থিয় দিছে আৰু শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে মুকলি কৈছে। আনহাতে, নবেল বঁটা বিজয়ী সমাজকৰ্মী মালালা ইউছুফজাইয়েও হিজাব বিতৰ্কৰ বিষয়ে মুখ খুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ