--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে চলি থকা হিজাব বিতৰ্কৰ সন্দৰ্ভত মুখ খুলিছে। বৃহস্পতিবাৰে, উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত প্ৰচাৰ কাৰ্যত ভাগ লোৱা সময়ত, তেওঁ এই বিষয়টোক লৈ বিৰোধীক কটু ভাষাত আক্ৰমণ কৰিছিল। অৱশ্যে, হিজাব শব্দটো তেওঁক এবাৰো উচ্চাৰণ কৰা শুনা হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে কয়, ‘মুছলমানসকলৰ সমৰ্থন এতিয়া বিজেপিৰ পক্ষত আছে। মুছলমান মহিলাসকলে মোদীক ধন্যবাদ জনাইছে। এইটোৱেই এতিয়া কিছুমান সংখ্যালঘু তোষণকাৰীৰ পেটৰ বিষ-মুৰৰ কামোৰণি সদৃশ হৈ পৰিছে। সেইকাৰণে মুছলমান ভগ্নীসকলক প্ৰতাৰণা কৰা হৈছে। অৱশ্যে, বিজেপি চৰকাৰে মুছলমান ছোৱালী আৰু ভগ্নীসকলৰ কাষত থিয় দিছে। একে সময়তে তেওঁ কয়, বিজেপি চৰকাৰ সদায় প্ৰতাৰিত হোৱা মুছলমান মহিলা কাষত আছে আৰু থাকিব।’ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোডীয়ে কয়, ‘বিজেপি চৰকাৰে মুছলমান মহিলাসকলক তিনি তালাকৰ দৰে শোচনীয় প্ৰথাৰ পৰা মুক্ত কৰিছে। মুছলিম মহিলাসকলৰ হিতৰ বাবে অনা এই আইনৰ বাবে বিজেপি চৰকাৰক ধন্যবাদ জনাইছে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত মুছলমান মহিলাসকলে এক ভিডিঅ’ বাৰ্তাত মোদীক ধন্যবাদো জ্ঞাপন কৰিছে। বিজেপি চৰকাৰে তেওঁলোকক সুৰক্ষা দিছে। সেইকাৰণে মুছলমানসকলৰ এই চৰকাৰৰ ওপৰত বিশ্বাস আছে আৰু তাতেই বহুতে ভয় কৰে। তেওঁ লগতে কয়, ‘মুছলমান ছোৱালীসকলক প্ৰতাৰণা কৰা উচিত নহয়। চৰকাৰ সদায় দেশৰ ছোৱালীৰ পক্ষত থাকে।’ আনহাতে, প্ৰিয়ংকা গান্ধীয়েও হিজাবৰ বিষয়টো উত্থাপন কৰিছে। কৰ্ণাটক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক হিজাব পিন্ধি শ্ৰেণীত প্ৰৱেশ কৰাৰ ওপৰত নিষেধাজ্ঞা কঢ়িয়াই অনাক লৈ সমগ্ৰ দেশতে হুলস্থূল সৃষ্টি হৈছে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বুধবাৰে এই বিতৰ্কৰ ওপৰত মুখ খুলিছিল। তেওঁ কয় ‘বিকিনি, ঘোমটা, জিন্স বা হিজাব। কি পিন্ধিব লাগে সেয়া মহিলাসকলৰ বাবে ব্যক্তিগত পছন্দ। ভাৰতৰ সংবিধানে তেওঁলোকক এই অধিকাৰ দিছে। মহিলাসকলক উৎপীড়ন কৰা বন্ধ কৰক। সামাজিক মাধ্যমত প্ৰিয়ংকাই কয় #ladkihoonladsaktihoon হেছটেগত লিখিছে। কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত মুছলমান শিক্ষাৰ্থীসকলে হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাক লৈ এতিয়া সমগ্ৰ দেশতে ধুমুহা সৃষ্টি হৈছে। কেইবাজনো ৰাজনৈতিক নেতাই শিক্ষাৰ্থীসকলৰ কাষত থিয় দিছে আৰু শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে মুকলি কৈছে। আনহাতে, নবেল বঁটা বিজয়ী সমাজকৰ্মী মালালা ইউছুফজাইয়েও হিজাব বিতৰ্কৰ বিষয়ে মুখ খুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ