--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘মনত ৰাখিব প্ৰাথমিকতা হ’ব লাগে হিন্দু স্বাৰ্থ, অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাৰ্থ। ভাষা, জাতিৰ দৰে অন্যান্য স্বাৰ্থক প্ৰাধান্য দিয়াটো উচিত নহয়,’- ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতৰ এটি মন্তব্য৷ বুধবাৰে হায়দৰাবাদত অনুষ্ঠিত ভক্তি সন্ত শ্ৰী ৰামানুজাচাৰ্যৰ সহস্ৰাব্দ জন্ম জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীজনে৷ তেওঁৰ মতে, আন যিকোনো ব্যক্তিগত স্বাৰ্থতকৈ ৰাষ্ট্ৰীয় স্বাৰ্থক সদায় অগ্ৰাধিকাৰ দিয়া উচিত। ভাষণত তেওঁ কৈছিল, ‘মনত ৰাখিব প্ৰাথমিকতা হ’ব লাগে হিন্দু স্বাৰ্থ, অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাৰ্থ। অন্যান্য স্বাৰ্থ যেনে ভাষা, জাতি আদি সকলো গৌণ স্বাৰ্থ হোৱা উচিত।’ লগতে তেওঁ কয় যে, ‘আমি এনে কোনো কামত জড়িত হোৱা উচিত নহয় যিয়ে আমাৰ মাজত যুঁজিবলৈ উদগনি দিয়ে। আমি সন্মানৰ সৈতে জীয়াই থাকিবলৈ শিকিব লাগে৷’ ভাগৱতে কয়, ফৰাচী বিপ্লৱৰ পাছত সমগ্ৰ বিশ্বই সমতাৰ কথা ক’বলৈ আৰম্ভ কৰিছিল৷ কিন্তু ভাৰতত, হাজাৰ বছৰৰ পূৰ্বে সমতাৰ বিশ্লেষণ দিয়া হৈছে৷ আৰএছএছৰ মুৰব্বীয়ে কয় যে, স্থানীয় পৰ্যায়ৰ সাধুসকলে মাহিলী একত্ৰিত হ’ব লাগে আৰু জনসাধাৰণক কেনেদৰে মহৎ জীৱনযাপনৰ বিষয়ে শিক্ষিত কৰিব লাগে আৰু একেধৰণে আলোচনা কৰিব লাগে, প্ৰতিটো পৰিয়ালে একেলগে প্ৰাৰ্থনা কৰিবলৈ, একেলগে খাবলৈ আৰু পৰিয়াল আৰু ৰাষ্ট্ৰীয় মূল্যবোধৰ বিষয়ে আলোচনা কৰিবলৈ সপ্তাহত কমেও এবাৰ একেলগে বহিব লাগিব। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও অনুষ্ঠানটোত বক্তব্য ৰাখিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ফেব্ৰুৱাৰীত চহৰৰ উপকণ্ঠৰ মুচিন্তালৰ চিন্না জিয়াৰ স্বামী আশ্ৰমত ৰামানুজাচাৰ্যৰ ২১৬ ফুট দৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল। এই মূৰ্তিটো উদ্বোধন কৰি ‘সমতাৰ প্ৰতিমূৰ্তি’ ৰামানুজাচাৰ্যক স্মৰণ কৰিছিল৷ যিয়ে বিশ্বাস কৰিছিল যে, জাতি আৰু ধৰ্মকে ধৰি জীৱনধাৰণৰ সকলো দিশতে সমতাৰ ধাৰণাটো প্ৰচাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ