--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ হিজাব বিতৰ্কই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে প্ৰবল জোকাৰণি। ৰাজ্যখনত নতুন ইউনিফৰ্ম নীতি জাৰি কৰাৰ লগে লগেই বিতৰ্কৰ সূচনা হৈছে। হিজাব পৰিহিত মুছলমান ছাত্ৰীৰ শিক্ষানুষ্ঠানত প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি ৰাজ্যখনত মুছলমান আৰু হিন্দু শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে সংঘাতৰ। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ ৩ দিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে। কৰ্ণাটকৰ এখন বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বিবাদক লৈ শেহতীয়াকৈ আন ৰাজ্যসমূহতো সৃষ্টি হৈছে সংঘাতৰ৷ কৰ্ণাটকৰ হিজাব বিতৰ্কই এতিয়া মধ্যপ্ৰদেশ আৰু পুডুচেৰীৰো পৰিস্থিতি উত্তাল কৰি তুলিছে। অভিনেত্ৰী তথা বিজেপি সাংসদ হেমা মালিনীয়ে কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হেমা মালিনীয়ে কয় যে "প্ৰতিখন বিদ্যালয়ৰ এযোৰ ইউনিফৰ্ম থাকে, সেয়া আমি সন্মান কৰা উচিত। আপুনি বিদ্যালয়ৰ বাহিৰত যি ইচ্ছা তাকে পিন্ধিব পাৰে। বিদ্যালয়সমূহ শিক্ষাৰ বাবেহে, তাত ধৰ্মীয় বিষয়বোৰে স্থান পোৱাতো উচিত নহয়।" একে সময়তে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়েও এই বিতৰ্কক সমালোচনা কৰি কয় যে "যিকোনো প্ৰতিষ্ঠানৰ পোছাক বিধি, অনুশাসন আৰু মৰ্যাদা বজাই ৰখাৰ সিদ্ধান্তক সাম্প্ৰদায়িক ৰং দিয়াটো ভাৰতৰ সামগ্ৰিক সংস্কৃতিৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। সংখ্যালঘু সমাজৰ দেশৰ সকলো প্ৰতিষ্ঠান আৰু সুবিধাৰ ওপৰত সমান অধিকাৰ আছে।" বিদ্যালয় আৰু মহাবিদ্যালয়ত হিজাব পিন্ধাক লৈ হোৱা বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে বুধবাৰে নতুনকৈ শুনানি অনুষ্ঠিত কৰে। উকীলসকলৰ যুক্তি শুনি ন্যায়াধীশ কৃষ্ণ দীক্ষিতৰ একক বিচাৰপীঠে বিষয়টো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰে। এতিয়া বৃহত্তৰ বিচাৰপীঠে বিষয়টোৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত কৰিব। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই আটাইতকৈ শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। আৰু পঢ়কঃ আজিৰে পৰা আৰম্ভ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি