--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ হিজাব বিতৰ্কই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে প্ৰবল জোকাৰণি। ৰাজ্যখনত নতুন ইউনিফৰ্ম নীতি জাৰি কৰাৰ লগে লগেই বিতৰ্কৰ সূচনা হৈছে। হিজাব পৰিহিত মুছলমান ছাত্ৰীৰ শিক্ষানুষ্ঠানত প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি ৰাজ্যখনত মুছলমান আৰু হিন্দু শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে সংঘাতৰ। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ ৩ দিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে। কৰ্ণাটকৰ এখন বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বিবাদক লৈ শেহতীয়াকৈ আন ৰাজ্যসমূহতো সৃষ্টি হৈছে সংঘাতৰ৷ কৰ্ণাটকৰ হিজাব বিতৰ্কই এতিয়া মধ্যপ্ৰদেশ আৰু পুডুচেৰীৰো পৰিস্থিতি উত্তাল কৰি তুলিছে। অভিনেত্ৰী তথা বিজেপি সাংসদ হেমা মালিনীয়ে কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হেমা মালিনীয়ে কয় যে "প্ৰতিখন বিদ্যালয়ৰ এযোৰ ইউনিফৰ্ম থাকে, সেয়া আমি সন্মান কৰা উচিত। আপুনি বিদ্যালয়ৰ বাহিৰত যি ইচ্ছা তাকে পিন্ধিব পাৰে। বিদ্যালয়সমূহ শিক্ষাৰ বাবেহে, তাত ধৰ্মীয় বিষয়বোৰে স্থান পোৱাতো উচিত নহয়।" একে সময়তে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়েও এই বিতৰ্কক সমালোচনা কৰি কয় যে "যিকোনো প্ৰতিষ্ঠানৰ পোছাক বিধি, অনুশাসন আৰু মৰ্যাদা বজাই ৰখাৰ সিদ্ধান্তক সাম্প্ৰদায়িক ৰং দিয়াটো ভাৰতৰ সামগ্ৰিক সংস্কৃতিৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। সংখ্যালঘু সমাজৰ দেশৰ সকলো প্ৰতিষ্ঠান আৰু সুবিধাৰ ওপৰত সমান অধিকাৰ আছে।" বিদ্যালয় আৰু মহাবিদ্যালয়ত হিজাব পিন্ধাক লৈ হোৱা বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে বুধবাৰে নতুনকৈ শুনানি অনুষ্ঠিত কৰে। উকীলসকলৰ যুক্তি শুনি ন্যায়াধীশ কৃষ্ণ দীক্ষিতৰ একক বিচাৰপীঠে বিষয়টো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰে। এতিয়া বৃহত্তৰ বিচাৰপীঠে বিষয়টোৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত কৰিব। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই আটাইতকৈ শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। আৰু পঢ়কঃ আজিৰে পৰা আৰম্ভ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ

FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত