--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ত্ৰিৰংগাৰ সলনি এসময়ত লালকিল্লাত উৰিব গেৰুৱা পতাকা’। এই দাবী কৰিছে এজন জ্যেষ্ঠ বিজেপি নেতাই। বিজেপি নেতা গৰাকীৰ মতে প্ৰাচীন কালত ৰামচন্দ্ৰকে ধৰি হিন্দু বীৰসকলৰ ৰথত গেৰুৱা পতাকাই শোভা পাইছিল। পুনৰ সেই দিন ঘূৰি আহিব। তেওঁ ৰাম মন্দিৰৰ প্ৰসংগৰে কয়, আগেয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কথা ক’pলে একাংশই হাঁহিৰে উৰুৱাই দিছিল। কিন্তু সেই ইতিকিং অতিক্ৰম কৰি এতিয়া অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰি দেখুৱালে বিজেপিয়ে। একেদৰেই বৰ্তমানৰ ত্ৰিৰংগা পতাকা দেশৰ ৰাষ্ট্ৰীয় পতাকা। কিন্তু এসময়ত এই স্থান যদি গেৰুৱা পতাকাই দখল কৰে, তাত আচৰিত হ’ব লগা একো নাই। জ্যেষ্ঠ বিজেপি নেতা তথা কৰ্ণাটকৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী কে এছ ইশ্বৰাপ্পাই বুধবাৰে এই দাবী কৰে যে গেৰুৱা পতাকা ভৱিষ্যতে কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় পতাকা হ'ব পাৰে। তেওঁ অৱশ্যে কয় যে ত্ৰিৰংগা এতিয়া ৰাষ্ট্ৰীয় পতাকা, আৰু ইয়াক সকলোৱে সন্মান কৰা উচিত। কিন্তু আজি নহ’লেও ভৱিষ্যতে কোনোবা দিনা গেৰুৱা পতাকা ৰাষ্ট্ৰীয় পতাকা হ’ব পাৰে। আৰু সেই পতাকা উত্তোলন কৰা হ’ব দিল্লীৰ লালকিল্লাত। কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত হিজাব বিতৰ্কৰ বাবে একাংশ হিন্দুত্ববাদত সমৰ্থনকাৰী ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় প্ৰাংগণত উৰি থকা ৰাষ্ট্ৰীয় পতাকা নমাই আনিছিল আৰু তাৰ ঠাইত গেৰুৱা পতাকা উত্তোলন কৰিছিল। কিন্দু এই সত্যতা অস্বীকাৰ কৰিছে জ্যেষ্ঠ বিজেপি নেতা গৰাকীয়ে। তেওঁ কয় যে সেই ঠাইত উৰি থকা ৰাষ্ট্ৰীয় পতাকাৰ ঠাইত গেৰুৱা পতাকা উত্তোলন কৰা হোৱা নাছিল। তাৰ কাষতে থকা আন এক পতাকাৰ খুঁটিতহে উত্তোলন কৰা হৈছিল গেৰুৱা পতাকাখন। বিজেপি নেতা গৰাকীৰ এনে উদ্ভট মন্তব্যই এতিয়া জোঁকাৰণিৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। তেওঁৰ বক্তব্যত ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰিবলৈ আহ্বান জনাইছে যদিও পতাকাৰ সাল-সলনিৰ কথাই দেশৰ সন্মানত আঘাট হানিছে বুলি বহু লোকে মন্তব্য কৰিছে। নেতাগৰাকীৰ এনে মন্তব্যৰ প্ৰতি ৰাজ্যখনৰ প্ৰশাসন আৰু দলীয়ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতি দৃষ্টি আৱদ্ধ ৰাখিছে সকলোৱে। দেশৰ সন্মানৰ প্ৰতি এনে মন্তব্য জনপ্ৰতিনিধি আৰু দায়িত্বশীল মন্ত্ৰীৰ মুখত শোভা নিদিয়ে যদিও কিয় তেওঁ এনে মন্তব্য কৰিছে তাক লৈ চৰ্চা অব্যাহত আছে। মন্ত্ৰী গৰাকীৰ মন্তব্যই দেশৰ ঐক্য-সম্প্ৰীতিত আঘাট হানিব আৰু সমাজত ভেদাভেদৰ সৃষ্টি কৰিব বুলিও বহু লোকে আশংকা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি