--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছু মাহ পূৰ্বে ইৰাণত সংঘটিত হোৱা হিজাব বিৰোধী প্ৰতিবাদৰ পিছতো দেশখনৰ পৰিস্থিতি আগৰ দৰেই হৈ আছে। ইৰাণত পুনৰবাৰ পুনৰাবৃত্তি হৈছে মাহছা আমিনিৰ দৰে এক কাণ্ড। হিজাব পৰিধান নকৰাৰ বাবে ইৰাণৰ মহিলা আৰক্ষীয়ে প্ৰহাৰ কৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীক। এই প্ৰহাৰৰ ফলত বৰ্তমান ক’মা অৱস্থাত থকা কিশোৰীগৰাকীয়ে জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ৪ অক্টোবৰত (বুধবাৰে) এই তথ্য দিছিল দুগৰাকী বিশিষ্ট অধিকাৰ কৰ্মীয়ে।

১৬ বছৰীয়া ছোৱালীজনীৰ নাম আৰ্মিতা গেৰভাণ্ড, যিয়ে হিজাব পিন্ধা নাছিল। এই কাৰণতে ছোৱালীজনীক মেট্ৰ’ত নৃশংসভাৱে প্ৰহাৰ কৰে এগৰাকী মহিলা আৰক্ষীয়ে। ইয়াৰ পিছত তেওঁৰ মূৰ আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু ইৰাণ চৰকাৰে সমগ্ৰ বিষয়টোৰ পৰা নিজকে আঁতৰাই ৰাখি অধিকাৰ সংগঠনৰ দাবীক অস্বীকাৰ কৰিছে। একে সময়তে দেশৰ ছ’চিয়েল মিডিয়াতো এই ঘটনা ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।

ইৰাণৰ স্বৰাজ মন্ত্ৰালয়ে এই ঘটনা সন্দৰ্ভত মন্তব্যৰ বাবে কৰা অনুৰোধত কোনো তাৎক্ষণিক সঁহাৰি নাপালে। আনহাতে ইৰাণৰ এজন কৰ্মীয়ে কয় যে আমি তেওঁৰ গোচৰটো তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছো। চিকিৎসালয়খনৰ আই চি ইউত ক’মাত থকাৰ বাবে তেওঁৰ অৱস্থা সংকটজনক। ইয়াৰ উপৰিও আন এজন কৰ্মীয়ে কয় যে নিৰাপত্তা বাহিনীয়ে গেৰভাণ্ডৰ পিতৃ-মাতৃক তেওঁৰ ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰাত বা মানৱ অধিকাৰ সংগঠনৰ সৈতে কথা পতাত নিষেধাজ্ঞা আৰোপ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি