--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছু মাহ পূৰ্বে ইৰাণত সংঘটিত হোৱা হিজাব বিৰোধী প্ৰতিবাদৰ পিছতো দেশখনৰ পৰিস্থিতি আগৰ দৰেই হৈ আছে। ইৰাণত পুনৰবাৰ পুনৰাবৃত্তি হৈছে মাহছা আমিনিৰ দৰে এক কাণ্ড। হিজাব পৰিধান নকৰাৰ বাবে ইৰাণৰ মহিলা আৰক্ষীয়ে প্ৰহাৰ কৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীক। এই প্ৰহাৰৰ ফলত বৰ্তমান ক’মা অৱস্থাত থকা কিশোৰীগৰাকীয়ে জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ৪ অক্টোবৰত (বুধবাৰে) এই তথ্য দিছিল দুগৰাকী বিশিষ্ট অধিকাৰ কৰ্মীয়ে।

১৬ বছৰীয়া ছোৱালীজনীৰ নাম আৰ্মিতা গেৰভাণ্ড, যিয়ে হিজাব পিন্ধা নাছিল। এই কাৰণতে ছোৱালীজনীক মেট্ৰ’ত নৃশংসভাৱে প্ৰহাৰ কৰে এগৰাকী মহিলা আৰক্ষীয়ে। ইয়াৰ পিছত তেওঁৰ মূৰ আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু ইৰাণ চৰকাৰে সমগ্ৰ বিষয়টোৰ পৰা নিজকে আঁতৰাই ৰাখি অধিকাৰ সংগঠনৰ দাবীক অস্বীকাৰ কৰিছে। একে সময়তে দেশৰ ছ’চিয়েল মিডিয়াতো এই ঘটনা ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।

ইৰাণৰ স্বৰাজ মন্ত্ৰালয়ে এই ঘটনা সন্দৰ্ভত মন্তব্যৰ বাবে কৰা অনুৰোধত কোনো তাৎক্ষণিক সঁহাৰি নাপালে। আনহাতে ইৰাণৰ এজন কৰ্মীয়ে কয় যে আমি তেওঁৰ গোচৰটো তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছো। চিকিৎসালয়খনৰ আই চি ইউত ক’মাত থকাৰ বাবে তেওঁৰ অৱস্থা সংকটজনক। ইয়াৰ উপৰিও আন এজন কৰ্মীয়ে কয় যে নিৰাপত্তা বাহিনীয়ে গেৰভাণ্ডৰ পিতৃ-মাতৃক তেওঁৰ ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰাত বা মানৱ অধিকাৰ সংগঠনৰ সৈতে কথা পতাত নিষেধাজ্ঞা আৰোপ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল