--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৰৱে’ৰ প্ৰখ্যাত লেখক-নাট্যকাৰ জন ফছেলৈ আগবঢ়োৱা হৈছে এইবৰ্ষৰ সাহিত্যৰ নোবেল বঁটা৷ ফছেক তেওঁৰ অভিনৱ নাটক আৰু গদ্যৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছে নোবেল কমিটীয়ে সদৰী কৰিছে৷ 

নৰৱে’ৰ নাইনৰ্স্ক ভাষাক নাটক, উপন্যাস, কবিতা সংকলন, প্ৰবন্ধ, শিশু  আৰু অনুবাদেৰে সমৃদ্ধ কৰিছে ফছেই। যদিও তেওঁ আজি পৃথিৱীৰ সৰ্বাধিক প্ৰদৰ্শিত আৰু চৰ্চিত নাট্যকাৰসকলৰ মাজৰ এজন, তথাপি তেওঁ তেওঁৰ গদ্যৰ বাবে ক্ৰমান্বয়ে স্বীকৃত হৈ পৰিছে।

উল্লেখযোগ্য যে, ২০২২ৰ সাহিত্যৰ নোবেল বঁটা এনি এৰ্নাউক্সক প্ৰদান কৰা হৈছিল৷

১৯৫৯ত নৰৱে’ৰ পশ্চিম উপকূলত জন্মগ্ৰহণ কৰা ফছেৰ সাহিত্যকৰ্ম নাটক, উপন্যাস, কবিতা সংকলন, প্ৰবন্ধ, শিশু গ্ৰন্থ আৰু অনুবাদেৰে সমৃদ্ধ। তেওঁৰ প্ৰথম উপন্যাস ‘Raudt, svart’ ১৯৮৩ত প্ৰকাশ পাইছিল আৰু তেতিয়াৰ পৰা তেওঁৰ সৃষ্টি বিশ্বজুৰি ৪০টাতকৈও অধিক ভাষাত অনূদিত হৈছে।
ফছেৰ প্ৰথম নাটক ‘Og aldri skal vi skiljast’ ১৯৯৪ চনত পৰিৱেশিত আৰু প্ৰকাশিত হৈছিল।

সাহিত্যৰ নোবেল বঁটা ঘোষণাৰ পাছত ৬ আৰু ৯ অক্টোবৰত ঘোষণা কৰা হ’ব শান্তি আৰু অৰ্থনীতিৰ নোবেল বঁটা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল