--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেলঃ জন্ম, মৃত্যু আৰু বিবাহ এই তিনিও বিধাতাৰ লিখন বুলি কোৱা হয়। এই তিনিটা দিশত মানুহে যিমান চেষ্টা কৰিলেও একো কৰিব নোৱাৰে। এই কথাকেই পুনৰবাৰ সত্য প্ৰমাণিত কৰিলে এটি প্ৰেমিক যুগলে। একেলগে বিয়াৰ বজাৰ কৰিবলৈ গৈ জীৱন্তে ঘূৰি নাহিল এহাল প্ৰেমিক-প্ৰেমিকা। এক শােকাৱহ পথ দুৰ্ঘটনাত উৰি গ'ল দুয়োৰে প্ৰাণ পক্ষী। মঙলবাৰে এই শোকাৱহ ঘটনা সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ কানপুৰৰ আউৰিয়াত।

দৰা-কইনাৰ সাজ পিন্ধি যুগ্ম জীৱনৰ পাতনি মেলাৰ সপােন দিঠকত পৰিণত নহ’ল শচীন শ্ৰীবাস্তৱ(৩੦)আৰু চোনি প্ৰজাপতি(২৫)ৰ।বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে দুয়োৱে প্ৰেমক সফল ৰূপ দিছিল। দুই পৰিয়ালৰ মাজত বুজাবুজিৰ পাছত ঠিক হৈছিল বিয়াৰ দিন, কিন্তু বিয়ালৈ মাজত মাথো কেইদিনমান থাকোতেই সপোন ভাঙি থানবান হৈ পৰিল সকলাে। দুয়োজনে ১০ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। সেয়েহে তেওঁলোকে বিয়াৰ বজাৰ কৰিবলৈ কানপুৰলৈ গৈছিল। বজাৰ কৰি আনন্দ মনেৰে ঘৰলৈ উভতি অহাৰ পথত এখন অচিনাক্ত বাহনে তেওঁলোকৰ স্কুটীত খুন্দা মাৰে। যাৰ ফলত দুয়োৰে থিতাতে মৃত্যু হয়।

আৰু পঢ়কঃ দেশৰ বাবে দুজনক পঠিয়াইছিলোঁ,এজনে মৃত্যু বৰিলে,ভাল লাগিছে… শ্বহীদ পিতৃৰ ভাষ্যত উদ্বেলিত দেশ

মৃত শচীন শ্ৰীবাস্তৱ আৰু চোনি প্ৰজাপতি একেটা এলেকাতে বাস কৰিছিল। দুয়োৰে মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। কিন্তু তেওঁলোকৰ প্ৰেম সহজ নাছিল,কিয়নো তেওঁলোক ভিন্ন জাতিৰ আছিল।বিবাহৰ বাবে তেওঁলোকৰ পৰিয়ালক যথেষ্ট সৈমান কৰিব লগা হৈছিল। অৱশেষত দুয়োটা পৰিয়ালে তেওঁলোকৰ প্ৰেমক স্বীকৃতি দি বিয়া পাতি দিবলৈ সিদ্ধান্ত লৈছিল। কিছুদিন পূৰ্বে তেওঁলোকৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছিল আৰু তাৰ পিছতেই পৰিয়ালে বিয়াৰ বাবে সাজু হৈছিল। কিন্তু দুৰ্ঘটনাটোৱে শেষ কৰি পেলালে এহাল প্ৰেমিক-প্ৰেমিকা আৰু দুটা পৰিয়ালৰ অলেখ ৰঙীন সপোন। এই কৰুণ দুৰ্ঘটনাই সমগ্ৰ আউৰিয়াতে পেলাইছে গভীৰ শোকৰ ছাঁ, বহুতৰ ঘৰত নজ্বলিল চৌকাৰ জুই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক