--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্প্ৰতি ব্যস্ত আছে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন নিৰ্বাচনী সভাত প্ৰদান কৰা উত্তেজক আৰু বিভাজনমুখী মন্তব্যৰে ঝাৰখণ্ডৰ নিৰ্বাচনী পৰিৱেশ উত্তাৱল কৰি তুলিছে৷হিমন্ত বিশ্ব শৰ্মাৰ এনে বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত শনিবাৰে এজাহাৰ দাখিল কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি, ১ নৱেম্বৰত শৰাথত দিয়া ভাষণত বিজেপি নেতাগৰাকীয়ে কোনো নাম উল্লেখ নকৰাকৈ কয় যে এই ভোটৰসকলে এঠাইত ভোট দিব, কিন্তু আমাৰ হিন্দুসকলে ইয়াত আধা আৰু তাত আধা ভোট দিব। এটা বিশেষ সম্প্ৰদায়ে তেওঁলোকক ভোট দিব বাবে চৰকাৰে এই অনুপ্ৰৱেশকাৰীক আমন্ত্ৰণ জনাইছে বুলি মন্তব্য কৰিছিল৷

ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা সকলে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত  উল্লেখ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান সংখ্যালঘুসকলক লক্ষ্য কৰি আগন্তুক নিৰ্বাচনৰ সময়ত হিংসাৰ উচটনিমূলক আৰু গৃহযুদ্ধ সদৃশ পৰিৱেশ সৃষ্টিকাৰী অত্যন্ত ঘৃণনীয় তথা বিভাজনমূলক বক্তব্য কৰিছিল৷

ইয়াৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা সকলে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি কয় যে তেওঁৰ ভাষণত মুছলমান শব্দও উচ্চাৰণ কৰা নাই বুলি উল্লেখ কৰে৷

আৰু কয় ‘মোৰ বিৰুদ্ধে অভিযোগ কিয়? মই কি কৈছো? মই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা ক’লে তেওঁলোক কিয় আঘাতপ্ৰাপ্ত হয়?, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা কোৱাটো ভুল বুলি ক'ত লিখা আছে?’ লগতে কয় যে হিন্দুৰ কথা কোৱাৰ অৰ্থ মুছলমানক টাৰ্গেট কৰা নহয়। ভাৰতবৰ্ষ এক হিন্দু সভ্যতা আৰু হিন্দু সুৰক্ষা দিয়াৰ কথা কোৱাটো এটা ইতিবাচক কথা বুলি উল্লেখ কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ