--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত মহাৰাষ্ট্ৰ, আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাজত মাথোঁ কেইটামান দিন বাকী আছে৷ তাৰমাজতে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে বিজেপি দলে। দিল্লীত বিজেপিয়ে নৱেম্বৰৰ শেষ সপ্তাহৰ পৰা ক্ষিপ্ৰতাৰে প্ৰচাৰৰ কাম কৰিব বুলি সদৰি কৰিছে। আৰু এসপ্তাহৰ ভিতৰত ৰাজ্যিক নিৰ্বাচনৰ পৰিচালনা সমিতি, প্ৰাৰ্থী বাছনি সমিতি আৰু ৰাজ্যিক মূল গোট গঠন কৰা হ’ব বুলিও সদৰি কৰিছে৷ 

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে শক্তিশালী আৰু ভাল ভাবমূৰ্তি থকা কাউন্সিলাৰক প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিছে। কলকাৰ যোগীতা সিং, বাবৰপুৰৰ পৰা মুকেশ বংশাল, মুণ্ডকাৰ গজেন্দ্ৰ দলালৰ দৰে শক্তিশালী কাউন্সিলাৰক বিধানসভা নিৰ্বাচনত টিকট প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই লোকসভা নিৰ্বাচনত টিকট লাভ নকৰা দিল্লীৰ বহু প্ৰাক্তন সাংসদে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰি কৰিছে৷ 

প্ৰাপ্ত তথ্য অনুসৰি প্ৰাক্তন সাংসদ ৰমেশ বিধুৰী আৰু প্ৰবেশ ভাৰ্মাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত বুলি প্ৰকাশ কৰাৰ লগতে বিজেপিয়ে দিল্লী বিধানসভাৰ ৩ খন আসন মিত্ৰজোঁটৰ দলসমূহক এৰি দিয়াৰ চিন্তা চৰ্চা চলাইছে।খবৰ অনুসৰি এন ডি এৰ মিত্ৰ দল জে ডি ইউক দিল্লীত দুখন আসন আৰু এল জে পি ক এখন আসন দিয়া হ’ব পাৰে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। দিল্লীৰ সীমাপুৰী, বুৰাৰী আৰু সংগম বিহাৰ বিধানসভাৰ আসন জেডিইউ আৰু এলজেপিৰ দৰে মিত্ৰজোঁট দলক দিয়াৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব বৰ্তমানৰ দিল্লী বিধানসভাৰ কাৰ্যকাল। ইয়াৰ পূৰ্বে যিকোনো সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব।সম্প্ৰতি দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ আছে। শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ পদত্যাগ কৰাৰ পিছত আতিশি দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ