--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন সুৰাজ পাৰ্টীৰ আহ্বায়ক তথা প্ৰাক্তন নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰে নিজৰ বিষয়ে এক তথ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে যেতিয়া তেওঁ নিৰ্বাচনী কৌশলবিদৰ ভূমিকাত আছিল তেতিয়া যিকোনো দল বা নেতাক মাত্ৰ এটা পৰামৰ্শ দিয়াৰ বাবে মাচুল হিচাপে ১০০ কোটিতকৈ অধিক টকা লয়। লগতে তেওঁ গঠন কৰা চৰকাৰখন দহখন ৰাজ্যত চলি আছে বুলিও তেওঁ কয়।

Jan Suraj Party president Prashant Kishore.(Santosh Kumar/ Hindustan Times file)

৩১ অক্টোবৰত বিহাৰৰ বেলাগাঞ্জত অনুষ্ঠিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই যোৱা প্ৰশান্ত কিশোৰে নিজৰ সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। আচলতে ১৩ নৱেম্বৰত বিহাৰৰ চাৰিখন বিধানসভাৰ আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব, য’ত প্ৰশান্ত কিশোৰৰ জন সুৰাজ পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। বেলাগাঞ্জ, ইমামগঞ্জ, ৰামগড় আৰু তাৰাৰীকে ধৰি চাৰিওখন আসনত প্ৰশান্ত কিশোৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

৩১ অক্টোবৰত যেতিয়া প্ৰশান্ত কিশোৰে বেলাগাঞ্জত জন সুৰাজৰ প্ৰাৰ্থী মহম্মদ আমজাদৰ সমৰ্থনত প্ৰচাৰ চলাই আছিল, তেতিয়া তেওঁৰ ভাষণত মুছলমান সম্প্ৰদায়ৰ ৰাইজক কয় যে তেওঁক সদায় প্ৰশ্ন কৰা হয় যে তেওঁৰ প্ৰচাৰৰ বাবে ধন ক’ৰ পৰা আনে ? ইয়াৰ প্ৰত্যুত্তৰত তেওঁ প্ৰকাশ কৰে যে আগতে যিকোনো দলৰ নেতাক পৰামৰ্শ দিয়াৰ বাবে তেওঁ ১০০ কোটিতকৈ অধিক টকা লয়।

প্ৰশান্ত কিশোৰে নিৰ্বাচনী সভাত কয়, "প্ৰশান্ত কিশোৰে সৃষ্টি কৰা চৰকাৰ ১০ খন ৰাজ্যত চলি আছে, গতিকে আমাৰ প্ৰচাৰৰ বাবে তম্বু, তম্বু লগোৱাৰ বাবে আমি টকা নাপাম নেকি? আপুনি আমাক ইমান দুৰ্বল বুলি গণ্য কৰিছেনে? বিহাৰত হয়তো বহুতে শুনিছে, যদি আমি নিৰ্বাচনত কাৰোবাক পৰামৰ্শ দিওঁ, তেন্তে আমাৰ মাচুল ১০০ কোটি টকা বা তাতকৈ অধিক। আমি ২ বছৰলৈকে আমাৰ প্ৰচাৰৰ বাবে তম্বু স্থাপন কৰি থাকিম আৰু বিনিময়ত যদি আমি মাত্ৰ এটা নিৰ্বাচনলৈ যাওঁ আৰু কাৰোবাক পৰামৰ্শ দিওঁ, তেন্তে ১ দিনতে সকলো টকা ঘূৰি আহিব।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু