--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন সুৰাজ পাৰ্টীৰ আহ্বায়ক তথা প্ৰাক্তন নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰে নিজৰ বিষয়ে এক তথ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে যেতিয়া তেওঁ নিৰ্বাচনী কৌশলবিদৰ ভূমিকাত আছিল তেতিয়া যিকোনো দল বা নেতাক মাত্ৰ এটা পৰামৰ্শ দিয়াৰ বাবে মাচুল হিচাপে ১০০ কোটিতকৈ অধিক টকা লয়। লগতে তেওঁ গঠন কৰা চৰকাৰখন দহখন ৰাজ্যত চলি আছে বুলিও তেওঁ কয়।

Jan Suraj Party president Prashant Kishore.(Santosh Kumar/ Hindustan Times file)

৩১ অক্টোবৰত বিহাৰৰ বেলাগাঞ্জত অনুষ্ঠিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই যোৱা প্ৰশান্ত কিশোৰে নিজৰ সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। আচলতে ১৩ নৱেম্বৰত বিহাৰৰ চাৰিখন বিধানসভাৰ আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব, য’ত প্ৰশান্ত কিশোৰৰ জন সুৰাজ পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। বেলাগাঞ্জ, ইমামগঞ্জ, ৰামগড় আৰু তাৰাৰীকে ধৰি চাৰিওখন আসনত প্ৰশান্ত কিশোৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

৩১ অক্টোবৰত যেতিয়া প্ৰশান্ত কিশোৰে বেলাগাঞ্জত জন সুৰাজৰ প্ৰাৰ্থী মহম্মদ আমজাদৰ সমৰ্থনত প্ৰচাৰ চলাই আছিল, তেতিয়া তেওঁৰ ভাষণত মুছলমান সম্প্ৰদায়ৰ ৰাইজক কয় যে তেওঁক সদায় প্ৰশ্ন কৰা হয় যে তেওঁৰ প্ৰচাৰৰ বাবে ধন ক’ৰ পৰা আনে ? ইয়াৰ প্ৰত্যুত্তৰত তেওঁ প্ৰকাশ কৰে যে আগতে যিকোনো দলৰ নেতাক পৰামৰ্শ দিয়াৰ বাবে তেওঁ ১০০ কোটিতকৈ অধিক টকা লয়।

প্ৰশান্ত কিশোৰে নিৰ্বাচনী সভাত কয়, "প্ৰশান্ত কিশোৰে সৃষ্টি কৰা চৰকাৰ ১০ খন ৰাজ্যত চলি আছে, গতিকে আমাৰ প্ৰচাৰৰ বাবে তম্বু, তম্বু লগোৱাৰ বাবে আমি টকা নাপাম নেকি? আপুনি আমাক ইমান দুৰ্বল বুলি গণ্য কৰিছেনে? বিহাৰত হয়তো বহুতে শুনিছে, যদি আমি নিৰ্বাচনত কাৰোবাক পৰামৰ্শ দিওঁ, তেন্তে আমাৰ মাচুল ১০০ কোটি টকা বা তাতকৈ অধিক। আমি ২ বছৰলৈকে আমাৰ প্ৰচাৰৰ বাবে তম্বু স্থাপন কৰি থাকিম আৰু বিনিময়ত যদি আমি মাত্ৰ এটা নিৰ্বাচনলৈ যাওঁ আৰু কাৰোবাক পৰামৰ্শ দিওঁ, তেন্তে ১ দিনতে সকলো টকা ঘূৰি আহিব।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ