--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনালোক সকলোৱে হয়টো নিশ্চয় জানে কৰবী ফুলৰ বিষয়ে। বগা ,ৰঙা, আৰু হালধীয়া  ৰঙৰ ফুল ভগৱান শিৱৰ প্ৰিয়। এই ফুল কেৱল ভগৱান শিৱৰে প্ৰিয় নহয়, ভগৱান বিষ্ণু আৰু  দেৱী লক্ষ্মীৰো অতি প্ৰিয় ফুল। আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈও এই ফুল পূজাত আগবঢ়াব পাৰে। 

কৰবী ফুলৰ আছে আন বহুতো বিশ্বাস। ইয়াৰ বিষয়ে জানো আহক

ভগৱান শিৱৰ প্ৰিয় পাঁচটা ফুলৰ ভিতৰত কৰবী ফুল, ধঁতুৰা, অক, পাৰিজাত আৰু লাজুকীলতাৰ ফুল। এই পাঁচটা ফুলৰ ভিতৰত কৰবী ফুল ভগৱান শিৱৰ অতি প্ৰিয় ।

আনহাতে কৰবী ফুলৰ গছত দেৱী লক্ষ্মীয়ে বাস কৰে বুলি বিশ্বাস কৰে সকলোৱে। আপুনি মা-লক্ষ্মীক সন্তুষ্ট কৰিবলৈ লক্ষ্মী পূজাত বগা কৰবী ফুল আগবঢ়াব পাৰে। ধৰ্মীয় গ্ৰন্থ আৰু বাস্তু শাস্ত্ৰ মতে কৰবী ফুলৰ গছ মাতৃ লক্ষ্মীৰ বাসস্থান। সেয়েহে এই ফুলগছ ঘৰতে ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। লগতে ঘৰত প্ৰয়োগ কৰিলে সমৃদ্ধি আৰু শান্তি বিৰাজ কৰে বুলি বিশ্বাস কৰা হয়।

কৰবী ফুলৰ কেৱল পূজা-অৰ্চনাতে গুৰুত্ব নাই, চিকিৎসা আৰু আয়ুৰ্বেদতো ইয়াৰ গুৰুত্ব বহুত বেছি। কৰবী ফুলৰ পাত, ফুল আৰু বাকলি বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে দাঁতৰ বিষ, মূৰৰ বিষ আৰু যিকোনো ঘাঁ সোনকালে ভাল হ'বৰ বাবে ব্যৱহাৰ কৰা হয়।

সোমবাৰে ভগৱান শিৱৰ পূজাত কৰবী ফুল আগবঢ়াব লাগে। তেতিয়া ভগৱান শিৱ অতি সোনকালে সন্তুষ্ট হয় বুলি লোক বিশ্বাস। কৰবী ফুল সকলো দেৱ-দেৱীৰ অতি মৰমৰ, কিন্তু শিৱৰ অতি প্ৰিয় হোৱাৰ বাবে ইয়াক শাওণ মাহত বা সোমবাৰৰ পূজাত দিব লাগে। কৰবী ফুল ৩টা ৰঙৰ, ৰঙা , হালধীয়া আৰু বগা কৰবী, প্ৰতিটো ৰঙৰ কৰবী ফুলৰ নিজস্ব গুৰুত্ব আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ