--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনালোক সকলোৱে হয়টো নিশ্চয় জানে কৰবী ফুলৰ বিষয়ে। বগা ,ৰঙা, আৰু হালধীয়া  ৰঙৰ ফুল ভগৱান শিৱৰ প্ৰিয়। এই ফুল কেৱল ভগৱান শিৱৰে প্ৰিয় নহয়, ভগৱান বিষ্ণু আৰু  দেৱী লক্ষ্মীৰো অতি প্ৰিয় ফুল। আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈও এই ফুল পূজাত আগবঢ়াব পাৰে। 

কৰবী ফুলৰ আছে আন বহুতো বিশ্বাস। ইয়াৰ বিষয়ে জানো আহক

ভগৱান শিৱৰ প্ৰিয় পাঁচটা ফুলৰ ভিতৰত কৰবী ফুল, ধঁতুৰা, অক, পাৰিজাত আৰু লাজুকীলতাৰ ফুল। এই পাঁচটা ফুলৰ ভিতৰত কৰবী ফুল ভগৱান শিৱৰ অতি প্ৰিয় ।

আনহাতে কৰবী ফুলৰ গছত দেৱী লক্ষ্মীয়ে বাস কৰে বুলি বিশ্বাস কৰে সকলোৱে। আপুনি মা-লক্ষ্মীক সন্তুষ্ট কৰিবলৈ লক্ষ্মী পূজাত বগা কৰবী ফুল আগবঢ়াব পাৰে। ধৰ্মীয় গ্ৰন্থ আৰু বাস্তু শাস্ত্ৰ মতে কৰবী ফুলৰ গছ মাতৃ লক্ষ্মীৰ বাসস্থান। সেয়েহে এই ফুলগছ ঘৰতে ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। লগতে ঘৰত প্ৰয়োগ কৰিলে সমৃদ্ধি আৰু শান্তি বিৰাজ কৰে বুলি বিশ্বাস কৰা হয়।

কৰবী ফুলৰ কেৱল পূজা-অৰ্চনাতে গুৰুত্ব নাই, চিকিৎসা আৰু আয়ুৰ্বেদতো ইয়াৰ গুৰুত্ব বহুত বেছি। কৰবী ফুলৰ পাত, ফুল আৰু বাকলি বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে দাঁতৰ বিষ, মূৰৰ বিষ আৰু যিকোনো ঘাঁ সোনকালে ভাল হ'বৰ বাবে ব্যৱহাৰ কৰা হয়।

সোমবাৰে ভগৱান শিৱৰ পূজাত কৰবী ফুল আগবঢ়াব লাগে। তেতিয়া ভগৱান শিৱ অতি সোনকালে সন্তুষ্ট হয় বুলি লোক বিশ্বাস। কৰবী ফুল সকলো দেৱ-দেৱীৰ অতি মৰমৰ, কিন্তু শিৱৰ অতি প্ৰিয় হোৱাৰ বাবে ইয়াক শাওণ মাহত বা সোমবাৰৰ পূজাত দিব লাগে। কৰবী ফুল ৩টা ৰঙৰ, ৰঙা , হালধীয়া আৰু বগা কৰবী, প্ৰতিটো ৰঙৰ কৰবী ফুলৰ নিজস্ব গুৰুত্ব আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী