--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছেগা-চোৰোকাকৈ চলি আছে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ চৰ্চা৷ বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ চিনেমাখন ছুপাৰহিট চিনেমা হিচাপে ইতিমধ্যে চিহ্নিত হৈছে। চিনেমাখনে বক্স অফিচত যথেষ্ট পৰিমাণৰ উপাৰ্জনো কৰিছে। চিনেমা সমালোচকসকলৰ উপৰি সাধাৰণ দৰ্শকেও পচন্দ কৰিছে।

চিনেমানত কাশ্মীৰী পণ্ডিতসকলৰ দুখ-দুৰ্দশাক দেখুওৱা হৈছে। এতিয়া বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বিবৃতি পাৰেখে লক্ষ্য কৰি লৈছে বিবেক অগ্নিহোত্ৰীক৷

চিনেমাখনৰ পৰা উপাৰ্জিত ধনৰাশিৰে বিবেকে জম্মু আৰু কাশ্মীৰত পানী আৰু বিদ্যুৎ অবিহনে বাস কৰা হিন্দুসকলক সহায় কৰা নাছিল কিয় বুলি আশা পাৰেখে প্ৰশ্ন কৰে৷

‘চিএনবিচি আৱাজ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আশা পাৰেখক সোধা হৈছিল যে তেওঁ বিতৰ্কিত চিনেমা ‘দ্য কাশ্মীৰ ফাইলছ’ আৰু ‘দ্য কেৰালা ষ্টৰী’ চাইছে নেকি? এই দুয়োখন চিনেমায়ে বক্স অফিচত আশাপ্ৰদ ব্যৱসায় কৰিছিল। যাৰ উত্তৰত আশা পাৰেখে ওলোটাই সুধিছিল যে মানুহে এই চিনেমাবোৰৰ পৰা কি পাইছে? 

আত্ম-প্ৰতিক্ৰিয়া ব্যক্ত কৰি আশা পাৰেখে কয়, মই চিনেমাবোৰ দেখা নাই, তেন্তে মই বিতৰ্কৰ বিষয়ে কেনেকৈ ক’ম? যদি মানুহে ভাল পায়, তেন্তে এনে ধৰণৰ চিনেমা চোৱা উচিত।

আশা পাৰেখে লগতে কৈছিল যে চিনেমাখনৰ প্ৰযোজকে ইয়াৰ পৰা ৪০০ কোটি উপাৰ্জন কৰিছিল। তেন্তে তেওঁলোকে জম্মুত বাস কৰা হিন্দু কাশ্মীৰীসকলক কিমান টকা দিছিল? যিসকলৰ পানী নাই, বিদ্যুৎ নাই তেওঁলোকক তেওঁলোকে কিমান টকা দিছিল? যদি ৪০০ কোটিৰ ভিতৰত ২০০ কোটি উপাৰ্জন কৰিছে, তেন্তে ৫০ কোটি টকা দিব পাৰিলেহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু