--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় ক’ভিড-১৯ টিকাকৰণ কাৰ্যসূচীৰ অংশ হিচাপে দুগৰাকী নাৰ্ছক প্ৰদান কৰা হয় সন্মান৷ কেৰালাৰ দুগৰাকী নাৰ্ছক শ্ৰেষ্ঠ টিকাকৰণকাৰীৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপনৰ দিনটোত দুয়োকে দিল্লীত এই সন্মান প্ৰদান কৰা হ’ব। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে স্বাস্থ্যসেৱা কৰ্মীসকলক অভিনন্দন জনাই কয়, ‘তিৰুৱন্তপুৰমৰ জেনেৰেল হাস্পতালৰ গ্ৰেড ৱান নাৰ্ছিং বিষয়া প্ৰিয়া আৰু কান্নুৰ জিলাৰ পায়ান্নুৰ তালুক চিকিৎসালয়ৰ গ্ৰেড ৱান জুনিয়ৰ পাব্লিক হেলথ নাৰ্ছ(জেপিএইচএন)ক কেৰালাৰ শ্ৰেষ্ঠ টিকাকৰণকাৰী হিচাপে নিৰ্বাচিত কৰা হৈছে।’ চিকিৎসালয়সমূহত টিকাকৰণ কাৰ্যসূচী সম্পন্ন কৰাত সহায় কৰা সকলো স্বাস্থ্যকৰ্মীকে জৰ্জে ধন্যবাদ জনায়৷ তেওঁ কয় যে, ‘ৰাজ্যখনত ক’ভিড-১৯ৰ তৃতীয় ঢৌ অতিক্ৰম কৰাত টিকাকৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’ তেওঁ লগতে কয় যে, ১৮ বছৰৰ অধিক বয়সৰ ১০০ শতাংশ লোকক ক’ভিড-১৯ টিকাকৰণৰ প্ৰথমপালি প্ৰদান কৰা হৈছে, তেওঁলোকৰ ৮৬ শতাংশকো দ্বিতীয়পালি প্ৰদান কৰা হৈছে। লগতে, ১৫ৰ পৰা ১৭ বছৰ বয়সৰ ৭৭ শতাংশ শিশুক ভেকচিনৰ প্ৰথমপালি প্ৰদান কৰা হৈছে। আনহাতে, তেওঁলোকৰ ৩৬শতাংশই ৰাজ্যখনত দ্বিতীয় পালি লাভ কৰিছে। ‘কেৰালাই সকলোৰে বাবে টিকাকৰণ নিশ্চিত কৰিবলৈ বিশেষ টিকাকৰণ অভিযান আৰম্ভ কৰিছে। আমাৰ টিকাকৰণ কাৰ্যসূচীৰ সফলতাৰ আঁৰত স্বাস্থ্যকৰ্মীসকল আছে’ বুলি জৰ্জে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে