--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় ক’ভিড-১৯ টিকাকৰণ কাৰ্যসূচীৰ অংশ হিচাপে দুগৰাকী নাৰ্ছক প্ৰদান কৰা হয় সন্মান৷ কেৰালাৰ দুগৰাকী নাৰ্ছক শ্ৰেষ্ঠ টিকাকৰণকাৰীৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপনৰ দিনটোত দুয়োকে দিল্লীত এই সন্মান প্ৰদান কৰা হ’ব। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে স্বাস্থ্যসেৱা কৰ্মীসকলক অভিনন্দন জনাই কয়, ‘তিৰুৱন্তপুৰমৰ জেনেৰেল হাস্পতালৰ গ্ৰেড ৱান নাৰ্ছিং বিষয়া প্ৰিয়া আৰু কান্নুৰ জিলাৰ পায়ান্নুৰ তালুক চিকিৎসালয়ৰ গ্ৰেড ৱান জুনিয়ৰ পাব্লিক হেলথ নাৰ্ছ(জেপিএইচএন)ক কেৰালাৰ শ্ৰেষ্ঠ টিকাকৰণকাৰী হিচাপে নিৰ্বাচিত কৰা হৈছে।’ চিকিৎসালয়সমূহত টিকাকৰণ কাৰ্যসূচী সম্পন্ন কৰাত সহায় কৰা সকলো স্বাস্থ্যকৰ্মীকে জৰ্জে ধন্যবাদ জনায়৷ তেওঁ কয় যে, ‘ৰাজ্যখনত ক’ভিড-১৯ৰ তৃতীয় ঢৌ অতিক্ৰম কৰাত টিকাকৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’ তেওঁ লগতে কয় যে, ১৮ বছৰৰ অধিক বয়সৰ ১০০ শতাংশ লোকক ক’ভিড-১৯ টিকাকৰণৰ প্ৰথমপালি প্ৰদান কৰা হৈছে, তেওঁলোকৰ ৮৬ শতাংশকো দ্বিতীয়পালি প্ৰদান কৰা হৈছে। লগতে, ১৫ৰ পৰা ১৭ বছৰ বয়সৰ ৭৭ শতাংশ শিশুক ভেকচিনৰ প্ৰথমপালি প্ৰদান কৰা হৈছে। আনহাতে, তেওঁলোকৰ ৩৬শতাংশই ৰাজ্যখনত দ্বিতীয় পালি লাভ কৰিছে। ‘কেৰালাই সকলোৰে বাবে টিকাকৰণ নিশ্চিত কৰিবলৈ বিশেষ টিকাকৰণ অভিযান আৰম্ভ কৰিছে। আমাৰ টিকাকৰণ কাৰ্যসূচীৰ সফলতাৰ আঁৰত স্বাস্থ্যকৰ্মীসকল আছে’ বুলি জৰ্জে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন