--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্য মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যপাল আৰু ডিজিপিৰ পদত্যাগৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ সোমবাৰে অধিক হিংসাত্মক ৰূপ ধাৰণ কৰে। আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যপালৰ বাসগৃহত শিলগুটি নিক্ষেপ কৰে। এই সময়ছোৱাত তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীসকল আহত হয়। ধাৰাবাহিকভাৱে চলি থকা শিলাবৰ্ষনৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিবলৈ পলাই যাবলগীয়া হয় ৷

ৰাজ্যত ক্ৰমবৰ্ধমান হিংসাত্মক ঘটনা আৰু ম্লান হোৱা আইন-শৃংখলাৰ বিৰুদ্ধে দেওবাৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন অব্যাহত ৰাখিছে। ইয়াৰ মাজতে কিশম্পটৰ টিদ্দিম পথত ৩ কিলোমিটাৰ সমদলেৰে ৰাজভৱন আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বেৰিকেড লগাই তেওঁলোকক আগবাঢ়ি যোৱাত বাধা দিয়ে। আৰক্ষীয়ে কেইবাটাও ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰে। ইয়াৰ পিছত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পথত বহি শ্লোগান দিবলৈ আৰম্ভ কৰে ৷

ছাত্ৰ-ছাত্ৰীসকলে জনায় যে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ড্ৰ’ন আক্ৰমণ বন্ধ কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে প্ৰতিবাদকাৰীসকলে ৰাজ্যপালৰ বাহিৰেও ডিজিপি, নিৰাপত্তা উপদেষ্টা আৰু ৫০ জন বিধায়কৰ পদত্যাগ দাবী কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ মণিপুৰত দুটাকৈ ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ১ আৰু ৩ ছেপ্টেম্বৰত এই আক্ৰমণত দুজন লোকৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু