--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্য মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যপাল আৰু ডিজিপিৰ পদত্যাগৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ সোমবাৰে অধিক হিংসাত্মক ৰূপ ধাৰণ কৰে। আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যপালৰ বাসগৃহত শিলগুটি নিক্ষেপ কৰে। এই সময়ছোৱাত তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীসকল আহত হয়। ধাৰাবাহিকভাৱে চলি থকা শিলাবৰ্ষনৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিবলৈ পলাই যাবলগীয়া হয় ৷

ৰাজ্যত ক্ৰমবৰ্ধমান হিংসাত্মক ঘটনা আৰু ম্লান হোৱা আইন-শৃংখলাৰ বিৰুদ্ধে দেওবাৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন অব্যাহত ৰাখিছে। ইয়াৰ মাজতে কিশম্পটৰ টিদ্দিম পথত ৩ কিলোমিটাৰ সমদলেৰে ৰাজভৱন আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বেৰিকেড লগাই তেওঁলোকক আগবাঢ়ি যোৱাত বাধা দিয়ে। আৰক্ষীয়ে কেইবাটাও ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰে। ইয়াৰ পিছত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পথত বহি শ্লোগান দিবলৈ আৰম্ভ কৰে ৷

ছাত্ৰ-ছাত্ৰীসকলে জনায় যে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ড্ৰ’ন আক্ৰমণ বন্ধ কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে প্ৰতিবাদকাৰীসকলে ৰাজ্যপালৰ বাহিৰেও ডিজিপি, নিৰাপত্তা উপদেষ্টা আৰু ৫০ জন বিধায়কৰ পদত্যাগ দাবী কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ মণিপুৰত দুটাকৈ ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ১ আৰু ৩ ছেপ্টেম্বৰত এই আক্ৰমণত দুজন লোকৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ