--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰিয়ংকা চোপ্ৰাই এমাজন প্ৰাইমৰ চোৰাংচোৱা থ্ৰিলাৰ ৱেব ছিৰিজ ‘চিটাডেল’ৰ জৰিয়তে অ’টিটিত অভিষেক ঘটাব। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ধাৰাবাহিকখনৰ প্ৰচাৰত ব্যস্ত থকাৰ বিপৰীতে শ্ব’টো মুক্তি পোৱাৰ পূৰ্বেই এমাজন ষ্টুডিঅ’ৰ সৈতে আন এক চুক্তিত স্বাক্ষৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে মল্লযুঁজাৰুৰ পৰা অভিনয় জগতলৈ অহা জন চিনা আৰু অভিনেতা ইদ্ৰিছ এলবাৰ সৈতে হলিউডৰ ছবি ‘হেডছ অৱ ষ্টেট’ত চুক্তিবদ্ধ হৈছে।

WWE ৰ ছুপাৰষ্টাৰ জন চিনাই টুইটাৰত এটা বাতৰি শ্বেয়াৰ কৰি নিজৰ ছবিখনৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে তেওঁ লিখিছে, "এনে এটা সপোনৰ টিম গঠন কৰাৰ বাবে এমাজন ষ্টুডিঅ'ক ধন্যবাদ। ইদ্ৰিছ এলবাৰ সৈতে হেডছ অৱ ষ্টেটত কাম কৰিবলৈ মই উৎসাহিত হৈছো আৰু বিশ্ববিখ্যাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক আদৰণি জনাইছো।"

একে সময়তে প্ৰিয়ংকাইও জন চিনাৰ টুইটৰ উত্তৰ দি লিখিছে, "ধন্যবাদ জন মোক আদৰণি জনোৱাৰ বাবে, মই শ্বুটিঙৰ বাবে যাবলৈ ৰৈ থাকিব নোৱাৰো! যাওঁ আহক।" 

উল্লেখযোগ্য যে মে' মাহত মুক্তি পাবলগীয়া ছবিখন পৰিচালনা কৰিব ইলিয়া নাইশ্বুলাৰে।ছবিখনৰ চিত্ৰনাট্যৰ কাম কৰিছে জোছ এপেলবাম আৰু আন্দ্ৰে নেমেকে।বৰ্তমান ছবিখনৰ কাহিনীভাগ গোপন কৰি ৰখা হৈছে।

ইফালে প্ৰিয়ংকা আগন্তুক চোৰাংচোৱা-থ্ৰিলাৰ ধাৰাবাহিক ‘চিটাডেল’ৰ প্ৰচাৰত ব্যস্ত। এই শ্ব'ত ৰিচাৰ্ড মেডেনৰ সৈতে প্ৰিয়ংকাক ৰূপালী পৰ্দাৰ স্থান ভাগ-বতৰা কৰা দেখা যাব।'চিটাডেল'ৰ প্ৰযোজক হৈছে জো আৰু এন্থনী ৰুছ'। চিটাডেলৰ উপৰিও প্ৰিয়ংকাৰ হলিউডৰ ছবি ‘লাভ এগেইন’ মুক্তিৰ বাবেও সাজু হৈছে। এই ছবিখনত তেওঁৰ সহ অভিনেতা ছেম হিউগান আৰু চেলিন ডিয়ন।এইখন ছবি চলিত বৰ্ষৰ মে’ মাহত মুক্তি পাব। তদুপৰা প্ৰিয়ংকাৰ এন্থনী মেকিৰ সৈতে ‘এণ্ডিং থিংছ’ শীৰ্ষক এখন ছবিও আহি আছে।এইসমূহৰ উপৰিও অভিনেতা-পৰিচালক ফাৰহান আখতাৰৰ বলীউডৰ ছবি ‘জী লে জাৰা’তো প্ৰিয়ংকাক দেখা যাব। এই ছবিখনত প্ৰিয়ংকা চোপ্ৰাই আলিয়া ভাট আৰু কেটৰিনাৰ সৈতে অভিনয় কৰা দেখা যাব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস