--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰিয়ংকা চোপ্ৰাই এমাজন প্ৰাইমৰ চোৰাংচোৱা থ্ৰিলাৰ ৱেব ছিৰিজ ‘চিটাডেল’ৰ জৰিয়তে অ’টিটিত অভিষেক ঘটাব। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ধাৰাবাহিকখনৰ প্ৰচাৰত ব্যস্ত থকাৰ বিপৰীতে শ্ব’টো মুক্তি পোৱাৰ পূৰ্বেই এমাজন ষ্টুডিঅ’ৰ সৈতে আন এক চুক্তিত স্বাক্ষৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে মল্লযুঁজাৰুৰ পৰা অভিনয় জগতলৈ অহা জন চিনা আৰু অভিনেতা ইদ্ৰিছ এলবাৰ সৈতে হলিউডৰ ছবি ‘হেডছ অৱ ষ্টেট’ত চুক্তিবদ্ধ হৈছে।

WWE ৰ ছুপাৰষ্টাৰ জন চিনাই টুইটাৰত এটা বাতৰি শ্বেয়াৰ কৰি নিজৰ ছবিখনৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে তেওঁ লিখিছে, "এনে এটা সপোনৰ টিম গঠন কৰাৰ বাবে এমাজন ষ্টুডিঅ'ক ধন্যবাদ। ইদ্ৰিছ এলবাৰ সৈতে হেডছ অৱ ষ্টেটত কাম কৰিবলৈ মই উৎসাহিত হৈছো আৰু বিশ্ববিখ্যাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক আদৰণি জনাইছো।"

একে সময়তে প্ৰিয়ংকাইও জন চিনাৰ টুইটৰ উত্তৰ দি লিখিছে, "ধন্যবাদ জন মোক আদৰণি জনোৱাৰ বাবে, মই শ্বুটিঙৰ বাবে যাবলৈ ৰৈ থাকিব নোৱাৰো! যাওঁ আহক।" 

উল্লেখযোগ্য যে মে' মাহত মুক্তি পাবলগীয়া ছবিখন পৰিচালনা কৰিব ইলিয়া নাইশ্বুলাৰে।ছবিখনৰ চিত্ৰনাট্যৰ কাম কৰিছে জোছ এপেলবাম আৰু আন্দ্ৰে নেমেকে।বৰ্তমান ছবিখনৰ কাহিনীভাগ গোপন কৰি ৰখা হৈছে।

ইফালে প্ৰিয়ংকা আগন্তুক চোৰাংচোৱা-থ্ৰিলাৰ ধাৰাবাহিক ‘চিটাডেল’ৰ প্ৰচাৰত ব্যস্ত। এই শ্ব'ত ৰিচাৰ্ড মেডেনৰ সৈতে প্ৰিয়ংকাক ৰূপালী পৰ্দাৰ স্থান ভাগ-বতৰা কৰা দেখা যাব।'চিটাডেল'ৰ প্ৰযোজক হৈছে জো আৰু এন্থনী ৰুছ'। চিটাডেলৰ উপৰিও প্ৰিয়ংকাৰ হলিউডৰ ছবি ‘লাভ এগেইন’ মুক্তিৰ বাবেও সাজু হৈছে। এই ছবিখনত তেওঁৰ সহ অভিনেতা ছেম হিউগান আৰু চেলিন ডিয়ন।এইখন ছবি চলিত বৰ্ষৰ মে’ মাহত মুক্তি পাব। তদুপৰা প্ৰিয়ংকাৰ এন্থনী মেকিৰ সৈতে ‘এণ্ডিং থিংছ’ শীৰ্ষক এখন ছবিও আহি আছে।এইসমূহৰ উপৰিও অভিনেতা-পৰিচালক ফাৰহান আখতাৰৰ বলীউডৰ ছবি ‘জী লে জাৰা’তো প্ৰিয়ংকাক দেখা যাব। এই ছবিখনত প্ৰিয়ংকা চোপ্ৰাই আলিয়া ভাট আৰু কেটৰিনাৰ সৈতে অভিনয় কৰা দেখা যাব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী