--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা চলমান খানে প্ৰায়ে মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে।গেং ষ্টাৰৰ পৰা আৰম্ভ কৰি এন্ধাৰ জগতৰ বহুতেই অভিনেতাজনক মৃত্যুৰ ভাবুকি দিছে৷  ফলস্বৰূপে অভিনেতাগৰাকীৰ  নিৰাপত্তাক লৈ নানান প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷  চলমান খানৰ নিৰাপত্তা সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিবলৈ নানান  ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ পৰা ভাবুকি পোৱাৰ পিছত চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কেৱল এবাৰেই নহয়, অভিনেতাজনক ইমেইল আৰু চিঠিৰ জৰিয়তে একাধিকবাৰ ভাবুকি দিয়া হৈছে। তেতিয়াৰে  পৰা তেওঁৰ নিৰাপত্তা অধিক কঠোৰ কৰা হৈছে। তেওঁৰ সুৰক্ষা এতিয়া তেওঁৰ পৰিয়ালৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। ইয়াৰ বাহিৰেও তেওঁৰ  সঙ্গী হৈ পৰিছে তেওঁৰ নিৰাপত্তাৰক্ষী শ্বেৰা। ইয়াৰ মাজতে, এইবাৰ চলমানৰ ঘৰলৈ এটি  নতুন সামগ্ৰী আহিল। নিৰাপত্তাৰ দিশটো বিবেচনা কৰিয়েই চলমান খানে নতুনকৈ এখন বুলেটপ্ৰুফ গাড়ী কিনিছে৷ 

 গাড়ী খন হৈছে নিছান পেট্ৰ'ল এছইউভি ।এই গাড়ীখন এতিয়াও ভাৰতীয় বজাৰলৈ অহা নাই। কিন্তু এই গাড়ীখন ইতিমধ্যে পূব এছিয়াৰ বজাৰত উপলব্ধ হৈছে । ভাইজানে ইতিমধ্যে এই গাড়ীখনত তেওঁৰ আহিবলগীয়া ছবি 'কিচি কা ভাই কিচি কা জান'ৰ প্ৰচাৰ কৰি আছে। ভাৰতীয় মুদ্ৰাত গাড়ীখনৰ মূল্য প্ৰায় ৪৫.৮৯ লাখ টকা।

চলমান বুধবাৰে মায়ানাগৰীত এক বঁটা প্ৰদান অনুষ্ঠানত এখন সংবাদমেলত উপস্থিত আছিল।  চলমানক যেতিয়া মৃত্যুৰ ভাবুকিৰ বিষয়ে সোধা হৈছিল, অভিনেতাজনে আওপকীয়াকৈ উত্তৰ দিছিল "মই সকলোৰে ভায়েক নহয়, মই কিছুমান মানুহৰ 'জান'। যিসকল মোৰ ভাতৃ আৰু যিসকলক মই ভগ্নী হিচাপে চাওঁ তেওঁলোকৰ বাবে মই এজন ভাতৃ।’’ স্বাভাৱিকতে অভিনেতাজনৰ উত্তৰে সংবাদমেলত হাঁহিৰ ৰোল তোলে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী