--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেশ্বন উদ্যোগৰ এক সুপৰিচিত নাম ছায়েছা শ্বিণ্ডে। ছায়েছা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে। ছায়েছা শ্বিণ্ডে এগৰাকী ট্ৰেন্স ৱ’মেন। তেওঁ প্ৰথমে এগৰাকী পুৰুষ আছিল। পুৰুষৰ পৰা নিজকে তেওঁ মহিলালৈ ৰূপান্তৰ কৰে। পুৰুষ হৈ থাকোতে তেওঁৰ নাম আছিল স্বপ্নীল শ্বিণ্ডে।ট্ৰেন্স ৱ’মেন ছায়েছাই ছ’চিয়েল মিডিয়াত তেওঁৰ লগত ঘটা বাস্তৱ ঘটনাৰ কথা উল্লেখ কৰি থাকে। শেহতীয়াকৈ তেওঁ মুকেশ আম্বানী পৰিয়ালৰ এটা পাৰ্টিত অংশ লৈছিল আৰু তাত তেওঁৰ লগত কি হৈছিল সেই কথাও ছ’চিয়েল মিডিয়াত সদৰী কৰিছে।
Lock Upp contestant and designer Saisha Shinde formerly known as Swapnil  opens up about becoming a transwoman; a look at her pre-transformation pics  and journey | The Times of India
সেই পাৰ্টিলৈ এযোৰ সেউজীয়া সাজ পৰিধান কৰি গৈছিল ছায়েছাই। ছায়েছাই কয় যে এইটো এটা অতি বিশেষ অনুষ্ঠান আছিল। এই অনুষ্ঠানটো মোৰ বাবে প্ৰথম আছিল য’ত মই অকলে গৈছিলো। মই অলপ অপ্ৰস্তুত হৈছিলো আৰু ৰেড কাৰ্পেটত ভৰি দিয়াৰ সময়তে পাপাৰাজীৰ ফুচফুচানি শুনিবলৈ পাইছিলো। এজনে কৈছিল,"কোনোবা মল্লযুঁজাৰু আহি আছে"। অৱশ্যে কিছু সময়ৰ পাছত তেওঁ মোক চিনি পাইছিল। ছায়েছাই কয় যে ''তেওঁ মোক চিনি পালেও, কিন্তু সেই এটা মুহূৰ্তই মোক মোৰ শৰীৰৰ প্ৰতি বহুত সতৰ্ক কৰি তুলিছিল। শৰীৰ মোৰ বাবে সদায় এটা সমস্যা হৈ আহিছে।''
Lock Upp contestant Saisha Shinde shares her story of becoming a  transwoman, see pre-transformation pics here | लॉक अप कंटेस्टेंट सायशा  शिंदे ने शेयर की अपने ट्रांसवुमन बनने की कहानी, यहां ...
এই পষ্টৰ সন্দৰ্ভত নেটিজেনসকলে ছায়েছাক সমৰ্থন আগবঢ়ায়। তেওঁলোকে কয় যে নিজে যেনেকুৱা তেনেকুৱাকৈয়ে গ্ৰহণ কৰাটো উচিত আৰু বেলেগৰ কথাত ধ্যান নিদি আগুৱাই যোৱাত গুৰুত্ব দিব লাগে।
Celebrity Fashion Designer Swapnil Shinde Comes Out As Transwoman 'Saisha'  - Filmibeat উল্লেখ্য যে এতিয়ালৈকে ছায়েছা শ্বিণ্ডেই অগণন চেলিব্ৰিটিৰ বাবে সাজ-পোছাক ডিজাইন কৰিছে। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত হৰনাজ সান্ধুৱে পিন্ধা গাউনটো তেওঁৱেই ডিজাইন কৰিছিল। মাধুৰী দিক্ষীত, দীপিকা পাডুকন, কৰীনা কাপুৰ, তাপসী পান্নু, শ্ৰদ্ধা কাপুৰ, প্ৰিয়ংকা চোপ্ৰা আদি চেলিব্ৰিটিৰ সৈতে কাম কৰিছে ছায়েছাই। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী