--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একতা কাপুৰৰ জনপ্ৰিয় ধাৰাবাহিক 'নাগিন'ত নতুন নতুন টুইষ্ট আৰু টাৰ্ণ দেখা গৈছে। শ্ব’টো আকৰ্ষণীয় কৰি ৰাখিবলৈ প্ৰতিদিনে একতা কাপুৰৰ শ্ব’টোত নতুন নতুন এণ্ট্ৰিও হৈ আছে। কিন্তু এইবাৰ নাগিনৰ চেটত উপস্থিত হ’ল এজন অনিমন্ত্ৰিত অতিথি। সেইজন অতিথি উপস্থিত হোৱাৰ লগে লগে চেটত হুলস্থুলৰ সৃষ্টি হ'ল। 

কোন আছিল এইজন অতিথি..যাৰ আগমনত শ্ব’টোৰ চেটত আতংকৰ সৃষ্টি হ'ল! কেতিয়াবা বাস্তৱত ইমানবোৰ অদ্ভুত ঘটনা ঘটে যে বিশ্বাস কৰাটো কঠিন হৈ পৰে। একতা কাপুৰৰ শ্ব’ নাগিনৰ চেটতো এক অদ্ভূত ঘটনা ঘটিল। শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে, যিটো ভিডিঅ’ ভাইৰেল হৈ পৰিছে। নাগিনৰ শ্বুটিং চলি থকা অৱস্থাত চেটত উপস্থিত হল এডাল প্ৰকৃত সাপ। সাপৰ ওপৰত নিৰ্মাণ কৰা অতিপ্ৰাকৃতিক অনুষ্ঠানটোত উপস্থিত হৈছিল এডাল সঁচা সাপ। তেনেস্থলত সকলোৱে ভয় খোৱাটো স্বাভাৱিক।

চেটত পূৰ্ণগতিত নাগিনৰ শ্বুটিং চলি আছিল। ইয়াৰ মাজতে এডাল সাপ শ্ব’টোলৈ সোমাই আহে। সাপ দেখাৰ লগে লগে শ্ব’টোৰ কলা-কুশলীসকলে চিঞৰ-বাখৰ লগায়। অৱশ্যে সাপডালে কাৰো একো ক্ষতি নকৰিলে। শ্ব’টোৰ কোনো এজন লোকে ভালে ভালে সাপডাল বাহিৰলৈ উলিয়াই পঠিয়ায়।

নাগিনৰ চেটত সাপ ওলোৱাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা লগে লগে মুখ্য চৰিত্ৰত অভিনয় কৰা তেজস্বী প্ৰকাশক সজাগ হ’বলৈ আৰু সাৱধানে থাকিবলৈ সকলোৱে পৰামৰ্শ আগবঢ়াইছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু