--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একতা কাপুৰৰ জনপ্ৰিয় ধাৰাবাহিক 'নাগিন'ত নতুন নতুন টুইষ্ট আৰু টাৰ্ণ দেখা গৈছে। শ্ব’টো আকৰ্ষণীয় কৰি ৰাখিবলৈ প্ৰতিদিনে একতা কাপুৰৰ শ্ব’টোত নতুন নতুন এণ্ট্ৰিও হৈ আছে। কিন্তু এইবাৰ নাগিনৰ চেটত উপস্থিত হ’ল এজন অনিমন্ত্ৰিত অতিথি। সেইজন অতিথি উপস্থিত হোৱাৰ লগে লগে চেটত হুলস্থুলৰ সৃষ্টি হ'ল। 

কোন আছিল এইজন অতিথি..যাৰ আগমনত শ্ব’টোৰ চেটত আতংকৰ সৃষ্টি হ'ল! কেতিয়াবা বাস্তৱত ইমানবোৰ অদ্ভুত ঘটনা ঘটে যে বিশ্বাস কৰাটো কঠিন হৈ পৰে। একতা কাপুৰৰ শ্ব’ নাগিনৰ চেটতো এক অদ্ভূত ঘটনা ঘটিল। শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে, যিটো ভিডিঅ’ ভাইৰেল হৈ পৰিছে। নাগিনৰ শ্বুটিং চলি থকা অৱস্থাত চেটত উপস্থিত হল এডাল প্ৰকৃত সাপ। সাপৰ ওপৰত নিৰ্মাণ কৰা অতিপ্ৰাকৃতিক অনুষ্ঠানটোত উপস্থিত হৈছিল এডাল সঁচা সাপ। তেনেস্থলত সকলোৱে ভয় খোৱাটো স্বাভাৱিক।

চেটত পূৰ্ণগতিত নাগিনৰ শ্বুটিং চলি আছিল। ইয়াৰ মাজতে এডাল সাপ শ্ব’টোলৈ সোমাই আহে। সাপ দেখাৰ লগে লগে শ্ব’টোৰ কলা-কুশলীসকলে চিঞৰ-বাখৰ লগায়। অৱশ্যে সাপডালে কাৰো একো ক্ষতি নকৰিলে। শ্ব’টোৰ কোনো এজন লোকে ভালে ভালে সাপডাল বাহিৰলৈ উলিয়াই পঠিয়ায়।

নাগিনৰ চেটত সাপ ওলোৱাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা লগে লগে মুখ্য চৰিত্ৰত অভিনয় কৰা তেজস্বী প্ৰকাশক সজাগ হ’বলৈ আৰু সাৱধানে থাকিবলৈ সকলোৱে পৰামৰ্শ আগবঢ়াইছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ