--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম আনুষ্ঠানিক ৰাজকীয় ভ্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউছত দক্ষিণ এছিয়াৰ কেপেলা গ্ৰুপ পেন মছলাই বিভিন্ন ভাৰতীয় গীতৰ সৈতে জড়িত এক অনুষ্ঠান পৰিৱেশন কৰে। পৰিৱেশন কৰা এটা গীত আছিল ১৯৯৮ চনৰ মণি ৰত্নমৰ ছবি দিল ছে’ৰ শ্বাহৰুখ খানৰ অভিনীত আইকনিক গীত চাইয়া চাইয়া।

মঙলবাৰে টুইটাৰত এটা "আস্ক মি এনিথিং" বাৰ্তালাপৰ সময়ত এছ আৰ কেৰ এজন অনুৰাগীয়ে সেই কথা উল্লেখ কৰি অভিনেতাজনক সুধিলে, “ছাৰ চাইয়া চাইয়াৰ দ্বাৰা আমেৰিকাত মোদী জীক আদৰণি জনাইছিল আপুনি কি ক’ব বিচাৰে এই বিষয়ে?” এই কথাত ছুপাৰষ্টাৰগৰাকীয়ে ক’লে, “মই ইয়াত নাচিবলৈ পোৱাহেঁতেন  ভাল আছিল কিন্তু হোৱাইট হাউছ কৰ্তৃপক্ষই ৰে’ল এখন ভিতৰলৈ সোমাবলৈ নিদিলেহেঁতেন বুলি অনুমান কৰিছোঁ!” উল্লেখযোগ্য যে, গীতটোত এছ আৰ কে, মালাইকা অৰোৰা, আৰু নৃত্যশিল্পীৰ এটা দলে চলন্ত ৰে’লত নাচিছিল আৰু বলীউড পপ সংস্কৃতিৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ হিট্ গান  হিচাপে এতিয়াও প্ৰতিপন্ন হৈয়েই আছে।

ইফালে, অনুৰাগীৰ সৈতে শ্বাহৰুখ খানৰ প্ৰশ্নোত্তৰ শিতান এক বিশেষ মাইলৰ খুঁটি উপলক্ষে অনুষ্ঠিত কৰা হৈছিল কাৰণ ২০২৩ চিনেমাৰ তাৰকা হিচাপে এছ আৰ কেৰ ৩১ বছৰ সম্পূৰ্ণ হৈছে। অভিনেতাগৰাকীৰ প্ৰথম ছবি দীৱানাই ২৫ জুনত মুক্তি পোৱাৰ ৩১ বছৰ সম্পূৰ্ণ কৰিলে আৰু কোৱা বাহুল্য নহ’ব যে অভিনেতাগৰাকীয়ে এতিয়ালৈকে অনুৰাগীৰ পৰা বহু বিপুল সমৰ্থন আৰু মৰম বিগত বৰ্ষসমূহত লাভ কৰিছে যাৰ বাবে তেওঁ আজিও কিং হিচাপে সকলো চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত ৰাজত্ব কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল