--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম আনুষ্ঠানিক ৰাজকীয় ভ্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউছত দক্ষিণ এছিয়াৰ কেপেলা গ্ৰুপ পেন মছলাই বিভিন্ন ভাৰতীয় গীতৰ সৈতে জড়িত এক অনুষ্ঠান পৰিৱেশন কৰে। পৰিৱেশন কৰা এটা গীত আছিল ১৯৯৮ চনৰ মণি ৰত্নমৰ ছবি দিল ছে’ৰ শ্বাহৰুখ খানৰ অভিনীত আইকনিক গীত চাইয়া চাইয়া।

মঙলবাৰে টুইটাৰত এটা "আস্ক মি এনিথিং" বাৰ্তালাপৰ সময়ত এছ আৰ কেৰ এজন অনুৰাগীয়ে সেই কথা উল্লেখ কৰি অভিনেতাজনক সুধিলে, “ছাৰ চাইয়া চাইয়াৰ দ্বাৰা আমেৰিকাত মোদী জীক আদৰণি জনাইছিল আপুনি কি ক’ব বিচাৰে এই বিষয়ে?” এই কথাত ছুপাৰষ্টাৰগৰাকীয়ে ক’লে, “মই ইয়াত নাচিবলৈ পোৱাহেঁতেন  ভাল আছিল কিন্তু হোৱাইট হাউছ কৰ্তৃপক্ষই ৰে’ল এখন ভিতৰলৈ সোমাবলৈ নিদিলেহেঁতেন বুলি অনুমান কৰিছোঁ!” উল্লেখযোগ্য যে, গীতটোত এছ আৰ কে, মালাইকা অৰোৰা, আৰু নৃত্যশিল্পীৰ এটা দলে চলন্ত ৰে’লত নাচিছিল আৰু বলীউড পপ সংস্কৃতিৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ হিট্ গান  হিচাপে এতিয়াও প্ৰতিপন্ন হৈয়েই আছে।

ইফালে, অনুৰাগীৰ সৈতে শ্বাহৰুখ খানৰ প্ৰশ্নোত্তৰ শিতান এক বিশেষ মাইলৰ খুঁটি উপলক্ষে অনুষ্ঠিত কৰা হৈছিল কাৰণ ২০২৩ চিনেমাৰ তাৰকা হিচাপে এছ আৰ কেৰ ৩১ বছৰ সম্পূৰ্ণ হৈছে। অভিনেতাগৰাকীৰ প্ৰথম ছবি দীৱানাই ২৫ জুনত মুক্তি পোৱাৰ ৩১ বছৰ সম্পূৰ্ণ কৰিলে আৰু কোৱা বাহুল্য নহ’ব যে অভিনেতাগৰাকীয়ে এতিয়ালৈকে অনুৰাগীৰ পৰা বহু বিপুল সমৰ্থন আৰু মৰম বিগত বৰ্ষসমূহত লাভ কৰিছে যাৰ বাবে তেওঁ আজিও কিং হিচাপে সকলো চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত ৰাজত্ব কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস