--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৃহৎসংখ্যক গছ কটাটো মানুহক হত্যা কৰাতকৈও গর্হিত কাম। দেশৰ উচ্চতম ন্যায়ালয়ে এই মত ব্যক্ত কৰিছে বুধবাৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এ ওকা আৰু উজ্জ্বল ভূঞাৰে গঠিত এখন বিচাৰপীঠে এই মত ব্যক্ত কৰে। সংৰক্ষিত তাজ ট্রেপেজিয়াম খণ্ডত ৪৫৪ জোপা গছ কাটি পেলোৱা এজন লোকৰ আৱেদন এখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে। 

'পৰিৱেশৰ সুৰক্ষা বিষয়ৰ গোচৰত কোনো ক্ষমা নাই, বৃহৎসংখ্যক গছ কটাটো এজন মানুহক হত্যা কৰাটোতকৈ গর্হিত কাম', বিচাৰপীঠখনে কয়। শীর্ষতম আদালতখনে কয় যে এই কাটি পেলোৱা ৪৫৪ জোপা গছে সৃষ্টি কৰা সেউজীয়া ধৰণী পুনৰ সৃষ্টি কৰিবলৈ কমেও ১০০ বছৰৰ প্ৰয়োজন হ'ব। অবৈধভাৱে এই গছ কটাটো কেতিয়াও গ্রহণযোগ্য নহয় বুলি পীঠখনে মন্তব্য কৰে। উল্লেখযোগ্য যে শিৱশংকৰ আগৰৱাল নামৰ ব্যক্তিজনে মথুৰা-বৃন্দাবনত ৪৫৪ জোপা গছ কাটিছিল আৰু ইয়াৰ বাবে অভিযুক্ত আগৰৱালক কেন্দ্ৰীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রতিজোপা গছৰ বাবত ১ লাখ টকাকৈ জৰিমনা বিহাৰ বাবে অনুমোদন জনাইছিল। 

জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহটাগীয়ে আগৰৱালৰ হৈ উচ্চতম ন্যায়ালয়ত অৱগত কৰে যে আগৰৱালে তেওঁৰ ভুল মানি লৈছে আৰু ইয়াৰ বাবে তেওঁৰ জৰিমনাৰ ধন হ্রাস কৰিব লাগে। শীর্ষতম আদালতখনে অভিযুক্ত আগৰৱালৰ আৱেদন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে আগৰৱালে গছ কটা ওচৰৰ ঠাইসমূহত পুনৰ গছ ৰোপণ কৰিব লাগিব। এই আদেশ পালনৰ পাছতহে তেওঁৰ বিৰুদ্ধে থকা গোচৰ প্রত্যাহাৰ কৰা হ'ব বুলি বিচাৰপীঠখনে আদেশ দিয়ে। বিচাৰপীঠখনে কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে জৰিমনাৰ ক্ষেত্ৰত আগবঢ়োৱা অনুমোদনক গ্ৰহণ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা